--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অমিতাভ বচ্চনৰ নাতি আগস্ত্য নন্দৰ সৈতে ডিনাৰ ডেটত উপস্থিত আছিল শ্বাহৰুখৰ কন্যা সুহানা খান। ডিনাৰ ডেটত সুহানাই নীলা ৰঙৰ জিন্স আৰু ক’লা ৰঙৰ ক্ৰপ টপ পিন্ধা দেখা গৈছিল। আনহাতে আগস্ত্যই পিন্ধিছিল ক’লা হুডি আৰু ধূসৰ ৰঙৰ পেণ্ট। কিন্তু সুহানা-আগস্ত্য অকলশৰীয়া নহয়, বচ্চনৰ জীয়ৰী শ্বেতা নন্দা তেওঁলোকৰ লগত উপস্থিত আছিল।

 যি মুহূৰ্তত সুহানা অমিতাভ বচ্চনৰ নাতিৰ সৈতে ডিনাৰ ডেটলৈ গৈছিল, সেই মুহূৰ্তৰ এটি দৃশ্য ছ’চিয়েল মিডিয়াত পোহৰলৈ অহাৰ ভিডিঅ’টোত অগস্ত্যৰ মাতৃ শ্বেতা নন্দক আগস্ত্য-সুহানাৰ সৈতে দেখা গৈছিল। কিন্তু শ্বেতা, আগস্ত্য বা সুহানা কোনোৱেই মাস্ক খুলি পাপাৰাজীৰ কেমেৰাৰ সন্মুখত ফটোৰ বাবে পোজ নিদিলে। নেটিজেনে অৱশ্যে শ্বেতাক সুহানা-আগস্ত্যৰ মাজত দেখি ‘কেবাব মে হাদ্দি’ বুলি ঠাট্টা কৰে। কিন্তু নেটিজেনে পাছত প্ৰশংসা কৰে যে তেওঁ সুহানাৰ হাতত ধৰি গাড়ীৰ ওচৰলৈ লৈ যায়।

 অমিতাভ বচ্চনৰ নাতি আগস্ত্য নন্দ, শ্বাহৰুখৰ কন্যা সুহানা খান, আৰু শ্ৰীদেৱী-ব’নী কাপুৰৰ সৰু কন্যা খুশী কাপুৰে জোয়া আখতাৰৰ ছবি ‘আৰ্চিছৰ সৈতে একেলগে বলিউডত খোজ পেলাইছিল। জোয়া আখতাৰৰ এই ছবিখন হৈছে আৰ্চিজ কমিক্সৰ ভাৰতীয় নাট্য অভিযোজন। ছবিখনত আৰ্চিৰ চৰিত্ৰত দেখা যাব আগস্ত্যক। ভেৰোনিকাৰ চৰিত্ৰত সুহানা আৰু বেটীৰ চৰিত্ৰত অভিনয় কৰিছে খুশী কাপুৰে। আগস্ত্য, সুহানা, খুশীৰ উপৰি ছবিখনত অভিনয় কৰিছে মিহিৰ আহুজা, ডট (আদিতি চাইগাল), যুৱৰাজ মেণ্ডা আৰু বেদাং ৰাইনা। অহা বছৰ নেটফ্লিক্সত মুক্তি পাব ছবিখন।

 প্ৰসংগক্ৰমে সুহানাক প্ৰায়ে আগস্ত নন্দৰ ভগ্নী নব্য নভেলী নন্দৰ সৈতে দেখা যায়। বলীউডত অভিষেক ঘটাবলৈ গৈ আছে ভাই আগস্ত্য, কিন্তু অভিনয় জগতত নিজৰ নাম উজলাবলৈ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই নব্যাই যদিও শেহতীয়াকৈ তাইক এটা কচমেটিক কোম্পানীৰ বিজ্ঞাপনত দেখা গৈছিল। আনহাতে, শুনা গৈছে যে সুহানাৰ দাদা আৰিয়ান খানে অভিনয়ৰ সলনি পৰিচালনাত মনোনিৱেশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ