--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। প্ৰথমখন মেচ খেলাৰ পূৰ্বে ৰোহিত শৰ্মাৰ দলটো বিপদত পৰিছে। ডেংগু ৰোগত আক্ৰান্ত হৈছে অ’পেনিং বেটছমেন শ্বুবমান গিল। কেনে হ’ব ভাৰতৰ সম্ভাব্য একাদশ?

সম্ভাৱ্য তালিকাত প্ৰথম স্থানত আছে অধিনায়ক ৰোহিত শৰ্মাৰ নাম। শুবমানৰ অনুপস্থিতিত ঈশান কিষাণ বা লোকেশ ৰাহুলৰ কোনোবা এজনে তেওঁৰ সৈতে খুলিব পাৰে। ঈশানৰ সম্ভাৱনা বেছি। তিনি নম্বৰ স্থানত আহিব বিৰাট কোহলী। বেটিং অৰ্ডাৰত এই ঠাইখনৰ কথা চিন্তা কৰাৰ কোনো স্থান নাই। শ্ৰেয়াছ আয়েৰে চাৰি নম্বৰত বেটিং কৰিব পাৰে। ৰাহুলে পাঁচ নম্বৰলৈ নামিব পাৰে।

তাৰ পিছত আহিব সূৰ্যকুমাৰ যাদৱ। ঈশান হ’ব ছয় নম্বৰ। ইয়াৰ পিছত আহিব দুজন অল-ৰাউণ্ডাৰ। ভাইচ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই বেটিং ক্ৰমত সাত নম্বৰলৈ নামিব পাৰে। অষ্টম স্থানত আহিব ৰবীন্দ্ৰ জাডেজা।

কিন্তু বৃহস্পতিবাৰে অনুশীলনত বেটিং কৰি থকা অৱস্থাত হাৰ্দিকে আঙুলিত আঘাত কৰে। সাৱধানতা স্বৰূপে তেওঁক বেটিং কৰিবলৈ দিয়া নহ’ল। আঙুলিতো বৰ বেছি বিষ নাই। বলৰ লগত তেওঁৰ কোনো সমস্যা নাই। দেওবাৰে তেওঁ খেলাৰ সম্ভাৱনা আছে। হাৰ্দিক যদি নাথাকে, তেন্তে ৰবিচন্দ্ৰন অশ্বিন প্ৰথম একাদশত আহিব পাৰে। তেনে ক্ষেত্ৰত বেটিং অৰ্ডাৰ অলপ সলনি হ’ব পাৰে। জাদেজাই সাত নম্বৰত আৰু অশ্বিনে আঠ নম্বৰত বেটিং কৰিব।

বাকী তিনিটা স্থান বলাৰৰ বাবে সংৰক্ষিত। প্ৰথম এঘাৰত দুজন বেগী বলাৰ আৰু এজন বিশেষ স্পিনাৰ থাকিব। বেটিং ক্ৰমত যশপ্ৰীত বুমৰাহ নৱম স্থানত থাকিব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম একাদশত সুযোগ পোৱাৰ সম্ভাৱনা নাই ৰবিচন্দ্ৰন অশ্বিনে। মহম্মদ ছামিৰৰ খেলৰ সম্ভাৱনা কম। কুলদীপ যাদৱ আৰু মহম্মদ ছিৰাজক সেয়েহে বেটিং ক্ৰমত দশম আৰু একাদশ স্থানত দেখা পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ