--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালি সমাপ্ত হ’ল এদিনীয়া বিশ্বকাপ৷আইচিচিৰ এই ইভেণ্টত অষ্ট্ৰেলিয়াই বিজয়ৰ শেষ হাঁহি মাৰে৷বৰ্তমান ভাৰতত থকা অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে সোমবাৰে (২০ নৱেম্বৰ) দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়াম কমপ্লেক্সত যুৱ ক্ৰিকেটাৰসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ‘গলী’ ক্ৰিকেট খেলে৷ এই সময়ত অষ্ট্ৰেলিয়াৰ নেতাগৰাকীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীক শ্ৰদ্ধাঞ্জলি জনায়।


ৰিচাৰ্ড মাৰ্লেছে অৰুণ জেটলী ষ্টেডিয়ামত উপস্থিত হৈ ষ্ট্ৰীট ফুডৰ সোৱাদ লয় আৰু ডিজিটেল পেমেণ্ট ইন্টাৰফেচ (ইউপিআই)ৰ জৰিয়তেও পেমেণ্ট কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰীয়ে বৈদেশিক মন্ত্ৰী পেনি ৱঙৰ সৈতে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


সংবাদ সংস্থা এ এন আইৰ মতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লছ আৰু বৈদেশিক মন্ত্ৰী পেনি ৱঙৰ সৈতে দুখন প্ৰতিৰক্ষা আৰু বৈদেশিক আলোচনাত মিলিত হ’ব।


ইয়াৰ পূৰ্বে ৰিচাৰ্ড মাৰ্লেছে কৈছিল যে ভাৰত অষ্ট্ৰেলিয়াৰ বাবে শীৰ্ষ স্তৰৰ নিৰাপত্তা অংশীদাৰ আৰু আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক প্ৰত্যক্ষভাৱে লাভৱান কৰে৷ইফালে বৈদেশিক মন্ত্ৰী ৱঙে কয় যে ভাৰত মহাসাগৰ, দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সুবিধাৰ্থে অষ্ট্ৰেলিয়াই ভাৰতৰ সৈতে অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব বিচাৰে।


উল্লেখযোগ্য যে সোমবাৰে (২০ নৱেম্বৰ) ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ২ + ২ মন্ত্ৰী আলোচনা অনুষ্ঠিত হ’ব। ইয়াৰ সময়ত দুয়োখন দেশৰ মাজত কৌশলগত, প্ৰতিৰক্ষা আৰু নিৰাপত্তা বিষয়ক বিতংভাৱে আলোচনা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?