--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ভাৰতৰ পৰাজয় সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি ল’লে  এজন যুৱকে।ভাৰত জিকিব বুলি যুৱক জনে  বহু সপোন দেখিছিল, কিন্তু  সপোনটো তেওঁৰ পূৰণ নহ’ল।  আইচিচি বিশ্বকাপ ২০২৩ ৰ ফাইনেলত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ হাতত শোচনীয় পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।  

দেওবাৰে নিশা সমগ্ৰ ভাৰতে এই সপোনৰ বেদনা সহ্য কৰিবলগীয়া হৈছিল। বেদনা এতিয়াও শাম কটা নাইষ।  বাংকুৰাৰ এজন ক্ৰিকেট অনুৰাগী ৰাহুল লোহাৰে সেই বেদনা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি হৈছে। খবৰ অনুসৰি তেওঁ চিপ লৈ  আত্মহত্যা কৰিছে।  আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।

৩৩ বছৰীয়া ৰাহুল লোহাৰ বাংকুৰা জিলাৰ বেলিয়াটৰৰ বাসিন্দা আছিল।  তেওঁ বিশ্বকাপত ভাৰতৰ সকলো খেলেই চাইছিল। ভাৰত  ফাইনেলত উপনীত হোৱাৰ লগে লগে ৰাহুল অতিশয় আনন্দিত হৈ পৰিছিল।  দেওবাৰে, তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে স্থানীয় অঞ্চলৰ এটা হলত বিশাল পৰ্দাত খেল চাইছিল।  ভাৰতৰ পৰাজয়ৰ পিছত ৰাহুলে অৱশেষত ভগ্ন হৃদয়েৰে ঘৰলৈ উভতি আহিছিল। তাৰ পিছতেই তেওঁ আত্মহত্যাৰ পথ বাচি লয়। 

পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি  ৰাহুলে দেওবাৰে নিশা খেল চাই ঘৰলৈ উভতি আহিছিল। সেই সময়ত ঘৰত কোনো নাছিল। ঘৰত কোনো নথকাৰ সুবিধা লৈ তেওঁ আত্মহত্যা কৰে।  বন্ধুবৰ্গৰ মতে, ক্ৰিকেটক লৈ গোটেই দিনটো ব্যস্ত থকা ৰাহুলে ভাৰতৰ পৰাজয় স্বীকাৰ কৰিব নোৱাৰিলে। সেই হতাশাৰ বাবেই তেওঁ আত্মহত্যা কৰিছে। অৱশ্যে, আত্মহত্যাৰ আঁৰত আন কোনো কাৰণ আছে নেকি জানিবলৈ আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান