--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ বুকুত শান্তিনিকেতন।  ই কোনো পূজাৰ থিম নহয়, সঁচাকৈয়ে লণ্ডন আৰু কাৰ্ডিফৰ মঞ্চত শান্তিনিকেতন স্থাপনৰ প্ৰস্তুতি চলিছে। সৌজন্যত, এচেক্স ইণ্ডিয়ানছ এণ্ড ৱেলছ উপাসনা সমিতি। সমগ্ৰ চিন্তা আৰু পৰিচালনাত সংগীতজ্ঞ শৌণক চট্টোপাধ্যায় আৰু কণ্ঠশিল্পী সম্যা কৰফা। শতবৰ্ষ অনুষ্ঠানৰ জৰিয়তে শান্তিনিকেতনৰ স্মৃতি, সত্তা আৰু পৰম্পৰাক তুলি ধৰাৰ আপ্ৰাণ চেষ্টা কৰিচে এওঁলোকে।

উল্লেখ্য যে, ১৯২১ চনৰ ডিচেম্বৰ মাহত শান্তিনিকেতন বিশ্ব-ভাৰতীৰ প্ৰতিষ্ঠা হৈছিল। শিক্ষাজগতত শান্তিনিকেতনৰ স্থাপনে আনি দিছিল এক নৱজাগৰণ। এশ বছৰ পূৰ্বে ৰবিন্দ্ৰনাত ঠাকুৰে আৰম্ভ কৰা আশ্ৰমিক পঢ়া-শুনা পদ্ধতি আজিও জনপ্ৰিয়। ভৌগোলিক দূৰত্ব পাহৰি বিশ্ব-ভাৰতীলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন অধ্যাপক আহিছিল। প্ৰকৃত অৰ্থত যেন সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ নানা মনীষী আহি একেখন আঁচলতে আশ্ৰয় লৈছিল।

এশ বছৰৰ আগৰ এই কাহিনী এইবাৰ প্ৰাণ পাই উঠিব ব্ৰিটেইনত। অৱশ্যে, এই বছৰ নহয়, যোৱা বছৰত আছিল বিশ্বভাৰতীৰ শতবাৰ্ষিকী অনুষ্ঠান। কিন্তু ক’ভিডৰ বাবে অনুষ্ঠান পৰিকল্পনা ৰূপায়ণ কৰাটো সম্ভৱ নহ’ল৷ এই উপলক্ষে পৰম্পৰাগত শৈলীৰে নিৰ্মিত কৃত্ৰিম ফুলৰ অলংকাৰো শান্তিনিকেতনৰ পৰা প্ৰেৰণ কৰা হৈছে বিদেশলৈ। বিশ্বভাৰতীৰ প্ৰাক্তন শিক্ষক সুধীৰঞ্জন মুখাৰ্জীৰ সহযোগত লণ্ডনৰ মঞ্চত সৃষ্টি হ’ব শান্তিনিকেতনৰ ভাৰ্চুৱেল পৰিৱেশ। তেওঁৰ তত্বাৱধানত টেমছ নদীৰ পাৰত প্ৰাণ পাই উঠিব শান্তিনিকেতন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ