--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত দুটা বছৰ ধৰি চিমলাৰ সঞ্জাউলী মছজিদৰ অবৈধ নিৰ্মাণ সন্দৰ্ভত চলি থকা বিবাদৰ ৰায়দান দিলে ন্যায়ালয়ে। মছজিদটোৰ অবৈধ নির্মাণ সন্দর্ভত ৰায়দান দি ন্যায়ালয়ে দুমাহৰ ভিতৰত তিনিটা মহলা ভাঙি পেলোৱাৰ নির্দেশ প্ৰদান কৰিছে৷

মছজিদটো অবৈধ নির্মাণক লৈ দীৰ্ঘদিন ধৰি চলি থকা বিতর্ক ওৰ পেলালে ন্যায়ালয়ে৷ মছজিদ কমিটীয়ে দাখিল কৰা আৱেদনৰ পাছতে  হিমাচল প্ৰদেশৰ চিমলাৰ সঞ্জাউলী মছজিদ নিৰ্মাণ সন্দৰ্ভত চলি থকা বিবাদৰ অন্ত পেলাই আদালতে মছজিদৰ তিনিটা মহলা ভাঙি পেলোৱাৰ নিৰ্দেশ দিছে। 

দুমাহৰ ভিতৰত অবৈধভাৱে নিৰ্মাণ কৰা মছজিদটোৰ তিনি মহল মছজিদৰ মুৰব্বীৰ তত্বাৱধানত ভাঙি পেলোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে । আৰু এই কামৰ বাবে হোৱা সকলো খৰচ মছজিদ কমিটীয়ে বহন কৰিব লাগিব বুলি ন্যায়ালয়ে নিৰ্দেশ দিছে৷ 

এই বিতৰ্ক তীব্ৰতৰ হোৱাৰ পাছত ২০১২ চনত ৱাকফ ব’ৰ্ডে মছজিদ নিৰ্মাণৰ অনুমতি প্ৰদান কৰাৰ পাছত ২০১৩ চনত এজন ব্যক্তিয়ে মছজিদৰ হৈ এক মহলীয়া অট্টালিকা নিৰ্মাণৰ প্ৰস্তাৱিত মানচিত্ৰ নিগমক দিছিল যদিও ২০১৮ চনলৈকে কোনো বৈধ অনুমোদন অবিহনে মছজিদ কমিটীয়ে পাঁচ মহল নিৰ্মাণ কৰিছিল। তেতিয়াৰ পৰা এই মছজিদ সন্দৰ্ভত বিতৰ্ক বহু বাঢ়ি গৈছিল। এই অবৈধভাৱে নিৰ্মাণ কৰা মছজিদটো অতি সোনকালে ভাঙি পেলাব লাগে বুলি দাবী কৰি আহিছিল৷

শেহতীয়াকৈ হিন্দু সংগঠনৰ নেতাসকলেও এই বিষয়ত প্ৰতিবাদ কৰি, ৰাজ্যজুৰি নিৰ্মাণ কৰা সকলো মছজিদৰ তদন্ত হ’ব লাগে বুলি দাবী উত্থাপন কৰিছিল৷ আবেদনখনত মছজিদ কমিটীয়ে নিজেই মছজিদটোৰ অবৈধ নিৰ্মাণ কাৰ্যক ভাঙি পেলোৱাৰ প্ৰস্তাৱ দিছিল৷ সঞ্জৌলী মছজিদৰ বিতৰ্ক সন্দৰ্ভত চিমলা ৱাকফ ব’ৰ্ডেও সঞ্জাউলী মছজিদৰ দুটা মহলা অবৈধ বুলি স্বীকাৰ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ