--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ৫ অক্টোবৰত হিন্দু সম্প্ৰদায়ক একত্ৰিত কৰি নিজৰ মাজত থকা মতানৈক্য আৰু বিবাদৰ অন্ত পেলাবলৈ আহ্বান জনায় মন্তব্য প্ৰদান কৰি ভাষা, জাতি আৰু অঞ্চলৰ ওপৰত ভিত্তি কৰি হোৱা মতানৈক্য আৰু বিবাদ মচি পেলাই হিন্দু সমাজে নিজৰ সুৰক্ষাৰ বাবে একত্ৰিত হ'ব লাগিব বুলি বাৰ্তা প্ৰেৰণ কৰিছে৷

তেওঁ কয় যে অনুশাসন, ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য আৰু লক্ষ্যমুখী গুণ সমাজৰ বাবে প্ৰয়োজনীয়। তেওঁ লগতে কয়, কেৱল মোৰ আৰু মোৰ পৰিয়ালেৰে সমাজ গঠিত নহয়, বৰঞ্চ আমি সমাজৰ প্ৰতি সামগ্ৰিক চিন্তাৰ জৰিয়তে ঈশ্বৰক লাভ কৰিব লাগিব। 

সংঘৰ কাম যান্ত্ৰিক নহয় ধাৰণাভিত্তিক বুলি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে উল্লেখ কৰে। সংঘৰ কাৰ্য্যৰ তুলনাত পৃথিৱীত একো কাৰ্য নাই বুলিও উল্লেখ কৰে৷ সংঘক কাৰো লগত তুলনা কৰিব নোৱাৰি। সংঘৰ পৰা গোটৰ নেতালৈ, গোটৰ নেতাৰ পৰা স্বেচ্ছাসেৱকলৈ আৰু সংঘৰ পৰাই সংস্কাৰ পাৰ হৈ যায়। পৰিয়ালৰ পৰা সমাজলৈ ব্যক্তিগত বিকাশৰ এই পদ্ধতি সংঘত গ্ৰহণ কৰা হয় বুলি মত প্ৰকাশ কৰে৷ 

মোহন ভাগৱতে কয় যে দেশৰ শক্তিৰ বাবেই বিশ্বত ভাৰতৰ প্ৰতিপত্তি বৃদ্ধি হৈছে। ভাৰত এক হিন্দু ৰাষ্ট্ৰ৷যদিও হিন্দু নামটো পছত আহিছে, আমি ইয়াত অতীজৰে পৰা বসবাস কৰি আহিছো। ইয়াত বসবাস কৰা ভাৰতৰ সকলোৰে বাবে হিন্দু শব্দটো ব্যৱহাৰ কৰা হৈছিল। হিন্দুসকলে সকলোকে নিজৰ বুলি গণ্য কৰি সকলোকে আদৰি লয়। সমাজৰ অভাৱ-অভিযোগসমূহ দূৰ কৰি সমাজখনক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা চলাব লাগে। সমাজত সম্প্ৰীতি, সামাজিক ন্যায়, স্বাস্থ্য, শিক্ষা, আৰু আত্মনিৰ্ভৰশীলতাৰ আহ্বান জনোৱা উচিত বুলিও মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু