--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইনত ৰুছ সৈন্যই সংঘটিত কৰা যুদ্ধ অপৰাধৰ ভয়ংকৰ নিদৰ্শন হিচাপে বিবেচিত হৈছে বুচা কাণ্ড। ৰাজধানী মহানগৰ কিয়েভৰ পৰা ৬০ কিলোমিটাৰ আঁতৰৰ বুচাত চাৰিশ সাধাৰণ লোকক হাত বান্ধি অত্যাচাৰ কৰাৰ পাছত গুলীয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মঙলবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত ভাষণ দি ইউক্ৰেইনত ৰাছিয়াই সংঘটিত কৰা ভয়ংকৰ যুদ্ধ অপৰাধৰ কথা প্ৰকাশ কৰে। কিন্তু তাতেই তেওঁলোকৰ বৰ্বৰতাৰ অন্ত পৰা নাই। যুদ্ধভূমিত সংঘটিত হোৱা ভয়ংকৰ অপৰাধ আৰু মানৱ অধিকাৰ উলংঘাৰ নতুন নতুন উদাহৰণ এতিয়া পোহৰলৈ আহিছে।

এইবাৰ বুচাৰ একেটা স্থানতে ছটা অগ্নিদগ্ধ মৃতদেহৰ অৱশেষ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্যৰ সৃষ্টি হৈছে। এই লোকসকল কোন আৰু কি পৰিস্থিতিত তেওঁলোকে এনে ভয়ংকৰ মৃত্যুক সাবটি ল’বলগীয়া হৈছে সেয়া স্পষ্ট হোৱা নাই যদিও তেওঁলোকৰ যে যুদ্ধৰ পটভূমিতে মৃত্যু হৈছে সেয়া নিশ্চিত কৰিছে এছ’চিয়েট প্ৰেছে।     

মৃতদেহৰ এই অৱশেষ উদ্ধাৰ কৰা হৈছে এটা আবাসিক এলেকাৰ পথৰ পৰা। এখন খালী খেলপথাৰৰ কাষত পৰি থকা অৱস্থাত মৃতদেহকেইটা উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এটা গিৰ্জাৰ চৌহদত উদ্ধাৰ হৈছিল গণকবৰ। ভালেমান ইউক্ৰেইনী লোকক হাত বান্ধি অত্যাচাৰ কৰাৰ পাছত তেওঁলোকক গুলীয়াই হত্যা কৰা বুলি প্ৰকাশ পাইছিল। ইউক্ৰেইনে ৰাছিয়াই এই ভয়ংকৰ যুদ্ধ অপৰাধ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি আহিছে ৰুছ প্ৰশাসনে।

মঙবাৰে এই বিষয়টোৰ নিৰপেক্ষ তদন্ত কৰাৰ দাবী উত্থাপন হৈছিল ৰাষ্ট্ৰসংঘৰ বৈঠকত। ইউৰোপীয় সংঘই তেওঁলোকৰ প্ৰতিনিধি প্ৰেৰণেৰে বিষয়টোৰ অনুসন্ধান কৰাৰ প্ৰস্তাৱ দিছিল। একেদৰে ভাৰতেও এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইয়াৰ নিৰপেক্ষ তদন্ত দাবী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ