--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অমিতাভ বচ্চনৰ নাতি আগস্ত্য নন্দৰ সৈতে ডিনাৰ ডেটত উপস্থিত আছিল শ্বাহৰুখৰ কন্যা সুহানা খান। ডিনাৰ ডেটত সুহানাই নীলা ৰঙৰ জিন্স আৰু ক’লা ৰঙৰ ক্ৰপ টপ পিন্ধা দেখা গৈছিল। আনহাতে আগস্ত্যই পিন্ধিছিল ক’লা হুডি আৰু ধূসৰ ৰঙৰ পেণ্ট। কিন্তু সুহানা-আগস্ত্য অকলশৰীয়া নহয়, বচ্চনৰ জীয়ৰী শ্বেতা নন্দা তেওঁলোকৰ লগত উপস্থিত আছিল।

 যি মুহূৰ্তত সুহানা অমিতাভ বচ্চনৰ নাতিৰ সৈতে ডিনাৰ ডেটলৈ গৈছিল, সেই মুহূৰ্তৰ এটি দৃশ্য ছ’চিয়েল মিডিয়াত পোহৰলৈ অহাৰ ভিডিঅ’টোত অগস্ত্যৰ মাতৃ শ্বেতা নন্দক আগস্ত্য-সুহানাৰ সৈতে দেখা গৈছিল। কিন্তু শ্বেতা, আগস্ত্য বা সুহানা কোনোৱেই মাস্ক খুলি পাপাৰাজীৰ কেমেৰাৰ সন্মুখত ফটোৰ বাবে পোজ নিদিলে। নেটিজেনে অৱশ্যে শ্বেতাক সুহানা-আগস্ত্যৰ মাজত দেখি ‘কেবাব মে হাদ্দি’ বুলি ঠাট্টা কৰে। কিন্তু নেটিজেনে পাছত প্ৰশংসা কৰে যে তেওঁ সুহানাৰ হাতত ধৰি গাড়ীৰ ওচৰলৈ লৈ যায়।

 অমিতাভ বচ্চনৰ নাতি আগস্ত্য নন্দ, শ্বাহৰুখৰ কন্যা সুহানা খান, আৰু শ্ৰীদেৱী-ব’নী কাপুৰৰ সৰু কন্যা খুশী কাপুৰে জোয়া আখতাৰৰ ছবি ‘আৰ্চিছ’ৰ সৈতে একেলগে বলিউডত খোজ পেলাইছিল। জোয়া আখতাৰৰ এই ছবিখন হৈছে আৰ্চিজ কমিক্সৰ ভাৰতীয় নাট্য অভিযোজন। ছবিখনত আৰ্চিৰ চৰিত্ৰত দেখা যাব আগস্ত্যক। ভেৰোনিকাৰ চৰিত্ৰত সুহানা আৰু বেটীৰ চৰিত্ৰত অভিনয় কৰিছে খুশী কাপুৰে। আগস্ত্য, সুহানা, খুশীৰ উপৰি ছবিখনত অভিনয় কৰিছে মিহিৰ আহুজা, ডট (আদিতি চাইগাল), যুৱৰাজ মেণ্ডা আৰু বেদাং ৰাইনা। অহা বছৰ নেটফ্লিক্সত মুক্তি পাব ছবিখন।

 প্ৰসংগক্ৰমে সুহানাক প্ৰায়ে আগস্ত নন্দৰ ভগ্নী নব্য নভেলী নন্দৰ সৈতে দেখা যায়। বলীউডত অভিষেক ঘটাবলৈ গৈ আছে ভাই আগস্ত্য, কিন্তু অভিনয় জগতত নিজৰ নাম উজলাবলৈ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই নব্যাই যদিও শেহতীয়াকৈ তাইক এটা কচমেটিক কোম্পানীৰ বিজ্ঞাপনত দেখা গৈছিল। আনহাতে, শুনা গৈছে যে সুহানাৰ দাদা আৰিয়ান খানে অভিনয়ৰ সলনি পৰিচালনাত মনোনিৱেশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু