ডিজিটেল ডেস্কঃ এজন যুৱকে বৰ আশাৰে নিজৰ বিয়াখন পাতিছিল, সেই বিয়াই যে তেওঁৰ জীৱনৰ বাবে কাল হ'ব সেই কথা তেওঁ সপোনতো ভবা নাছিল। ঘটনাটো ৰাজস্থানৰ বাৰমেৰ জিলাৰ। মেহৰা ৰাম নামৰ এজন যুৱকে এগৰাকী দালালৰ সহযোগত নিজৰ বিয়াখন পাতে। যুৱতীগৰাকী গুজৰাটৰ। এই বিয়াখন সম্পন্ন হ'বৰ বাবে দালালজনে ৩ লাখ টকা বিচাৰে। ৩ লাখ টকা দিয়াৰ পাছত গুজৰাটৰ মমতা নামৰ যুৱতীগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মেহৰা ৰাম। কিন্তু এই সংসাৰখন আছিল তেনেই ক্ষণস্থায়ী।
বিয়াৰ মাত্ৰ ১৫ দিনৰ পাছতে কইনা দৰাঘৰৰ পৰা পলাই যায়। এই ঘটনাত মেহৰা ৰামৰ লগতে ঘৰৰ সকলো দুখত ভাগি পৰিছে। মেহৰা ৰামে সদৰী কৰা অনুসৰি যোগৰাম নামৰ এজন দালালে মেহৰা ৰামৰ বিয়াখন পাতিবৰ বাবে কথা পাতে আৰু বিয়াখন কৰাই দিয়াৰ বিনিময়ত তেওঁ ৩ লাখ টকা বিচাৰে। টকাখিনি দিয়াৰ পাছত মমতাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মেহৰা ৰাম। বিয়াৰ প্ৰাৰম্ভিক দিনবোৰত সকলো ঠিকেই চলি আছিল।
প্ৰায় ১০ দিনৰ পাছত কইনা মমতাই কোনো অজুহাতত ভায়েকৰ একাউণ্টত ৪০,০০০ টকা জমা দিছিল। বিয়াৰ ১৫ দিনৰ পাছত কইনা মমতাই অলংকাৰ আৰু ৫০,০০০ টকা লৈ পলাই যায়। মেহৰা ৰামে কামৰ পৰা উভতি আহি ঘৰত মমতাক নেদেখি তেওঁক ফোন কৰে। ফোনত মমতাই কয় যে তেওঁৰ মাতৃৰ স্বাস্থ্য বেয়া, সেয়েহে তেওঁ ১৫ ৰ পৰা ২০ দিনৰ ভিতৰতহে ঘূৰি যাব পাৰিব। এই কথাত মেহৰা ৰামৰ সন্দেহ হোৱাত যোগৰামৰ সৈতে কথা পাতিব বিচাৰিছিল কিন্তু তেওঁ কোনো সঁহাৰি পোৱা নাছিল।
ইয়াৰ পাছত মেহৰা ৰামে বাৰে বাৰে মমতাক ফোন কৰি থকাত মমতাই কয় যে তেওঁ ইতিমধ্যে বিবাহিতা মহিলা আৰু তেওঁৰ এজনী কন্যা সন্তানো আছে। এই কথা শুনি মেহৰা ৰাম হতবাক হৈ পৰে৷ দুখত ভাগি পৰা মেহৰা ৰামে লগে লগে থানাত যোগৰাম আৰু মমতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে৷ দালাল যোগৰাম, মমতা আৰু আন কেইজনমানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষী সমগ্ৰ ঘটনাটোৰ তদন্তত নামি পৰিছে।
আৰু পঢ়কঃ যুৱতীৰ উচ্চতা ২ ফুট আৰু প্ৰেমিক ১৩ বছৰৰ সৰু! ট্ৰ’লক আওকাণ কৰি গায় প্ৰেমৰ জয়গান