--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

অভয় কুমাৰ সিং ৰাছিয়াৰ এগৰাকী ডেপুটেট, যি ভাৰতৰ এজন বিধায়কৰ দৰে। তেওঁ পশ্চিম ৰাছিয়াৰ কুৰ্স্ক চহৰক প্ৰতিনিধিত্ব কৰি আছে।

ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত আছে ভয়ংকৰ যুদ্ধ। এই সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দলৰ ভাৰতীয় সদস্য ড০ অভয় কুমাৰ সিঙে চুবুৰীয়া দেশখনৰ বিৰুদ্ধে কিয় সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে ব্যাখ্যা কৰিছে। ড০ অভয় কুমাৰ সিঙৰ ঘৰ বিহাৰৰ পাটনাত। অভয় কুমাৰ সিং ৰাছিয়াৰ এগৰাকী ডেপুটেট, যি ভাৰতৰ এজন বিধায়কৰ দৰে। তেওঁ পশ্চিম ৰাছিয়াৰ কুৰ্স্ক চহৰক প্ৰতিনিধিত্ব কৰি আছে। অভয় কুমাৰ সিঙে কৈছিল যে ইউক্ৰেইন আক্ৰমণ কৰাটো সঠিক আছিল। তেওঁ এইটোও কৈছিল যে চুবুৰীয়া দেশখনক আলোচনাৰ বাবে পৰ্যাপ্ত সুযোগ দিয়া হৈছিল। আলোচনা নোহোৱা বাবেহে যুদ্ধৰ সিদ্ধান্ত লোৱা হৈছিল। তেওঁ লগতে প্ৰশ্ন কৰে "যদি চীনে বাংলাদেশত নিজৰ সামৰিক ঘাটি স্থাপন কৰে, তেন্তে ভাৰতে কেনে প্ৰতিক্ৰিয়া দেখুৱাব? এইটো স্পষ্ট যে ভাৰতে এই কথা ভাল নাপাব। ৰাছিয়াৰ বিৰুদ্ধে নাটো গঠন কৰা হৈছিল আৰু ছোভিয়েট ইউনিয়ন ভংগ হোৱা স্বত্বেও ই ভাঙি যোৱা নাছিল আৰু লাহে লাহে ই আমাৰ ওচৰলৈ আহিছে। যদি ইউক্ৰেইনে নাটোত যোগদান কৰে, ই নাটো বাহিনীক আমাৰ ওচৰলৈ আনিব। কাৰণ ইউক্ৰেইন আমাৰ চুবুৰীয়া দেশ আৰু ই চুক্তিৰ উলংঘন কৰিব। আমাৰ ৰাষ্ট্ৰপতি আৰু সংসদৰ ওচৰত যুদ্ধ কৰাৰ বাহিৰে কোনো বিকল্প নাছিল আৰু সেয়ে যুদ্ধৰ সিদ্ধান্ত লোৱা হৈছিল।" ভাৰতীয় বংশোদ্ভূত ৰাছিয়াৰ বিধায়কজনে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে বুলি কৰা অনুমানক খাৰিজ কৰে। তেওঁ অৱশ্যে কয় যে "যদি আন কোনো দেশে ৰাছিয়া আক্ৰমণ কৰে তেন্তে পাৰমাণৱিক আক্ৰমণৰ বাবে আমি অনুশীলন কৰিবই লাগিব।" ৰাছিয়াৰ সৈন্যৰ বোমা বিস্ফোৰণ, গুলীচালনা আৰু ৰকেট আক্ৰমণৰ ফলত ইউক্ৰেইনৰ ভূমি কঁপি উঠিছে। এই মুহূৰ্তলৈকে যুদ্ধ মীমাংসা কৰাৰ কোনো ধৰণৰ চিহ্ন দেখিবলৈ পোৱা নাই। ইফালে পুটিনৰ দলৰ অভয় কুমাৰ সিঙে স্পষ্ট কৰি কয় যে ''আমাৰ সেনাই ইউক্ৰেইনৰ নাগৰিকসকলৰ যত্ন লৈ আছে, সেয়েহে এতিয়াও যুদ্ধ চলি আছে। অন্যথা যুদ্ধ এদিনতে সমাপ্ত হ'লহেঁতেন।'' ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ ভূমিকা সন্দৰ্ভত সিঙে কয় যে বেলাৰুছত বৈঠক চলি আছে। জেলেনস্কিৰ কাৰণে এতিয়াও সুযোগ আছে। যদি জেলেনস্কিয়ে নাটোত যোগদান কৰিবলৈ অস্বীকাৰ কৰিলেহেঁতেন তেন্তে এনে নহ'লহেঁতেন। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি সলনি হোৱা উচিত। কাৰণ এই মুহূৰ্তত পশ্চিমীয়া দেশসমূহৰ নিৰ্দেশত তাত চৰকাৰ চলি আছে।''

ডঃ অভয় কুমাৰ সিং কোন?

অভয়কুমাৰ সিং বিহাৰৰ পাটনাৰ বাসিন্দা। প্ৰায় ৩০ বছৰ আগতে ১৯৯১ চনত তেওঁ ঔষধৰ বিষয়ে অধ্যয়ন কৰিবলৈ ৰাছিয়ালৈ গৈছিল। তেওঁ পাটনাৰ লয়োলা উচ্চ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু ৰাছিয়াৰ কুৰ্স্ক ষ্টেট মেডিকেল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ পঞ্জীয়নভুক্ত চিকিৎসক হিচাপে অনুশীলন কৰিবলৈ পাটনালৈ উভতি আহিছিল। কিন্তু সোনকালেই তেওঁ ৰাছিয়ালৈ উভতি যায় আৰু নিজৰ ফাৰ্মাচিউটিকেল ব্যৱসায় আৰম্ভ কৰে। পাছত তেওঁ ৰিয়েল ইষ্টেট আৰু নিৰ্মাণ খণ্ডত তেওঁৰ ব্যৱসায় সম্প্ৰসাৰিত কৰে। তেওঁ ২০১৫ চনত ভ্লাদিমিৰ পুটিনৰ ইউনাইটেড ৰাছিয়া পাৰ্টিত যোগদান কৰিছিল আৰু ২০১৮ চনত কুৰ্স্কৰ পৰা প্ৰাদেশিক নিৰ্বাচনত জয়ী হৈছিল। আৰু পঢ়কঃ যুদ্ধৰ বিভীষিকা! ইউক্ৰেইনত নিজৰ ৰেষ্টুৰেণ্টক আশ্ৰয়স্থললৈ ৰূপান্তৰিত কৰিলে মনীষ দেৱে

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement