--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি বিৰাটে ১০৬ নং বলত শতক সম্পূৰ্ণ কৰে। অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ৰোহিত উভতি অহাৰ লগে লগে বিৰাটে বেটখন লৈ খেলপথাৰত প্ৰৱেশ কৰিলে। তেতিয়া ক্ৰীজৰ সিটো পাৰে শুবমান গিল আছিল। ৭৯ ৰান সংগ্ৰহ কৰি গীলে আঘাতৰ বাবে ঘূৰি আহিবলগীয়া হৈছিল। কোহলীক লগ দিবলৈ তেতিয়া আহিছিল শ্ৰেয়াছ আয়াৰ।

বিৰাটে আয়াৰৰ অংশীদাৰিত্বৰে শতক সম্পূৰ্ণ কৰিলে। ১০০ ৰান পোৱাৰ পিছত বিৰাটে প্ৰথমে শচীনৰ ফালে চাই সেৱা জনায়। ‘মাষ্টাৰ ব্লাষ্টাৰ’ও গেলেৰীত থিয় হৈ বিৰাটক অভিনন্দন জনালে। ইয়াৰ পিছত কোহলীৰ চকু অনুষ্কাৰ ওপৰত আছিল। অনুষ্কাই স্বামীক তেওঁৰ অনন্য আদৰ্শৰ বাবে অভিনন্দন জনাবলৈ চুমা এটা উৰুৱাই দিয়ে।

ছেমি ফাইনেল মেচ খেলিবলৈ নামি অহাৰ সময়তো অনুষ্কাই স্বামীক সম্ভাষণ জনাবলৈ চুমা এটা উৰুৱাই দিছিল। বিৰাটে ইনিংছৰ সময়ছোৱাত কেইবাবাৰো উজুটি খাইছিল। বাৰে বাৰে কেমেৰাটো অনুষ্কাৰ ফালে ঘূৰি গ’ল। অনুষ্কাৰ মুখখন চিন্তিত হৈ পৰিছিল। কিন্তু নিজৰ স্বাভাৱিক বেটিংশৈলীৰে বিৰাটে ইনিংছ আগুৱাই নিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক