--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ টছত পৰাজিত হ’লে  মেচ জিকে । বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলৰ  ইতিহাসত এইকথা বহুবাৰ প্ৰমাণ হৈছে। ভাৰতে ইয়াৰ আগতে তিনিবাৰ বিশ্বকাপৰ ফাইনেল খেলিছিল। তেওঁলোকে দুবাৰ টছত হাৰিছিল। টীম ইণ্ডিয়াই দুবাৰকৈ বিশ্ব চেম্পিয়ন হৈছে। এবাৰ ভাৰতীয় অধিনায়কে টছত জয়ী হোৱাৰ পিছতটীম ইণ্ডিয়া ফাইনেলত পৰাজিত হৈছিল। কেৱল সেয়াই নহয়, যোৱা ছয়খন বিশ্বকাপত টছত পৰাজিত হোৱা সকলে পাঁচবাৰ কৈ বিজয়ী হৈছে। 

ভাৰত ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল। ফাইনেলত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টছত পৰাজিত হৈছিল। কেৰিবিয়ান অধিনায়ক ছাৰ ক্লাইভ লইডে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। খেলখনৰ ফলাফল আছিল ভাৰতৰ বিজয়।
২০০৩ চনত ভাৰতৰ অধিনায়ক সৌৰভ গাংগুলীয়ে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। দুৰ্ভাগ্যবশতঃ টীম ইণ্ডিয়া সে্ইবাৰ  অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১২৫ ৰাণত পৰাজিত হৈছিল।

ভাৰতে ২০১১ চনত পুনৰ ফাইনেলত উপনীত হৈছিল। এইবাৰ ৱানখেডেত,  অধিনায়কদ্বয়ৰ মাজত হোৱা ভুল বুজাবুজিৰ বাবে টছ দুবাৰ অনুষ্ঠিত হৈছিল। শ্ৰীলংকাই দুয়োবাৰ টছত জয়ী হৈছিল। ফলাফলটো আছিল  এম এছ ধোনীৰ নেতৃত্বত টীম ইণ্ডিয়াই দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জিকিছিল।
এক দশকৰ পিছত ২০২৩  চনৰ ফাইনেলতো টছ গুৰুত্বপূৰ্ণ হৈ পৰিছে। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই টছত পৰাজিত হৈ বেটিঙত নামিছে। আজিও  ১৯৮৩ আৰু ২০১১ ৰ পুনৰাবৃত্তি হ’ব নেকি? গোটেই দেশে সেই প্ৰশ্নৰ উত্তৰ পাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক