--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰই জাৰি কৰা বহু  নিৰ্দেশনা স্বত্বেও দেশত অনাময় কৰ্মীৰ মৃত্যু অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত এটা শৌচাগাৰৰ টেংকি পৰিষ্কাৰ কৰিবলৈ গৈ  চাৰিজন অনাময় কৰ্মীৰ কৰুণ মৃত্যু ঘটিছে।   চুৰাটৰ পলচানা-কাটোদ্ৰা পথৰ ওচৰৰ এটা কাৰখানাৰ শৌচাগাৰৰ টেংকি  পৰিষ্কাৰ কৰিবলৈ গৈ  শ্বাসৰুদ্ধ হৈ অনাময় কৰ্মীকেইগৰাকীৰ  মৃত্যু ঘটে। 

আৰক্ষীয়ে জনোৱা অনুসৰি  কাৰখানাৰ চেপ্টিক টেংক পৰিষ্কাৰ কৰোঁতে দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰথম দুজন শ্ৰমিকে বিষাক্ত গেছৰ বাবে জ্ঞান হেৰুৱাইছিল। আন দুজন শ্ৰমিকে তেওঁলোকক উদ্ধাৰ কৰিবলৈ তললৈ নামি যোৱাৰ ফলত তেওঁলোকো অসুস্থ হৈ পৰে। উপস্থিত লোকসকলে কেনেবাকৈ চাৰিওজনক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰে। অৱশ্যে, চিকিৎসকে  শ্ৰমিক কেইজনৰ  ইতিমধ্যে মৃত্যু ঘটা বুলি প্ৰকাশ কৰে। মৃত শ্ৰমিক চাৰিজন বিহাৰৰ বাসিন্দা আছিল বুলি  স্থানীয় আৰক্ষী থানাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। 

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে পূৰ্বে  মানুহৰ দ্বাৰা চেপ্টিক টেংক চাফা কৰাটো  বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল।তথাপিও এতিয়াও  সমগ্ৰ দেশতে মানুহেই শৌচাগাৰৰ চেংকি চাফা কৰি আহিছে।  চুৰাটৰ ঘটনাটো এটা শেহতীয়া উদাহৰণ। ২০২২ চনৰ জুলাই মাহত সংসদত দাখিল কৰা কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি যোৱা পাঁচ বছৰত বিপজ্জনকভাৱে কাম কৰি থকা অৱস্থাত ৩৪৭ জন অনাময় কৰ্মীৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশ, তামিলনাডু আৰু দিল্লীত ৪০ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছে। এনে পৰিস্থিতিত শ্ৰমিকৰ মৃত্যু ঘটিলে  উচ্চতম  ন্যায়ালয়ে এক বৃহৎ পৰিমাণৰ আৰ্থিক ক্ষতিপূৰণৰ প্ৰদান কৰাৰো নিৰ্দেশ দিছে।

অক্টোবৰ মাহত প্ৰদান কৰা  নিৰ্দেশত কোৱা হৈছিল যে এজন অনাময় কৰ্মীৰ মৃত্যুৰ ক্ষেত্ৰত চৰকাৰে ৩০ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিব লাগিব। চৰকাৰে তেওঁক বা তেওঁৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব যদি তেওঁ নলা আৰু মেনহোলত কাম কৰোঁতে কোনো শাৰীৰিক ক্ষতিৰ সন্মুখীন হয়।  যদি এজন শ্ৰমিকে সামান্য শাৰীৰিক ক্ষতিৰ সন্মুখীন হয় তেন্তে চৰকাৰে ক্ষতিপূৰণৰ হিচাবে ১০ লাখ টকা দিব লাগিব। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক