--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততে বিতৰ্কৰ মাজত সাঙোৰ খাই থকা বলিউডৰ অভিনেত্ৰী তথা বিজেপিৰ নৱ নিৰ্বাচিত সাংসদ কংগনা ৰানাৱট বিজেপিৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি। প্ৰতিদিনেই পৰিলক্ষিত হৈছে নৱ নিৰ্বাচিত সাংসদ গৰাকীৰ বিতৰ্কিত মন্তব্য। বিজেপিৰ প্ৰাক্তন সাংসদ স্মৃতি ইৰাণীয়ে আমেথি লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰা পাছত প্ৰাক্তন সাংসদগৰাকীৰ বিতৰ্কিত বক্তব্য হ্ৰাস পাইছিল যদিও নৱ নিৰ্বাচিত সাংসদ  কংগনা ৰানাৱটে পূৰণ কৰিছে এই শূণ্যতা।

পূৰ্বতে প্ৰাক্তন সাংসদ স্মৃতি ইৰাণীৰ বিতৰ্কিত বক্তব্যৰ বাবে বিমোৰত পৰিছ্ল বিজেপি দল। এইবাৰ কংগনা ৰানাৱটৰ বক্তব্যই শলঠেকত পেলাইছে বিজেপি দলক। কংগনা ৰানাৱটৰ বিতৰ্কিত বক্তব্যৰ ক্ষেত্ৰত সততে বিজেপি দলে মৌনতা অৱলম্বন কৰি আহিছে যদিও সমাগত হাৰিয়ানাৰ নিৰ্বাচনৰ আগমূহুৰ্তত কৃষক আন্দোলনক লৈ কৰা বক্তব্যৰ বাবে কংগনাৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে বিজেপি দল।

কংগনা ৰানাৱটে, ‘কৃষক আন্দোলনত ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে আন্দোলনত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।’ বুলি কৰা ভিত্তিহীন বক্তব্যই বিতৰ্কৰ মাজলৈ ঠেলি দিছে কংগনাক। এনে মন্তব্যৰে হাৰিয়ানাৰ নিৰ্বাচনত বিজেপিৰ সকলো প্ৰয়াসত বাধা হৈ পৰিছে কংগনা ৰানাৱট। যিহেতু হাৰিয়ানাত অধিক সংখ্যক ভোটাৰ কৃষক আৰু কৃষক সকল অসন্তুষ্ট হোৱা মানে বিজেপিৰ পৰাজয়। 

বিজেপিয়ে এক বিবৃতিৰ জড়িয়তে ভৱিষ্যতে এনে কোনো বক্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে কংগনাক।বিবৃতিটোত কোৱা হৈছে যে কংগনাৰ বক্তব্য দলৰ ভাষ্য নহয়। তেওঁৰ দলৰ নীতিগত বিষয়ত মন্তব্য দিবলৈ কৰ্তৃত্ব তথা অনুমতি নাই৷ সাংসদ গৰাকীক এনে বক্তব্য নিদিবলৈ সকীয়নি দিয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিয়ে ‘সবকা সাথ-সবকা বিকাশ’ নীতি তথা সামাজিক সম্প্ৰিতীৰ প্ৰতি দায়বদ্ধ বুলিও বিবৃতিটোত উল্লেখ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু