--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত দুটা বছৰ ধৰি চিমলাৰ সঞ্জাউলী মছজিদৰ অবৈধ নিৰ্মাণ সন্দৰ্ভত চলি থকা বিবাদৰ ৰায়দান দিলে ন্যায়ালয়ে। মছজিদটোৰ অবৈধ নির্মাণ সন্দর্ভত ৰায়দান দি ন্যায়ালয়ে দুমাহৰ ভিতৰত তিনিটা মহলা ভাঙি পেলোৱাৰ নির্দেশ প্ৰদান কৰিছে৷

মছজিদটো অবৈধ নির্মাণক লৈ দীৰ্ঘদিন ধৰি চলি থকা বিতর্ক ওৰ পেলালে ন্যায়ালয়ে৷ মছজিদ কমিটীয়ে দাখিল কৰা আৱেদনৰ পাছতে  হিমাচল প্ৰদেশৰ চিমলাৰ সঞ্জাউলী মছজিদ নিৰ্মাণ সন্দৰ্ভত চলি থকা বিবাদৰ অন্ত পেলাই আদালতে মছজিদৰ তিনিটা মহলা ভাঙি পেলোৱাৰ নিৰ্দেশ দিছে। 

দুমাহৰ ভিতৰত অবৈধভাৱে নিৰ্মাণ কৰা মছজিদটোৰ তিনি মহল মছজিদৰ মুৰব্বীৰ তত্বাৱধানত ভাঙি পেলোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে । আৰু এই কামৰ বাবে হোৱা সকলো খৰচ মছজিদ কমিটীয়ে বহন কৰিব লাগিব বুলি ন্যায়ালয়ে নিৰ্দেশ দিছে৷ 

এই বিতৰ্ক তীব্ৰতৰ হোৱাৰ পাছত ২০১২ চনত ৱাকফ ব’ৰ্ডে মছজিদ নিৰ্মাণৰ অনুমতি প্ৰদান কৰাৰ পাছত ২০১৩ চনত এজন ব্যক্তিয়ে মছজিদৰ হৈ এক মহলীয়া অট্টালিকা নিৰ্মাণৰ প্ৰস্তাৱিত মানচিত্ৰ নিগমক দিছিল যদিও ২০১৮ চনলৈকে কোনো বৈধ অনুমোদন অবিহনে মছজিদ কমিটীয়ে পাঁচ মহল নিৰ্মাণ কৰিছিল। তেতিয়াৰ পৰা এই মছজিদ সন্দৰ্ভত বিতৰ্ক বহু বাঢ়ি গৈছিল। এই অবৈধভাৱে নিৰ্মাণ কৰা মছজিদটো অতি সোনকালে ভাঙি পেলাব লাগে বুলি দাবী কৰি আহিছিল৷

শেহতীয়াকৈ হিন্দু সংগঠনৰ নেতাসকলেও এই বিষয়ত প্ৰতিবাদ কৰি, ৰাজ্যজুৰি নিৰ্মাণ কৰা সকলো মছজিদৰ তদন্ত হ’ব লাগে বুলি দাবী উত্থাপন কৰিছিল৷ আবেদনখনত মছজিদ কমিটীয়ে নিজেই মছজিদটোৰ অবৈধ নিৰ্মাণ কাৰ্যক ভাঙি পেলোৱাৰ প্ৰস্তাৱ দিছিল৷ সঞ্জৌলী মছজিদৰ বিতৰ্ক সন্দৰ্ভত চিমলা ৱাকফ ব’ৰ্ডেও সঞ্জাউলী মছজিদৰ দুটা মহলা অবৈধ বুলি স্বীকাৰ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু