--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। প্ৰথমখন মেচ খেলাৰ পূৰ্বে ৰোহিত শৰ্মাৰ দলটো বিপদত পৰিছে। ডেংগু ৰোগত আক্ৰান্ত হৈছে অ’পেনিং বেটছমেন শ্বুবমান গিল। কেনে হ’ব ভাৰতৰ সম্ভাব্য একাদশ?

সম্ভাৱ্য তালিকাত প্ৰথম স্থানত আছে অধিনায়ক ৰোহিত শৰ্মাৰ নাম। শুবমানৰ অনুপস্থিতিত ঈশান কিষাণ বা লোকেশ ৰাহুলৰ কোনোবা এজনে তেওঁৰ সৈতে খুলিব পাৰে। ঈশানৰ সম্ভাৱনা বেছি। তিনি নম্বৰ স্থানত আহিব বিৰাট কোহলী। বেটিং অৰ্ডাৰত এই ঠাইখনৰ কথা চিন্তা কৰাৰ কোনো স্থান নাই। শ্ৰেয়াছ আয়েৰে চাৰি নম্বৰত বেটিং কৰিব পাৰে। ৰাহুলে পাঁচ নম্বৰলৈ নামিব পাৰে।

তাৰ পিছত আহিব সূৰ্যকুমাৰ যাদৱ। ঈশান হ’ব ছয় নম্বৰ। ইয়াৰ পিছত আহিব দুজন অল-ৰাউণ্ডাৰ। ভাইচ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই বেটিং ক্ৰমত সাত নম্বৰলৈ নামিব পাৰে। অষ্টম স্থানত আহিব ৰবীন্দ্ৰ জাডেজা।

কিন্তু বৃহস্পতিবাৰে অনুশীলনত বেটিং কৰি থকা অৱস্থাত হাৰ্দিকে আঙুলিত আঘাত কৰে। সাৱধানতা স্বৰূপে তেওঁক বেটিং কৰিবলৈ দিয়া নহ’ল। আঙুলিতো বৰ বেছি বিষ নাই। বলৰ লগত তেওঁৰ কোনো সমস্যা নাই। দেওবাৰে তেওঁ খেলাৰ সম্ভাৱনা আছে। হাৰ্দিক যদি নাথাকে, তেন্তে ৰবিচন্দ্ৰন অশ্বিন প্ৰথম একাদশত আহিব পাৰে। তেনে ক্ষেত্ৰত বেটিং অৰ্ডাৰ অলপ সলনি হ’ব পাৰে। জাদেজাই সাত নম্বৰত আৰু অশ্বিনে আঠ নম্বৰত বেটিং কৰিব।

বাকী তিনিটা স্থান বলাৰৰ বাবে সংৰক্ষিত। প্ৰথম এঘাৰত দুজন বেগী বলাৰ আৰু এজন বিশেষ স্পিনাৰ থাকিব। বেটিং ক্ৰমত যশপ্ৰীত বুমৰাহ নৱম স্থানত থাকিব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম একাদশত সুযোগ পোৱাৰ সম্ভাৱনা নাই ৰবিচন্দ্ৰন অশ্বিনে। মহম্মদ ছামিৰৰ খেলৰ সম্ভাৱনা কম। কুলদীপ যাদৱ আৰু মহম্মদ ছিৰাজক সেয়েহে বেটিং ক্ৰমত দশম আৰু একাদশ স্থানত দেখা পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু