--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে শীঘ্ৰেই প্ৰায় ২৪ কোটি ইপিএফঅ’ৰ একাউণ্টধাৰকলৈ আনিব পাৰে সুখবৰ। দৰাচলতে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে কৰ্মচাৰী ভৱিষ্যত নিধিৰ ইপিএফঅ’ৰ জমাৰ সুদৰ হাৰৰ ওপৰত ভাল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, বৰ্ধিত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে চাকৰিয়ালসকলক সকাহ দিয়াৰ উদ্দেশ্য ইপিএফঅ’ৰ সুদৰ হাৰ বৃদ্ধি সম্ভাৱনাৰ আশা কৰা হৈছে। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (EPFO) কেন্দ্ৰীয় ট্ৰাষ্টী পৰিষদে (CBT) অহা মাহত অৰ্থাৎ ২০২১-২২ বৰ্ষৰ বাবে পিএফ জমাৰ সুদৰ হাৰৰ ওপৰত সিদ্ধান্ত লোৱাৰ বাবে মাৰ্চ মাহত বৈঠকত মিলিত হ’ব। কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী ভূপেন্দ্ৰ যাদৱে জনোৱা মতে EPFOৰ CBTৰ বৈঠক অহা মাৰ্চ মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব। ২০২১-২২ বৰ্ষৰ বাবে সুদৰ হাৰ নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ তালিকাভুক্ত কৰে। ২০২০-২১ বৰ্ষৰ দৰে ইপিএফঅ’য়ে ২০২১-২২ বৰ্ষৰ বাবে ৮.৫ শতাংশ সুদৰ হাৰ বজাই ৰাখিব নেকি বুলি সোধাত CBTৰ মূৰব্বী যাদৱে কয় যে, পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে উপাৰ্জনৰ আকলনৰ আধাৰত এই সিদ্ধান্ত লোৱা হ’ব। শেহতীয়াকৈ ইপিএফঅ’য়ে এক টুইটাযোগে কৈছিল যে ই ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ২৪ কোটি অধিক পিএফ একাউণ্টত সুদ জমা কৰিছে আৰু ২০২১-২২ বিত্তীয় বৰ্ষ অনুসৰি সুদৰ হাৰ বৃদ্ধিৰ সম্ভাৱনাৰ আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন