--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্লেন মেক্সৱেলৰ হাতত পৰাস্ত হয় আফগানিস্তান। যদিও ক্ৰিকেট দলীয় খেল, ব্যক্তিগত দক্ষতাই মঙলবাৰে দলটোক অতিক্ৰম কৰিলে। ২০১ ৰানত অপৰাজিত হৈ থাকে তেওঁ। সেই ইনিংছত মেক্সৱেলে পাঁচটা ৰেকৰ্ড কৰিছিল।

এদিনীয়া ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা ১১ সংখ্যক বেটছমেন হিচাপে পৰিগণিত হয় মেক্সৱেল। কিন্তু পূৰ্বৰ ১০টা আছিল অ’পেনাৰৰ, যি আৰম্ভণিৰে পৰা ২০০ ৰান সংগ্ৰহ কৰে। কিন্তু মঙলবাৰে মেক্সৱেলে ছয় নম্বৰত বেটিং কৰিবলৈ আহিছিল। অষ্ট্ৰেলিয়াৰ বেটছমেনগৰাকীয়ে দেখুৱাই দিলে যে তেওঁ যিকোনো স্থানতে ডাবল শতক অৰ্জন কৰিব পাৰে। মেক্সৱেলে অ’পেনাৰ নহৈ এদিনীয়াত দ্বিশতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।

এদিনীয়া ক্ৰিকেটত পূৰ্বৰ সকলো দ্বৈত শতক প্ৰথম ইনিংছত কৰা হৈছিল। ৰান খেদি যোৱাৰ হেঁচাত এইবাৰ প্ৰথমবাৰৰ বাবে বেটছমেনে দ্বৈত শতক অৰ্জন কৰিছে। প্ৰথমে বেটিং কৰিলে চাপ কম হয়। মঙলবাৰে যেতিয়া মেক্সৱেলে বেটিং কৰিবলৈ ওলাই আহিছিল তেতিয়া তেওঁৰ দলে ৪৯ ৰানত ৪ ৰান কৰিছিল। অতি কম সময়ৰ ভিতৰতে ৯১ ৰানত ৭টা উইকেট গ’ল। সেই চাপৰ কথা মনত ৰাখিয়েই মেক্সৱেলে দলটোক বিজয়ী কৰিছিল।

ইয়াৰ পূৰ্বেও এদিনীয়া বিশ্বকাপৰ খেলত দ্বৈত শতক হৈছিল। ২০১৫ চনৰ বিশ্বকাপত জিম্বাবুৱেৰ বিৰুদ্ধে ক্ৰীছ গেলে (২১৯) আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মাৰ্টিন গুপটিলে (২৩৭) এই দ্বিশতক অৰ্জন কৰিছিল। কিন্তু মেক্সৱেলৰটো হৈছে আটাইতকৈ দ্ৰুত। তেওঁ ১২৮টা বলত ডাবল শতক অৰ্জন কৰে।

ইংলেণ্ডৰ এণ্ড্ৰু ষ্ট্ৰাউছৰ অভিলেখ ভংগ কৰিলে মেক্সৱেলে। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বিশ্বকাপত সৰ্বাধিক ৰান চেজ কৰিছিল। ২০১১ চনৰ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে ৰান খেদি থাকোঁতে ষ্ট্ৰাউছে ১৫৮ ৰান সংগ্ৰহ কৰিছিল। সেই অভিলেখ মঙলবাৰে ভংগ হৈছিল। মেক্সৱেলৰ ২০১ ৰান এতিয়া বিশ্বকাপৰ শ্ৰেষ্ঠ ৰান চেজ।

কপিল দেৱৰ অভিলেখ ভংগ কৰিলে মেক্সৱেলে। ১৯৮৩ চনৰ বিশ্বকাপত কপিলে ছয় নম্বৰত বেটিং কৰিবলৈ আহিছিল। সেই মেচত ভাৰতীয় অধিনায়কগৰাকীয়ে ১৭৫ ৰান সংগ্ৰহ কৰিছিল। ছয় নম্বৰত বেটিং কৰি সেইটোৱেই আছিল বিশ্বকাপৰ সৰ্বোচ্চ ৰান। মেক্সৱেলে সেই অভিলেখ ভংগ কৰিলে। তেওঁৰ ২০১ ৰানৰ ইনিংছ এতিয়া বিশ্বকাপত ছয় নম্বৰত বেটিং কৰি সৰ্বাধিক ৰান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক