--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তিৰুপতি মন্দিৰৰ সৈতে জড়িত বিতৰ্কৰ অন্ত পৰা নাই। প্ৰতিদিনে মন্দিৰত উপলব্ধ প্ৰসাদক লৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়াকৈ তিৰুপতি লাড়ুত গো-মাংসৰ চৰ্বি আৰু গাঞ্জা পোৱা বুলি দাবী কৰাৰ পিছত এতিয়া মন্দিৰৰ প্ৰসাদত চেলা পোৱা বুলি দাবী কৰিছে এজন ভক্তই। এই সন্দৰ্ভত আকৌ এবাৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে তিৰুপতি মন্দিৰত ।


একে সময়তে তিৰুমালা তিৰুপতি দেৱস্থানমে (টিটিডি) সমগ্ৰ বিষয়টো সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি ভক্তৰ দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে। টিটিডিয়ে ক্ষোভ কৰে যে প্ৰতিদিনে মন্দিৰত হাজাৰ হাজাৰ লোকৰ বাবে প্ৰসাদ সতেজভাৱে প্ৰস্তুত কৰা হয়। তেওঁ কয় যে শ্ৰীবাৰী দৰ্শনৰ বাবে অহা হাজাৰ হাজাৰ ভক্তৰ বাবে টিটিডিয়ে গৰম গৰম প্ৰসাদ প্ৰস্তুত কৰে। এনে পৰিস্থিতিত চেলা খাদ্যৰ মাজত পৰিব পাৰে বুলি কৰা দাবী ভুল।


বুধবাৰে দিনৰ ১:৩০ বজাত এই ঘটনা সংঘটিত হয় ৷ মন্দিৰত দুপৰীয়াৰ আহাৰ দিয়া হৈছিল। এজন ভক্ত, নাম তেওঁৰ চান্দু আৰু তেওঁ ৱাৰংগলৰ পৰা মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল ৷ তেওঁৰ অভিযোগ যে তেওঁক দিয়া দৈ চাউলত চেলা পোৱা গৈছে। তেওঁ কয়, ‘যেতিয়া মই কৰ্মচাৰীসকলৰ আগত এই বিষয়টো উত্থাপন কৰিছিলো, তেতিয়া তেওঁলোকৰ প্ৰতিক্ৰিয়া আছিল আচৰিত ধৰণৰ। তেওঁলোকে কৈছিল যে কেতিয়াবা এনেকুৱা হৈয়েই ।এই কীট হয়তো প্ৰসাদ দিয়াৰ বাবে ব্যৱহাৰ কৰা পাতৰ পৰাই আহিছে। 

চান্দুৱে কয় যে ‘এই গাফিলতি গ্ৰহণযোগ্য নহয়। যদি শিশু আৰু অন্য লোকে খায় তেন্তে ইয়াৰ বাবে দায়ী কোন হ’ব?’

টিটিডিয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁলোকে এই অভিযোগসমূহক ভিত্তিহীন আৰু মিছা বুলি অভিহিত কৰিছে। 
এই প্ৰসাদ সম্পৰ্কীয় অভিযোগ ভক্তসকলক ভগৱান ভেংকটেশ্বৰৰ প্ৰতি থকা বিশ্বাসৰ পৰা আঁতৰাই নিয়াৰ প্ৰয়াস আৰু ইয়াৰ দ্বাৰা প্ৰতিষ্ঠানটোক বদনাম কৰা হৈছে বুলিও দাবী কৰে টিটিডিয়ে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু