--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইনত ৰুছ সৈন্যই সংঘটিত কৰা যুদ্ধ অপৰাধৰ ভয়ংকৰ নিদৰ্শন হিচাপে বিবেচিত হৈছে বুচা কাণ্ড। ৰাজধানী মহানগৰ কিয়েভৰ পৰা ৬০ কিলোমিটাৰ আঁতৰৰ বুচাত চাৰিশ সাধাৰণ লোকক হাত বান্ধি অত্যাচাৰ কৰাৰ পাছত গুলীয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মঙলবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত ভাষণ দি ইউক্ৰেইনত ৰাছিয়াই সংঘটিত কৰা ভয়ংকৰ যুদ্ধ অপৰাধৰ কথা প্ৰকাশ কৰে। কিন্তু তাতেই তেওঁলোকৰ বৰ্বৰতাৰ অন্ত পৰা নাই। যুদ্ধভূমিত সংঘটিত হোৱা ভয়ংকৰ অপৰাধ আৰু মানৱ অধিকাৰ উলংঘাৰ নতুন নতুন উদাহৰণ এতিয়া পোহৰলৈ আহিছে।

এইবাৰ বুচাৰ একেটা স্থানতে ছটা অগ্নিদগ্ধ মৃতদেহৰ অৱশেষ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্যৰ সৃষ্টি হৈছে। এই লোকসকল কোন আৰু কি পৰিস্থিতিত তেওঁলোকে এনে ভয়ংকৰ মৃত্যুক সাবটি ল’বলগীয়া হৈছে সেয়া স্পষ্ট হোৱা নাই যদিও তেওঁলোকৰ যে যুদ্ধৰ পটভূমিতে মৃত্যু হৈছে সেয়া নিশ্চিত কৰিছে এছ’চিয়েট প্ৰেছে।     

মৃতদেহৰ এই অৱশেষ উদ্ধাৰ কৰা হৈছে এটা আবাসিক এলেকাৰ পথৰ পৰা। এখন খালী খেলপথাৰৰ কাষত পৰি থকা অৱস্থাত মৃতদেহকেইটা উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এটা গিৰ্জাৰ চৌহদত উদ্ধাৰ হৈছিল গণকবৰ। ভালেমান ইউক্ৰেইনী লোকক হাত বান্ধি অত্যাচাৰ কৰাৰ পাছত তেওঁলোকক গুলীয়াই হত্যা কৰা বুলি প্ৰকাশ পাইছিল। ইউক্ৰেইনে ৰাছিয়াই এই ভয়ংকৰ যুদ্ধ অপৰাধ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি আহিছে ৰুছ প্ৰশাসনে।

মঙবাৰে এই বিষয়টোৰ নিৰপেক্ষ তদন্ত কৰাৰ দাবী উত্থাপন হৈছিল ৰাষ্ট্ৰসংঘৰ বৈঠকত। ইউৰোপীয় সংঘই তেওঁলোকৰ প্ৰতিনিধি প্ৰেৰণেৰে বিষয়টোৰ অনুসন্ধান কৰাৰ প্ৰস্তাৱ দিছিল। একেদৰে ভাৰতেও এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইয়াৰ নিৰপেক্ষ তদন্ত দাবী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ