--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন যুৱকে বৰ আশাৰে নিজৰ বিয়াখন পাতিছিল, সেই বিয়াই যে তেওঁৰ জীৱনৰ বাবে কাল হ'ব সেই কথা তেওঁ সপোনতো ভবা নাছিল। ঘটনাটো ৰাজস্থানৰ বাৰমেৰ জিলাৰ। মেহৰা ৰাম নামৰ এজন যুৱকে এগৰাকী দালালৰ সহযোগত নিজৰ বিয়াখন পাতে। যুৱতীগৰাকী গুজৰাটৰ। এই বিয়াখন সম্পন্ন হ'বৰ বাবে দালালজনে ৩ লাখ টকা বিচাৰে। ৩ লাখ টকা দিয়াৰ পাছত গুজৰাটৰ মমতা নামৰ যুৱতীগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মেহৰা ৰাম। কিন্তু এই সংসাৰখন আছিল তেনেই ক্ষণস্থায়ী। বিয়াৰ মাত্ৰ ১৫ দিনৰ পাছতে কইনা দৰাঘৰৰ পৰা পলাই যায়। এই ঘটনাত মেহৰা ৰামৰ লগতে ঘৰৰ সকলো দুখত ভাগি পৰিছে। মেহৰা ৰামে সদৰী কৰা অনুসৰি যোগৰাম নামৰ এজন দালালে মেহৰা ৰামৰ বিয়াখন পাতিবৰ বাবে কথা পাতে আৰু বিয়াখন কৰাই দিয়াৰ বিনিময়ত তেওঁ ৩ লাখ টকা বিচাৰে। টকাখিনি দিয়াৰ পাছত মমতাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মেহৰা ৰাম। বিয়াৰ প্ৰাৰম্ভিক দিনবোৰত সকলো ঠিকেই চলি আছিল। প্ৰায় ১০ দিনৰ পাছত কইনা মমতাই কোনো অজুহাতত ভায়েকৰ একাউণ্টত ৪০,০০০ টকা জমা দিছিল। বিয়াৰ ১৫ দিনৰ পাছত কইনা মমতাই অলংকাৰ আৰু ৫০,০০০ টকা লৈ পলাই যায়। মেহৰা ৰামে কামৰ পৰা উভতি আহি ঘৰত মমতাক নেদেখি তেওঁক ফোন কৰে। ফোনত মমতাই কয় যে তেওঁৰ মাতৃৰ স্বাস্থ্য বেয়া, সেয়েহে তেওঁ ১৫ ৰ পৰা ২০ দিনৰ ভিতৰতহে ঘূৰি যাব পাৰিব। এই কথাত মেহৰা ৰামৰ সন্দেহ হোৱাত যোগৰামৰ সৈতে কথা পাতিব বিচাৰিছিল কিন্তু তেওঁ কোনো সঁহাৰি পোৱা নাছিল। ইয়াৰ পাছত মেহৰা ৰামে বাৰে বাৰে মমতাক ফোন কৰি থকাত মমতাই কয় যে তেওঁ ইতিমধ্যে বিবাহিতা মহিলা আৰু তেওঁৰ এজনী কন্যা সন্তানো আছে। এই কথা শুনি মেহৰা ৰাম হতবাক হৈ পৰে৷ দুখত ভাগি পৰা মেহৰা ৰামে লগে লগে থানাত যোগৰাম আৰু মমতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে৷ দালাল যোগৰাম, মমতা আৰু আন কেইজনমানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষী সমগ্ৰ ঘটনাটোৰ তদন্তত নামি পৰিছে। আৰু পঢ়কঃ যুৱতীৰ উচ্চতা ২ ফুট আৰু প্ৰেমিক ১৩ বছৰৰ সৰু! ট্ৰ’লক আওকাণ কৰি গায় প্ৰেমৰ জয়গান

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন