--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালি সমাপ্ত হ’ল এদিনীয়া বিশ্বকাপ৷আইচিচিৰ এই ইভেণ্টত অষ্ট্ৰেলিয়াই বিজয়ৰ শেষ হাঁহি মাৰে৷বৰ্তমান ভাৰতত থকা অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে সোমবাৰে (২০ নৱেম্বৰ) দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়াম কমপ্লেক্সত যুৱ ক্ৰিকেটাৰসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ‘গলী’ ক্ৰিকেট খেলে৷ এই সময়ত অষ্ট্ৰেলিয়াৰ নেতাগৰাকীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীক শ্ৰদ্ধাঞ্জলি জনায়।


ৰিচাৰ্ড মাৰ্লেছে অৰুণ জেটলী ষ্টেডিয়ামত উপস্থিত হৈ ষ্ট্ৰীট ফুডৰ সোৱাদ লয় আৰু ডিজিটেল পেমেণ্ট ইন্টাৰফেচ (ইউপিআই)ৰ জৰিয়তেও পেমেণ্ট কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰীয়ে বৈদেশিক মন্ত্ৰী পেনি ৱঙৰ সৈতে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


সংবাদ সংস্থা এ এন আইৰ মতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লছ আৰু বৈদেশিক মন্ত্ৰী পেনি ৱঙৰ সৈতে দুখন প্ৰতিৰক্ষা আৰু বৈদেশিক আলোচনাত মিলিত হ’ব।


ইয়াৰ পূৰ্বে ৰিচাৰ্ড মাৰ্লেছে কৈছিল যে ভাৰত অষ্ট্ৰেলিয়াৰ বাবে শীৰ্ষ স্তৰৰ নিৰাপত্তা অংশীদাৰ আৰু আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক প্ৰত্যক্ষভাৱে লাভৱান কৰে৷ইফালে বৈদেশিক মন্ত্ৰী ৱঙে কয় যে ভাৰত মহাসাগৰ, দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সুবিধাৰ্থে অষ্ট্ৰেলিয়াই ভাৰতৰ সৈতে অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব বিচাৰে।


উল্লেখযোগ্য যে সোমবাৰে (২০ নৱেম্বৰ) ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ২ + ২ মন্ত্ৰী আলোচনা অনুষ্ঠিত হ’ব। ইয়াৰ সময়ত দুয়োখন দেশৰ মাজত কৌশলগত, প্ৰতিৰক্ষা আৰু নিৰাপত্তা বিষয়ক বিতংভাৱে আলোচনা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ