--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময়ত এনে লাগিছিল যেন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আফগানিস্তানৰ জয় সহজ। বিশ্বকাপত দেখা যাবলৈ গৈ আছে আন এক আজৱ ঘটনা। কিন্তু গ্লেন মেক্সৱেলে এইদৰে চিত্ৰনাট্য সলনি কৰিব বুলি কোনেও কল্পনা কৰিব নোৱাৰিলেহেঁতেন। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰৰ অপৰাজিত ইনিংছত ১২৮ বলত ২০১ ৰান সংগ্ৰহ কৰি আফগানিস্তানক পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেল নিশ্চিত কৰে। চতুৰ্থ স্থানৰ বাবে এতিয়া যুঁজিব নিউজিলেণ্ড, পাকিস্তান আৰু আফগানিস্তানে। নিউজিলেণ্ড আটাইতকৈ সহজ স্থানত আছে।

এই মুহূৰ্তত অষ্ট্ৰেলিয়াই ৮খন মেচত ১২ পইণ্ট লাভ কৰিছে। দক্ষিণ আফ্ৰিকাইও একেসংখ্যক খেলতে ১২ পইণ্ট লাভ কৰিছে। কিন্তু ৰান ৰেটৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া তৃতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ ৰান ৰেট ১.৩৭৬। অষ্ট্ৰেলিয়াৰ ০.৮৬১। দুয়োটা দলৰ মাজত এখন মেচ বাকী আছে। আফগানিস্তানৰ বিৰুদ্ধে খেলিব প্ৰটিয়াছে। অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বী বাংলাদেশ। যিয়েই নহওক, এই দুটা দলে শীৰ্ষ ৰেংকিঙৰ ভাৰতক স্পৰ্শ কৰিব নোৱাৰিব। আকৌ এই দুটা দলক আন কোনো দেশে পৰাস্ত কৰিব নোৱাৰে। ফলত পৰৱৰ্তী মেচত দুয়োটা দলৰ বাবে দ্বিতীয় স্থানৰ বাবে যুঁজ হ’ব।

বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে তিনিটা দলে যোগ্যতা অৰ্জন কৰি মাত্ৰ এটা স্থান বাকী থাকে। অহা কেইদিনমানৰ ভিতৰত সেই এটা স্থানৰ বাবে নিউজিলেণ্ড, পাকিস্তান আৰু আফগানিস্তানে যুঁজিব। এই তিনিটা দলে ৮খন খেল খেলি ৮ পইণ্ট লাভ কৰে। ৰান ৰেটৰ ক্ষেত্ৰত এতিয়া চতুৰ্থ স্থানত আছে কিউই। পাকিস্তান ৫ আৰু আফগানিস্তান ছয়। শ্ৰীলংকাৰ বিৰুদ্ধে অন্তিমখন খেল খেলিব কিউইয়ে। সেই মেচখন ৯ নৱেম্বৰত। পিছদিনা আফগানিস্তানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। পাকিস্তানে এই দুটা দলক তললৈ নমাব পাৰে। ইংলেণ্ডৰ বিৰুদ্ধে তেওঁলোকৰ মেচ ১১ নৱেম্বৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক