--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰই অনা তিনিখন  নতুন অপৰাধী আইনৰ ক্ষেত্ৰত ইংৰাজীৰ পৰিৱৰ্তে হিন্দী নাম ব্যৱহাৰ কৰাত কোনো আপত্তি নাই। গৃহ পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় সমিতিয়ে ভাৰতীয় ন্যায় বিধি, ভাৰতীয় নাগৰিক সুৰক্ষা বিধি আৰু ভাৰতীয় প্ৰমাণ আইনৰ নাম হিন্দীতে উল্লেখ কৰাৰ বিষয়ত  অনুমোদন জনাইছে। 

বিজেপি সাংসদ ব্ৰিজলালৰ নেতৃত্বত গঠিত   সংসদীয় সমিতিয়ে কৈছে যে গৃহ মন্ত্ৰালয়ে প্ৰস্তুত কৰা তিনিখন নতুন আইনৰ নাম হিন্দীত দিয়া হ'ব । কিন্তু সেই নাম ইংৰাজী লিপিত লিখা হ'ব। গতিকে সেই  নামবোৰ অসাংবিধানিক বুলি গণ্য কৰিব পৰা নাযাব। 

কেন্দ্ৰই ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ১২৪(ক) সংশোধন কৰাৰ সিদ্ধান্ত লৈছে। লোকসভাত তিনিখন  আইন - ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি (চিআৰপিচি) আৰু ভাৰতীয় প্ৰমাণ আইন সলনি কৰাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে। ১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধি ভাৰতীয় ন্যায় সংহিতা হিচাবে পৰিচিত হ’ব।

  চিআৰপিচিৰ নাম সলনি হৈ হ’ব  নাগৰিক সুৰক্ষা সংহিতা, এভিডেন্স এক্টৰ নাম সলনি হৈ হ’ব ভাৰতীয় সাক্ষ্য আইন।বিৰোধীয়ে কেন্দ্ৰই  এই আইনসমূহৰ নাম  হিন্দীত দিয়াৰ  বিষয়ত আপত্তি কৰি আহিছে। কংগ্ৰেছ আৰু ডিএমকেয়ে প্ৰশ্ন কৰিছে যে সংবিধানৰ ৩৪৮ নং অনুচ্ছেদত কোৱা হৈছে যে ইংৰাজীক আদালতৰ কাৰ্য্যক্ৰম বা আইনত ভাষা হিচাপে ব্যৱহাৰ কৰিব লাগে। তেন্তে এই নতুন আইনবোৰত হিন্দী নাম কিয় ব্যৱহাৰ কৰা হৈছে?
বিৰোধীয়ে গৃহ পৰিক্ৰমা সংসদীয় সমিতিতো প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে, শেষত, সংসদীয় সমিতিয়ে তিনিওখন আইনৰ নাম হিন্দীতে কৰাৰ সিদ্ধান্ত লয়।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক