--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ টছত পৰাজিত হ’লে  মেচ জিকে । বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলৰ  ইতিহাসত এইকথা বহুবাৰ প্ৰমাণ হৈছে। ভাৰতে ইয়াৰ আগতে তিনিবাৰ বিশ্বকাপৰ ফাইনেল খেলিছিল। তেওঁলোকে দুবাৰ টছত হাৰিছিল। টীম ইণ্ডিয়াই দুবাৰকৈ বিশ্ব চেম্পিয়ন হৈছে। এবাৰ ভাৰতীয় অধিনায়কে টছত জয়ী হোৱাৰ পিছতটীম ইণ্ডিয়া ফাইনেলত পৰাজিত হৈছিল। কেৱল সেয়াই নহয়, যোৱা ছয়খন বিশ্বকাপত টছত পৰাজিত হোৱা সকলে পাঁচবাৰ কৈ বিজয়ী হৈছে। 

ভাৰত ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল। ফাইনেলত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টছত পৰাজিত হৈছিল। কেৰিবিয়ান অধিনায়ক ছাৰ ক্লাইভ লইডে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। খেলখনৰ ফলাফল আছিল ভাৰতৰ বিজয়।
২০০৩ চনত ভাৰতৰ অধিনায়ক সৌৰভ গাংগুলীয়ে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। দুৰ্ভাগ্যবশতঃ টীম ইণ্ডিয়া সে্ইবাৰ  অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১২৫ ৰাণত পৰাজিত হৈছিল।

ভাৰতে ২০১১ চনত পুনৰ ফাইনেলত উপনীত হৈছিল। এইবাৰ ৱানখেডেত,  অধিনায়কদ্বয়ৰ মাজত হোৱা ভুল বুজাবুজিৰ বাবে টছ দুবাৰ অনুষ্ঠিত হৈছিল। শ্ৰীলংকাই দুয়োবাৰ টছত জয়ী হৈছিল। ফলাফলটো আছিল  এম এছ ধোনীৰ নেতৃত্বত টীম ইণ্ডিয়াই দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জিকিছিল।
এক দশকৰ পিছত ২০২৩  চনৰ ফাইনেলতো টছ গুৰুত্বপূৰ্ণ হৈ পৰিছে। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই টছত পৰাজিত হৈ বেটিঙত নামিছে। আজিও  ১৯৮৩ আৰু ২০১১ ৰ পুনৰাবৃত্তি হ’ব নেকি? গোটেই দেশে সেই প্ৰশ্নৰ উত্তৰ পাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক