--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ৫ অক্টোবৰত হিন্দু সম্প্ৰদায়ক একত্ৰিত কৰি নিজৰ মাজত থকা মতানৈক্য আৰু বিবাদৰ অন্ত পেলাবলৈ আহ্বান জনায় মন্তব্য প্ৰদান কৰি ভাষা, জাতি আৰু অঞ্চলৰ ওপৰত ভিত্তি কৰি হোৱা মতানৈক্য আৰু বিবাদ মচি পেলাই হিন্দু সমাজে নিজৰ সুৰক্ষাৰ বাবে একত্ৰিত হ'ব লাগিব বুলি বাৰ্তা প্ৰেৰণ কৰিছে৷

তেওঁ কয় যে অনুশাসন, ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য আৰু লক্ষ্যমুখী গুণ সমাজৰ বাবে প্ৰয়োজনীয়। তেওঁ লগতে কয়, কেৱল মোৰ আৰু মোৰ পৰিয়ালেৰে সমাজ গঠিত নহয়, বৰঞ্চ আমি সমাজৰ প্ৰতি সামগ্ৰিক চিন্তাৰ জৰিয়তে ঈশ্বৰক লাভ কৰিব লাগিব। 

সংঘৰ কাম যান্ত্ৰিক নহয় ধাৰণাভিত্তিক বুলি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে উল্লেখ কৰে। সংঘৰ কাৰ্য্যৰ তুলনাত পৃথিৱীত একো কাৰ্য নাই বুলিও উল্লেখ কৰে৷ সংঘক কাৰো লগত তুলনা কৰিব নোৱাৰি। সংঘৰ পৰা গোটৰ নেতালৈ, গোটৰ নেতাৰ পৰা স্বেচ্ছাসেৱকলৈ আৰু সংঘৰ পৰাই সংস্কাৰ পাৰ হৈ যায়। পৰিয়ালৰ পৰা সমাজলৈ ব্যক্তিগত বিকাশৰ এই পদ্ধতি সংঘত গ্ৰহণ কৰা হয় বুলি মত প্ৰকাশ কৰে৷ 

মোহন ভাগৱতে কয় যে দেশৰ শক্তিৰ বাবেই বিশ্বত ভাৰতৰ প্ৰতিপত্তি বৃদ্ধি হৈছে। ভাৰত এক হিন্দু ৰাষ্ট্ৰ৷যদিও হিন্দু নামটো পছত আহিছে, আমি ইয়াত অতীজৰে পৰা বসবাস কৰি আহিছো। ইয়াত বসবাস কৰা ভাৰতৰ সকলোৰে বাবে হিন্দু শব্দটো ব্যৱহাৰ কৰা হৈছিল। হিন্দুসকলে সকলোকে নিজৰ বুলি গণ্য কৰি সকলোকে আদৰি লয়। সমাজৰ অভাৱ-অভিযোগসমূহ দূৰ কৰি সমাজখনক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা চলাব লাগে। সমাজত সম্প্ৰীতি, সামাজিক ন্যায়, স্বাস্থ্য, শিক্ষা, আৰু আত্মনিৰ্ভৰশীলতাৰ আহ্বান জনোৱা উচিত বুলিও মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ