--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময়ত এনে লাগিছিল যেন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আফগানিস্তানৰ জয় সহজ। বিশ্বকাপত দেখা যাবলৈ গৈ আছে আন এক আজৱ ঘটনা। কিন্তু গ্লেন মেক্সৱেলে এইদৰে চিত্ৰনাট্য সলনি কৰিব বুলি কোনেও কল্পনা কৰিব নোৱাৰিলেহেঁতেন। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰৰ অপৰাজিত ইনিংছত ১২৮ বলত ২০১ ৰান সংগ্ৰহ কৰি আফগানিস্তানক পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেল নিশ্চিত কৰে। চতুৰ্থ স্থানৰ বাবে এতিয়া যুঁজিব নিউজিলেণ্ড, পাকিস্তান আৰু আফগানিস্তানে। নিউজিলেণ্ড আটাইতকৈ সহজ স্থানত আছে।

এই মুহূৰ্তত অষ্ট্ৰেলিয়াই ৮খন মেচত ১২ পইণ্ট লাভ কৰিছে। দক্ষিণ আফ্ৰিকাইও একেসংখ্যক খেলতে ১২ পইণ্ট লাভ কৰিছে। কিন্তু ৰান ৰেটৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া তৃতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ ৰান ৰেট ১.৩৭৬। অষ্ট্ৰেলিয়াৰ ০.৮৬১। দুয়োটা দলৰ মাজত এখন মেচ বাকী আছে। আফগানিস্তানৰ বিৰুদ্ধে খেলিব প্ৰটিয়াছে। অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বী বাংলাদেশ। যিয়েই নহওক, এই দুটা দলে শীৰ্ষ ৰেংকিঙৰ ভাৰতক স্পৰ্শ কৰিব নোৱাৰিব। আকৌ এই দুটা দলক আন কোনো দেশে পৰাস্ত কৰিব নোৱাৰে। ফলত পৰৱৰ্তী মেচত দুয়োটা দলৰ বাবে দ্বিতীয় স্থানৰ বাবে যুঁজ হ’ব।

বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে তিনিটা দলে যোগ্যতা অৰ্জন কৰি মাত্ৰ এটা স্থান বাকী থাকে। অহা কেইদিনমানৰ ভিতৰত সেই এটা স্থানৰ বাবে নিউজিলেণ্ড, পাকিস্তান আৰু আফগানিস্তানে যুঁজিব। এই তিনিটা দলে ৮খন খেল খেলি ৮ পইণ্ট লাভ কৰে। ৰান ৰেটৰ ক্ষেত্ৰত এতিয়া চতুৰ্থ স্থানত আছে কিউই। পাকিস্তান ৫ আৰু আফগানিস্তান ছয়। শ্ৰীলংকাৰ বিৰুদ্ধে অন্তিমখন খেল খেলিব কিউইয়ে। সেই মেচখন ৯ নৱেম্বৰত। পিছদিনা আফগানিস্তানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। পাকিস্তানে এই দুটা দলক তললৈ নমাব পাৰে। ইংলেণ্ডৰ বিৰুদ্ধে তেওঁলোকৰ মেচ ১১ নৱেম্বৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক