--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ‘আমাৰ পতাকা হৈছে একতা, মানৱতাৰ প্ৰতীক আৰু দেশৰ সকলোৱে গ্ৰহণ কৰা এক চিহ্ন।’ মহামানৱ মহাত্মা গান্ধীৰ কথাকে সৰোগত কৰি এইজনা পুৰোধাৰ ১৫২ তম জন্ম জয়ন্তী উপলক্ষে আজি লাডাখৰ লেহত বিশ্বৰ সৰ্ববৃহৎ দৈৰ্ঘ্যৰ খাদী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। পুৱা লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ আৰ কে মাথুৰে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে। ২২৫ফুট দীঘল আৰু ১৫০ ফুট বহল জাতীয় পতাকাখনৰ ওজন ১০০০কিঃগ্ৰাঃ। জানিবলৈ পোৱা মতে, ভাৰতীয় সেনাৰ ৫৭-অভিযন্তা ৰেজিমেণ্টে এই কৰ্মৰ সৈতে জড়িত হৈ আছে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে নিৰ্মাণ কৰা পতাকাখন আজিৰ এই পবিত্ৰ দিনটোত লাডাখৰ লেহত সেনাই প্ৰদৰ্শন কৰে। উল্লেখ্য যে, ভাৰতীয় সেনাৰ ৫৭-ইঞ্জিনিয়াৰ ৰেজিমেণ্টৰ ১৫০ জন সৈন্যই লাডাখৰ লেহত ভূপৃষ্ঠৰ পৰা ২০০০ফুটৰ অধিক উচ্চতাত খাদীৰে নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখন পাহাৰৰ শীৰ্ষলৈ লৈ গৈছিল।

সৈন্যবাহিনীয়ে পৰ্বতৰ শীৰ্ষত উপনীত হ'বলৈ দুঘণ্টা সময় লাগিছিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি কয়, ‘ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। গান্ধীজীৰ জন্ম জয়ন্তীত বিশ্বৰ সৰ্ববৃহৎ খাদী ত্ৰিৰংগা পতাকাখন লাডাখৰ লেহত উন্মোচন কৰা হয়। বাপুৰ স্মৃতিক স্মৰণ, ভাৰতীয় শিল্পীসকলক প্ৰচাৰ কৰা আৰু দেশবাসীক সন্মান জনোৱা এই প্ৰচেষ্টাক অভিবাদন জনাইছো। জয় হিন্দ, জয় ভাৰত!’ কেইবাজনো নেতা আৰু মন্ত্ৰীয়ে লেহৰ সৰ্ববৃহৎ খাদী ত্ৰিৰংগা প্ৰদৰ্শনৰ কথা টুইটাৰত শ্বেয়াৰ কৰে। বিজেপি নেতা তথা মন্ত্ৰী হৰ্ষ সংঘৱীয়েও টুইটাৰত পতাকাখনৰ ভিডিঅ' শ্বেয়াৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ