--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ‘আমাৰ পতাকা হৈছে একতা, মানৱতাৰ প্ৰতীক আৰু দেশৰ সকলোৱে গ্ৰহণ কৰা এক চিহ্ন।’ মহামানৱ মহাত্মা গান্ধীৰ কথাকে সৰোগত কৰি এইজনা পুৰোধাৰ ১৫২ তম জন্ম জয়ন্তী উপলক্ষে আজি লাডাখৰ লেহত বিশ্বৰ সৰ্ববৃহৎ দৈৰ্ঘ্যৰ খাদী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। পুৱা লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ আৰ কে মাথুৰে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে। ২২৫ফুট দীঘল আৰু ১৫০ ফুট বহল জাতীয় পতাকাখনৰ ওজন ১০০০কিঃগ্ৰাঃ। জানিবলৈ পোৱা মতে, ভাৰতীয় সেনাৰ ৫৭-অভিযন্তা ৰেজিমেণ্টে এই কৰ্মৰ সৈতে জড়িত হৈ আছে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে নিৰ্মাণ কৰা পতাকাখন আজিৰ এই পবিত্ৰ দিনটোত লাডাখৰ লেহত সেনাই প্ৰদৰ্শন কৰে। উল্লেখ্য যে, ভাৰতীয় সেনাৰ ৫৭-ইঞ্জিনিয়াৰ ৰেজিমেণ্টৰ ১৫০ জন সৈন্যই লাডাখৰ লেহত ভূপৃষ্ঠৰ পৰা ২০০০ফুটৰ অধিক উচ্চতাত খাদীৰে নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখন পাহাৰৰ শীৰ্ষলৈ লৈ গৈছিল।

সৈন্যবাহিনীয়ে পৰ্বতৰ শীৰ্ষত উপনীত হ'বলৈ দুঘণ্টা সময় লাগিছিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি কয়, ‘ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। গান্ধীজীৰ জন্ম জয়ন্তীত বিশ্বৰ সৰ্ববৃহৎ খাদী ত্ৰিৰংগা পতাকাখন লাডাখৰ লেহত উন্মোচন কৰা হয়। বাপুৰ স্মৃতিক স্মৰণ, ভাৰতীয় শিল্পীসকলক প্ৰচাৰ কৰা আৰু দেশবাসীক সন্মান জনোৱা এই প্ৰচেষ্টাক অভিবাদন জনাইছো। জয় হিন্দ, জয় ভাৰত!’ কেইবাজনো নেতা আৰু মন্ত্ৰীয়ে লেহৰ সৰ্ববৃহৎ খাদী ত্ৰিৰংগা প্ৰদৰ্শনৰ কথা টুইটাৰত শ্বেয়াৰ কৰে। বিজেপি নেতা তথা মন্ত্ৰী হৰ্ষ সংঘৱীয়েও টুইটাৰত পতাকাখনৰ ভিডিঅ' শ্বেয়াৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু