--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততে বিতৰ্কৰ মাজত সাঙোৰ খাই থকা বলিউডৰ অভিনেত্ৰী তথা বিজেপিৰ নৱ নিৰ্বাচিত সাংসদ কংগনা ৰানাৱট বিজেপিৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি। প্ৰতিদিনেই পৰিলক্ষিত হৈছে নৱ নিৰ্বাচিত সাংসদ গৰাকীৰ বিতৰ্কিত মন্তব্য। বিজেপিৰ প্ৰাক্তন সাংসদ স্মৃতি ইৰাণীয়ে আমেথি লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰা পাছত প্ৰাক্তন সাংসদগৰাকীৰ বিতৰ্কিত বক্তব্য হ্ৰাস পাইছিল যদিও নৱ নিৰ্বাচিত সাংসদ  কংগনা ৰানাৱটে পূৰণ কৰিছে এই শূণ্যতা।

পূৰ্বতে প্ৰাক্তন সাংসদ স্মৃতি ইৰাণীৰ বিতৰ্কিত বক্তব্যৰ বাবে বিমোৰত পৰিছ্ল বিজেপি দল। এইবাৰ কংগনা ৰানাৱটৰ বক্তব্যই শলঠেকত পেলাইছে বিজেপি দলক। কংগনা ৰানাৱটৰ বিতৰ্কিত বক্তব্যৰ ক্ষেত্ৰত সততে বিজেপি দলে মৌনতা অৱলম্বন কৰি আহিছে যদিও সমাগত হাৰিয়ানাৰ নিৰ্বাচনৰ আগমূহুৰ্তত কৃষক আন্দোলনক লৈ কৰা বক্তব্যৰ বাবে কংগনাৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে বিজেপি দল।

কংগনা ৰানাৱটে, ‘কৃষক আন্দোলনত ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে আন্দোলনত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।’ বুলি কৰা ভিত্তিহীন বক্তব্যই বিতৰ্কৰ মাজলৈ ঠেলি দিছে কংগনাক। এনে মন্তব্যৰে হাৰিয়ানাৰ নিৰ্বাচনত বিজেপিৰ সকলো প্ৰয়াসত বাধা হৈ পৰিছে কংগনা ৰানাৱট। যিহেতু হাৰিয়ানাত অধিক সংখ্যক ভোটাৰ কৃষক আৰু কৃষক সকল অসন্তুষ্ট হোৱা মানে বিজেপিৰ পৰাজয়। 

বিজেপিয়ে এক বিবৃতিৰ জড়িয়তে ভৱিষ্যতে এনে কোনো বক্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে কংগনাক।বিবৃতিটোত কোৱা হৈছে যে কংগনাৰ বক্তব্য দলৰ ভাষ্য নহয়। তেওঁৰ দলৰ নীতিগত বিষয়ত মন্তব্য দিবলৈ কৰ্তৃত্ব তথা অনুমতি নাই৷ সাংসদ গৰাকীক এনে বক্তব্য নিদিবলৈ সকীয়নি দিয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিয়ে ‘সবকা সাথ-সবকা বিকাশ’ নীতি তথা সামাজিক সম্প্ৰিতীৰ প্ৰতি দায়বদ্ধ বুলিও বিবৃতিটোত উল্লেখ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ