--°C
Loading...
Listen to Article
2 min read
80%

ৰুছ অধ্যাপকে দাবী, ছাইবেৰীয়াৰ আণ্ডাৰগ্ৰাউণ্ড চহৰত আছে পুটিনৰ পৰিয়াল

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বকে এক ভয়ংকৰ বিপদৰ মাজলৈ থেলি দি নিজক বছোৱাত লাগিছে ভ্লাডিমিৰ পুটিন। পাতাললোকত আশ্ৰয় লৈ আসন্ন পাৰমাণৱিক যুদ্ধৰ পৰা হাত সৰাৰ অংক কৰিছে ৰুছ ৰাষ্ট্ৰপতিয়ে। ইতিমধ্যেই তেওঁ পৰিয়ালৰ লোকসকলৰ স্থানান্তৰ কৰিছে এটা ভূগৰ্ভত নিৰ্মাণ কৰা এখন গোপন বাংকাৰলৈ। পাৰমাণৱিক অস্ত্ৰ প্ৰতিৰোধী এই বাংকাৰত আশ্ৰয় লৈয়েই এতিয়া পৰিয়ালক ৰক্ষা কৰাৰ পৰিকল্পনা পুটিনৰ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা কাৰ্যক সমগ্ৰ বিশ্বই এতিয়া গৰিহনা দিছে। এখন যুদ্ধৰ বিনাশৰ বোজা লোৱাৰ বাবে বিশ্ব অপাৰগ বুলি জানিও চৰম অবিবেচক সিদ্ধান্তৰে ইউক্ৰেইনত ৰাছিয়াই চলাই আছে সামৰিক অভিযান। দেশখনৰ গুৰুত্বপূৰ্ণ মহানগৰবোৰ দখল কৰাৰ লক্ষ্য বিগত ছদিনে বিধ্বংসী যুদ্ধ চলাই আছে দেশখনে। পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছে যে, এতিয়া পাৰমাণৱিক যুদ্ধৰ সূত্ৰপাত হোৱাৰ আশংকাও ঘণীভূত হৈ উঠিছে। এনে সময়তে পোহৰলৈ অহা এটা তথ্যই সমগ্ৰ বিশ্বৰ বাবে কঢ়িয়াইছে অশনি সংকেট। এগৰাকী ৰুছ অধ্যাপকে দাবী কৰিছে যে, ভ্লাডিমিৰ পুটিনে তেওঁৰ পৰিয়ালৰ লোকসকলক ছাইবেৰীয়াৰ এখন ‘আণ্ডাৰগ্ৰাউণ্ড নগৰ’ত লুকুৱাই ৰাখিছে। এই বিলাসী আৰু অত্যাধুনিক প্ৰযুক্তিৰ নগৰৰ সমান বিশাল আৰু সা-সুবিধাযুক্ত বাংকাৰ নিৰ্মাণ কৰা হৈছে আলটাই পৰ্বতত। পাৰমাণৱিক যুদ্ধৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিব পৰাকৈ এই উচ্চ ক্ষমতাসম্পন্ন বাংকাৰ নিৰ্মাণ কৰা হৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে, এই দাবী কৰিছে পুটিনৰ দেশৰ এগৰাকী ৰাজনৈতিক বিজ্ঞানী ভালেৰী ছ’ল’ভীয়ে।৬ ১ বছৰীয়া অধ্যাপক তথা বিজ্ঞানীগৰাকীৰ এই বিস্ফোৰক দাবীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাছিয়াই কিয়েভ আৰু খাৰকিভত বিধ্বংসী মিছাইল আক্ৰমণ সংঘটিত কৰা, ভেকুৱাম বোমা ব্যৱহাৰেৰে ধ্বংসলীলা চলোৱা তথা সাধাৰণ লোককো আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় মহল ক্ষুব্ধ হৈ পৰিছে পুটিনৰ বিৰদ্ধে। এনে পৰিস্থিতি যিকোনো মুহূৰ্ততে ৰাছিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলিত বাহিনীৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ আশংকা আছে। এনে পৰিস্থিতি সৃষ্টি হ’লে নিজকে তথা পৰিয়ালক ৰক্ষা কৰাৰ বাবে তেওঁ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰিছে অধ্যাপক ছ’ল’ভীয়ে। তেওঁ সদৰি কৰিছে যে, যোৱা সপ্তাহৰ শেষভাগত ৰাষ্ট্ৰপতি পুটিন তেওঁৰ পৰিয়ালৰ এটা বিশেষ বাংকাৰলৈ স্থানান্তৰ কৰিছে। পাৰমাণৱিক যুদ্ধৰ আশংকা গাঢ় হৈ পৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি পুটিনে। এটা ভিডিঅ’ত তেওঁ দাবী কৰে যে, এই বাংকাৰটো নিৰ্মাণ কৰা হৈছে আটলাই ৰিপাব্লিকত। প্ৰকৃততে ইয়াক এটা বাংকাৰ বুলিব নোৱাৰি বৰং এয়া এখন ভূগৰ্ভস্থ বৃহৎ নগৰহে। শেহতীয়া বিজ্ঞান-প্ৰযুক্তিগত উপাদান আৰু অত্যাধুনিক সা-সুবিধাৰে এই নগৰ গঢ়ি তোলা হৈছে। তেওঁক ভিডিঅ’ত সকীয়াই দিয়ে যে, ৰাষ্ট্ৰপতিৰ পৰিয়ালে বাংকাৰত আশ্ৰয় লোৱাৰ অৰ্থ নিশ্চয় সকলোৱে বুজি পাইছে। ছ’ল’ভীয়ে দাবী কৰে যে, ইউক্ৰেইন অধিকাৰ কৰাৰ পুটিনৰ পৰিকল্পনা ব্যৰ্থ হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে পুটিনে এই পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁ কয় যে, ৰাছিয়াৰ পৰিকল্পনাক লৈ পুটিনে পশ্চিমীয়া দেশসমূহৰ পৰা অতি কঠোৰ, অতি নেতিবাচক আৰু সংগঠিত প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে। অধ্যাপকগৰাকীৰ মতে, পুটিনে ২৭ ফেব্ৰুৱাৰীত বিজয় ঘোষণাৰে তেওঁৰ তথাকথিত বিশেষ অভিযানৰ সামৰণি ঘোষণা কৰিব বিচাৰিছিল। কিন্তু ছদিন যুদ্ধ কৰিও তেওঁ একোৱেই অৰ্জন কৰিব পৰা নাই। ইউক্ৰেইনৰ প্ৰৱল প্ৰতিৰোধৰ বাবে তেওঁলোকে কোনো এখন ঠাইতে খোপনি পুতিব পৰা নাই। সেইবাবে এতিয়া একধৰণৰ হতাশাৰ বলি হৈ আক্ৰমণৰ তীব্ৰতা অধিক বৃদ্ধি কৰিছে আৰু এতিয়া অসামৰিক লোককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। একপ্ৰকাৰ বাঘৰ পিঠিত উঠি নামিব নোৱৰা সদৃশ অৱস্থাৰ সন্মুখীন হোৱা পুটিনে এতিয়া সেইবাবে তেওঁ সন্মুখীন হ’ব পৰা যিকোনো ভয়ংকৰ পৰিস্থিতিৰ বাবে যেন প্ৰস্তুতি আৰম্ভ কৰিছে। ৰুছ অধ্যাপকগৰাকীৰ দাবী যদি সঁচা হয় তেন্তে পুটিনৰ বাবে এয়া নৈতিক পৰাজয় বুলি নিশ্চয় চিহ্নিত হ’ব। মন কৰিবলগীয়া যে, তুলনামূকভাৱে দুৰ্বল হৈও প্ৰৱল মানসিক দৃঢ়তাৰ পৰিচয় দাঙি ধৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে সমৰক্ষেত্ৰত পিছ হুহকি নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ আনকি কোনো পৰিস্থিতিতে কিয়েভ এৰি নাযাওঁ বুলিও মন স্থিৰ কৰিছে। সৈন্য বাহিনীৰ মনোবল বৃদ্ধিৰ বাবেও তেওঁ চলাইছে সকলো চেষ্টা। তাৰ বিপৰীতে পুটিনৰ এই পলায়নবাদী মানসিকতাক বিশ্বই নিশ্চয় সহজভাৱে গ্ৰহণ নকৰিব। বিশ্বক এক ভয়ংকৰ বিপদৰ মাজলৈ থেলি দি এতিয়া নিজকে ৰক্ষা কৰাৰ কথা চিন্তা কৰা নেতাগৰাকীৰ এই স্থিতিৰ বাবে বুৰঞ্জীয়ে এদিন হয়তো খলনায়ক বুলিহে তেওঁক মনত ৰাখিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক