--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • বিশ্বনাথ জিলাৰ শিক্ষা প্ৰশাসনৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নতুন স্থায়ী কাৰ্যালয় ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। এই নতুন ভৱনে জিলাখনৰ শৈক্ষিক কাৰ্যসূচীক অধিক সুসংগঠিত কৰাত সহায় কৰিব।

জামুগুৰিহাট, বিশ্বনাথ: বিশ্বনাথ জিলাৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক নতুন গতি কঢ়িয়াই আনি শুকুৰবাৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নতুন স্থায়ী কাৰ্যালয় ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদতে নিৰ্মাণ কৰা এই অত্যাধুনিক ভৱনটো জিলাখনৰ শিক্ষা প্ৰশাসনৰ বাবে এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰে ফিতা কাটি এই নতুন কাৰ্যালয়টো মুকলি কৰে।

উল্লেখ্য যে, বিশ্বনাথ জিলাত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়টো ২০২২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতিষ্ঠাৰ পাছৰে পৰা এই কাৰ্যালয়টো বিশ্বনাথ চাৰিআলিৰ ফালফলীস্থিত এক অস্থায়ী ভৱনৰ পৰা পৰিচালিত হৈ আহিছিল। দীৰ্ঘদিন ধৰি অস্থায়ী ভৱনত কাৰ্যালয়ৰ কাম-কাজ চলোৱাৰ ফলত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছিল। নতুন ভৱনটো উদ্বোধনৰ সময়ত বিদ্যালয়সমূহৰ পৰিদৰ্শক অৰুণ জ্যোতি দত্তৰ লগতে সৰ্ব অসম উচ্চ বিদ্যালয় শিক্ষক সংস্থা, সৰ্ব অসম এম.ই. বিদ্যালয় শিক্ষক সংস্থা, সৰ্ব অসম মাধ্যমিক শিক্ষক সংস্থাৰ বিষয়ববীয়াসকল, অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত অধ্যক্ষ-প্ৰধান শিক্ষকসকলকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

এই স্থায়ী কাৰ্যালয় ভৱনটোৱে জিলাখনৰ শিক্ষা ব্যৱস্থাক অধিক সুসংগঠিত কৰাৰ লগতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উভয়কে সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদতে অৱস্থিত হোৱাৰ বাবে সমন্বয় স্থাপনতো সহায়ক হ'ব। এই পদক্ষেপে বিশ্বনাথ জিলাৰ শিক্ষা খণ্ডৰ বিকাশৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক