--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ভাৰতৰ পৰাজয় সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি ল’লে  এজন যুৱকে।ভাৰত জিকিব বুলি যুৱক জনে  বহু সপোন দেখিছিল, কিন্তু  সপোনটো তেওঁৰ পূৰণ নহ’ল।  আইচিচি বিশ্বকাপ ২০২৩ ৰ ফাইনেলত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ হাতত শোচনীয় পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।  

দেওবাৰে নিশা সমগ্ৰ ভাৰতে এই সপোনৰ বেদনা সহ্য কৰিবলগীয়া হৈছিল। বেদনা এতিয়াও শাম কটা নাইষ।  বাংকুৰাৰ এজন ক্ৰিকেট অনুৰাগী ৰাহুল লোহাৰে সেই বেদনা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি হৈছে। খবৰ অনুসৰি তেওঁ চিপ লৈ  আত্মহত্যা কৰিছে।  আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।

৩৩ বছৰীয়া ৰাহুল লোহাৰ বাংকুৰা জিলাৰ বেলিয়াটৰৰ বাসিন্দা আছিল।  তেওঁ বিশ্বকাপত ভাৰতৰ সকলো খেলেই চাইছিল। ভাৰত  ফাইনেলত উপনীত হোৱাৰ লগে লগে ৰাহুল অতিশয় আনন্দিত হৈ পৰিছিল।  দেওবাৰে, তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে স্থানীয় অঞ্চলৰ এটা হলত বিশাল পৰ্দাত খেল চাইছিল।  ভাৰতৰ পৰাজয়ৰ পিছত ৰাহুলে অৱশেষত ভগ্ন হৃদয়েৰে ঘৰলৈ উভতি আহিছিল। তাৰ পিছতেই তেওঁ আত্মহত্যাৰ পথ বাচি লয়। 

পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি  ৰাহুলে দেওবাৰে নিশা খেল চাই ঘৰলৈ উভতি আহিছিল। সেই সময়ত ঘৰত কোনো নাছিল। ঘৰত কোনো নথকাৰ সুবিধা লৈ তেওঁ আত্মহত্যা কৰে।  বন্ধুবৰ্গৰ মতে, ক্ৰিকেটক লৈ গোটেই দিনটো ব্যস্ত থকা ৰাহুলে ভাৰতৰ পৰাজয় স্বীকাৰ কৰিব নোৱাৰিলে। সেই হতাশাৰ বাবেই তেওঁ আত্মহত্যা কৰিছে। অৱশ্যে, আত্মহত্যাৰ আঁৰত আন কোনো কাৰণ আছে নেকি জানিবলৈ আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক