--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে শীঘ্ৰেই প্ৰায় ২৪ কোটি ইপিএফঅ’ৰ একাউণ্টধাৰকলৈ আনিব পাৰে সুখবৰ। দৰাচলতে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে কৰ্মচাৰী ভৱিষ্যত নিধিৰ ইপিএফঅ’ৰ জমাৰ সুদৰ হাৰৰ ওপৰত ভাল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, বৰ্ধিত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে চাকৰিয়ালসকলক সকাহ দিয়াৰ উদ্দেশ্য ইপিএফঅ’ৰ সুদৰ হাৰ বৃদ্ধি সম্ভাৱনাৰ আশা কৰা হৈছে। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (EPFO) কেন্দ্ৰীয় ট্ৰাষ্টী পৰিষদে (CBT) অহা মাহত অৰ্থাৎ ২০২১-২২ বৰ্ষৰ বাবে পিএফ জমাৰ সুদৰ হাৰৰ ওপৰত সিদ্ধান্ত লোৱাৰ বাবে মাৰ্চ মাহত বৈঠকত মিলিত হ’ব। কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী ভূপেন্দ্ৰ যাদৱে জনোৱা মতে EPFOৰ CBTৰ বৈঠক অহা মাৰ্চ মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব। ২০২১-২২ বৰ্ষৰ বাবে সুদৰ হাৰ নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ তালিকাভুক্ত কৰে। ২০২০-২১ বৰ্ষৰ দৰে ইপিএফঅ’য়ে ২০২১-২২ বৰ্ষৰ বাবে ৮.৫ শতাংশ সুদৰ হাৰ বজাই ৰাখিব নেকি বুলি সোধাত CBTৰ মূৰব্বী যাদৱে কয় যে, পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে উপাৰ্জনৰ আকলনৰ আধাৰত এই সিদ্ধান্ত লোৱা হ’ব। শেহতীয়াকৈ ইপিএফঅ’য়ে এক টুইটাযোগে কৈছিল যে ই ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ২৪ কোটি অধিক পিএফ একাউণ্টত সুদ জমা কৰিছে আৰু ২০২১-২২ বিত্তীয় বৰ্ষ অনুসৰি সুদৰ হাৰ বৃদ্ধিৰ সম্ভাৱনাৰ আশা কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান