--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বীৰযোদ্ধা সেইজন যিজনে সন্মুখৰ পৰা সৈন্যদলক নেতৃত্ব দিয়ে৷ ইতিহাসত এনে বীৰযোদ্ধাৰ উদাহৰণ সুলভ প্ৰবল পৰাক্ৰমী শত্ৰুৰ বিৰুদ্ধে সাহসৰ সন্মুখৰ পৰা নেতৃত্ব দি নিজৰ লগতে ৰাজ্যখনক সুৰক্ষিত কৰাৰ৷ আজিৰ প্ৰেক্ষাপটত যুদ্ধক্ষেত্ৰত নামিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ যুদ্ধক্ষেত্ৰলৈ যোৱাৰ সাহসেই নহ’ল আন ৭ গৰাকী বিৰোধী মুখ্যমন্ত্ৰীৰ৷

কোৱা হৈছে তামিলনাডু, তেলেংগানা, কৰ্ণাটক, হিমাচল প্ৰদেশ, পঞ্জাৱ, কেৰালা আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ কথা। 

মুখ্যমন্ত্ৰী নাহিল যুদ্ধক্ষেত্ৰলৈ৷ আজি নিটি আয়োগৰ নৱম গভৰ্নিং কাউন্সিলৰ বৈঠক৷ মোদীৰ সভাপতিত্বত অনুষ্ঠিত হৈছে বৈঠক৷এই বৈঠক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ’ব। এই বৈঠকত ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব৷

বৈঠকৰ বিষয়বস্তু হৈছে ‘উন্নত ভাৰত ২০৪৭।’

প্ৰধানমন্ত্ৰী মোদী নিটি আয়োগৰ অধ্যক্ষ। এই বৈঠকত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্রী আৰু উপ-ৰাজ্যপাল, কেন্দ্রীয় মন্ত্রীসকল আৰু নিটি আয়োগৰ উপাধ্যক্ষ আৰু সদস্যসকল উপস্থিত থাকিব৷ উল্লেখযোগ্য যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত।

জিডিপিয়ে পাঁচ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিলে। ২০৪৭ চনৰ ভিতৰত ৩০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি লাভ কৰাৰ আকাংক্ষা। ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ দৃষ্টিভংগী সাধন কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতামূলক পন্থাৰ প্ৰয়োজন হ’ব। আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ উদ্দেশ্য হৈছে এই দৃষ্টিভংগীৰ বাবে এখন ৰোডমেপ প্ৰস্তুত কৰা। কিন্তু সাধাৰণ বাজেটত অ-এনডিএ শাসিত ৰাজ্যক আওকাণ কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। এই কাৰণতে তেওঁলোকে এই বাজেটৰ প্ৰতিবাদত এই সভা বৰ্জন কৰিছে। অ-এন ডি এ শাসিত ৰাজ্যসমূহে কয় যে ক্ষমতাত থাকিবলৈ মোদী চৰকাৰে এই বাজেটত কেৱল বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশকহে বিশেষ গুৰুত্ব দিয়াৰ অভিযোগ। আন ৰাজ্যৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নহ’ল। 

২০১৫ চনত নিটি আয়োগ প্ৰতিষ্ঠা হৈছিল। নিটি আয়োগ মানে ভাৰতীয় ৰূপান্তৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান। পৰিকল্পনা আয়োগ ভংগ কৰি ইয়াক স্থাপন কৰা হৈছিল। নিটি আয়োগ কোনো সাংবিধানিক অনুষ্ঠান নহয়। কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ বৈঠকত উপস্থিত থাকিবলৈ বাধ্য নহয়। নিটি আয়োগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰামৰ্শদাতা সংস্থা হিচাপে কাম কৰে। এই বৈঠকৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় উন্নয়নৰ কাৰ্যসূচী আগবঢ়াই নিয়া। 

বিৰোধীয়ে বাজেটৰ বিৰোধিতা কৰি অভিযোগ উত্থাপন কৰি কৈছে যে তেওঁলোকৰ শাসিত ৰাজ্যক বঞ্চিত কৰা হৈছে কিন্তু বিৰোধী হিচাপে ৰাজ্যখনৰ বাবে নিজৰ অধিকাৰ শাসক পক্ষৰ পৰা কাঢ়ি অনাৰ দায়িত্ব তেওঁলোকৰে৷ তেনে ক্ষেত্ৰত নীতি আয়োগৰ এই বৈঠক বৰ্জনে ৰাজ্যখনৰ সমস্যাসমূহ বা ভৱিষ্যত পৰিকল্পনাতহে ব্যাঘাত জন্মাব৷ সেয়ে দেশৰ সচেতন মহলত চৰ্চা নীতি আয়োগৰ বৈঠক বৰ্জন কৰি ৭ মুখ্যমন্ত্ৰীয়ে পৰাজয় স্বীকাৰ কৰিছে৷ তদুপৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত আছে বৈঠকত৷ চৰ্চা 

দিদিগিৰি আকৌ মমতাৰ৷কাঢ়ি আনিব ৰাজ্যবাসীৰ প্ৰাপ্য অধিকাৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement