--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰই জাৰি কৰা বহু  নিৰ্দেশনা স্বত্বেও দেশত অনাময় কৰ্মীৰ মৃত্যু অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত এটা শৌচাগাৰৰ টেংকি পৰিষ্কাৰ কৰিবলৈ গৈ  চাৰিজন অনাময় কৰ্মীৰ কৰুণ মৃত্যু ঘটিছে।   চুৰাটৰ পলচানা-কাটোদ্ৰা পথৰ ওচৰৰ এটা কাৰখানাৰ শৌচাগাৰৰ টেংকি  পৰিষ্কাৰ কৰিবলৈ গৈ  শ্বাসৰুদ্ধ হৈ অনাময় কৰ্মীকেইগৰাকীৰ  মৃত্যু ঘটে। 

আৰক্ষীয়ে জনোৱা অনুসৰি  কাৰখানাৰ চেপ্টিক টেংক পৰিষ্কাৰ কৰোঁতে দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰথম দুজন শ্ৰমিকে বিষাক্ত গেছৰ বাবে জ্ঞান হেৰুৱাইছিল। আন দুজন শ্ৰমিকে তেওঁলোকক উদ্ধাৰ কৰিবলৈ তললৈ নামি যোৱাৰ ফলত তেওঁলোকো অসুস্থ হৈ পৰে। উপস্থিত লোকসকলে কেনেবাকৈ চাৰিওজনক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰে। অৱশ্যে, চিকিৎসকে  শ্ৰমিক কেইজনৰ  ইতিমধ্যে মৃত্যু ঘটা বুলি প্ৰকাশ কৰে। মৃত শ্ৰমিক চাৰিজন বিহাৰৰ বাসিন্দা আছিল বুলি  স্থানীয় আৰক্ষী থানাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। 

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে পূৰ্বে  মানুহৰ দ্বাৰা চেপ্টিক টেংক চাফা কৰাটো  বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল।তথাপিও এতিয়াও  সমগ্ৰ দেশতে মানুহেই শৌচাগাৰৰ চেংকি চাফা কৰি আহিছে।  চুৰাটৰ ঘটনাটো এটা শেহতীয়া উদাহৰণ। ২০২২ চনৰ জুলাই মাহত সংসদত দাখিল কৰা কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি যোৱা পাঁচ বছৰত বিপজ্জনকভাৱে কাম কৰি থকা অৱস্থাত ৩৪৭ জন অনাময় কৰ্মীৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশ, তামিলনাডু আৰু দিল্লীত ৪০ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছে। এনে পৰিস্থিতিত শ্ৰমিকৰ মৃত্যু ঘটিলে  উচ্চতম  ন্যায়ালয়ে এক বৃহৎ পৰিমাণৰ আৰ্থিক ক্ষতিপূৰণৰ প্ৰদান কৰাৰো নিৰ্দেশ দিছে।

অক্টোবৰ মাহত প্ৰদান কৰা  নিৰ্দেশত কোৱা হৈছিল যে এজন অনাময় কৰ্মীৰ মৃত্যুৰ ক্ষেত্ৰত চৰকাৰে ৩০ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিব লাগিব। চৰকাৰে তেওঁক বা তেওঁৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব যদি তেওঁ নলা আৰু মেনহোলত কাম কৰোঁতে কোনো শাৰীৰিক ক্ষতিৰ সন্মুখীন হয়।  যদি এজন শ্ৰমিকে সামান্য শাৰীৰিক ক্ষতিৰ সন্মুখীন হয় তেন্তে চৰকাৰে ক্ষতিপূৰণৰ হিচাবে ১০ লাখ টকা দিব লাগিব। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক