--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : `টু ফিংগাৰ টেষ্ট’। ধৰ্ষণৰ বলি হোৱা বায়ু সেনাৰ এগৰাকী মহিলা বিষয়াক চিকিত্সকে অনধিকাৰ টু ফিংগাৰ টেষ্ট কৰাৰ লৈ সূত্ৰপাত হৈছে বিতৰ্কৰ। কইম্বাটোৰৰ ভাৰতীয় বায়ু সেনাৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত ১০ ছেপ্টেম্বৰৰ পুৱতি নিশা ২৯ বছৰীয়া ফ্লাইট লেফটেনেণ্ট অমিতেশ হৰমুখে এগৰাকী মহিলা আইএএফ বিষয়াক ধৰ্ষণ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল৷ এই ধৰ্ষণ সত্য নে অসত্য সেয়া প্ৰমাণ কৰিবৰ বাবে অভিযোগকাৰী পীড়িতাৰ ওপৰত বায়ু সেনাৰ চিকিৎসকসকলে বিতৰ্কিত 'টু ফিংগাৰ টেষ্ট' চলাইছিল৷ ইয়াকে লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে নেচনেল কমিছন ফৰ ওমেন।

কমিছনে এয়াৰ চীফ মাৰ্শ্বাললৈ পত্ৰ লিখি বিষয়টো নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ভুক্তভোগী মহিলা আইএএফ বিষয়াগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল যে, তেওঁক সঁচাকৈয়ে ধৰ্ষণ কৰা হৈছে নে নাই সেয়া প্ৰমাণ কৰিবৰ বাবে অবৈধ 'টু ফিংগাৰ টেষ্ট' কৰা হয়৷ কেৱল এয়াই নহয়, ধৰ্ষণৰ অভিযোগ উঠাই ল'বৰ বাবেও মহিলা আইএএফ বিষয়াগৰাকীক প্ৰশিক্ষণ কেন্দ্ৰৰ কিছু বিষয়াই হেঁচা প্ৰয়োগ কৰি আহিছে বুলি তেওঁ অভিযোগ কৰে৷ মহিলা আইএএফ বিষয়াগৰাকীৰ এই ব্যক্তব্যৰ পিছতেই ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই এয়াৰ চীফ মাৰ্শ্বেললৈ এখন পত্ৰ প্ৰেৰণ কৰি লিখিছে যে 'কইম্বাটোৰৰ এগৰাকী মহিলা আইএএফ বিষয়াক তেওঁৰ সহকৰ্মীয়ে ধৰ্ষণ কৰাৰ পাছত মহিলা বিষয়াগৰাকীক ভাৰতীয় বায়ু সেনাৰ চিকিৎসকসকলে অনধিকাৰ টু ফিংগাৰ টেষ্ট কৰিছিল। এয়া অত্যন্ত নিৰাশাজনক৷ উচ্চতম ন্যায়ালয়ৰ আদেশ উলংঘা কৰি টু ফিংগাৰ টেষ্ট কৰা আইএএফ চিকিৎসকসকলৰ কাৰ্যক তীব্ৰ গৰিহণা দিছোঁ৷

চিকিৎসকসকলে এগৰাকী মহিলাৰ গোপনীয়তা আৰু মৰ্যাদাৰ অধিকাৰ উলংঘা কৰিছে। চিকিৎসকসকলে ভুক্তভোগীগৰাকীক সহায় কৰাৰ সলনি তেওঁৰ মানসিক আঘাত অধিক বৃদ্ধিহে কৰিলে৷’ পত্ৰখনত ৰেখা শৰ্মাই লগতে লিখিছে যে, ২০১৪ চনত চৰকাৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) ভাৰতীয় বায়ু সেনাৰ চিকিৎসকসকলক প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰিবলৈ কৈছিল আৰু টু ফিংগাৰ টেষ্টক অবৈজ্ঞানিক বুলি অভিহিত কৰিছিল। এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই৷ উল্লেখ্য যে মহিলা আইএএফ বিষয়াগৰাকীৰ অভিযোগৰ ভিত্তিত ২৬ ছেপ্টেম্বৰত ফ্লাইট লেফটেনেণ্ট বিষয়া অমিতেশ হৰমুখক মহিলা আৰক্ষীয়ে কইম্বাটোৰত গ্ৰেপ্তাৰ কৰে৷ পাছত ন্যায়ালৰ নিৰ্দেশ অনুসৰি কোৰ্ট মাৰ্শ্বালৰ বাবে তেওঁ বায়ুসেনাৰ হাতত গতাই দিয়া হয়। মন কৰিবলগীয়া যে, বায়ুসেনাৰ চিকিতসকে মহিলা বিষয়াগৰাকীক পৰীক্ষা কৰাৰ সময়ত তেওঁৰ যৌন জীৱন সম্পৰ্কেও প্ৰশ্ন কৰিছিল বুলি অভিযোগ কৰিছিল। বায়ু সেনাৰ আভ্যন্তৰীণ ব্যৱস্থাত ন্যায় লাভ নকৰা বাবে তেওঁ আৰক্ষীৰ কাষ চাপিবলগীয়া হয়। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ