--°C
Loading...
Listen to Article
2 min read
80%
ডিডিটেল ডেস্কঃ কাৰ ভাগ্য কেতিয়া সলনি হয় সেই কথা কোনেও ক'ব নোৱাৰে। ভাগ্যৰ বলত ৰজাও ভিক্ষাৰী হয় আৰু ভিক্ষাৰীও ৰজা হয়। কেতিয়াবা ভাগ্য সলনি হ'বলৈ বেছি পৰ নালাগে। এজন ৬০ বছৰীয়া মজদুৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে। ৬০ বছৰ বয়সত সলনি হ'ল তেওঁৰ জীৱন। মাম্মিকা নামৰ ৬০ বছৰীয়া দিন-হাজিৰা কৰা মজদুৰজন বৰ্তমান এগৰাকী মডেল হৈ পৰিছে। কেৰালাৰ কোজিকোডৰ বাসিন্দা মাম্মিকাক সকলোৱে ফটা-ছিটা মলিয়ন কাপোৰতে দেখি আহিছে আৰু এই সাজ পৰিধান কৰাটো মজদুৰ বা শ্ৰমিক এজনৰ বাবে সাধাৰণ কথা। কিন্তু এতিয়া সলনি হৈছে মাম্মিকাৰ জীৱন। ছুপাৰ গ্লেম মেকঅ'ভাৰৰ সৈতে ছ'চিয়েল মিডিয়াত বৰ্তমান ধুমুহাৰ সৃষ্টি কৰিছে মাম্মিকাই। মাম্মিকাৰ মাজত মডেলিঙৰ প্ৰতিভা দেখিছিল ফটোগ্ৰাফাৰ শাৰিক ৱাইলিলে। এটা স্থানীয় প্ৰতিষ্ঠানৰ প্ৰচাৰৰ বাবে শাৰিক ৱাইলিলে মাম্মিকাক মডেল হিচাপে বাচনি কৰে। ছ্যুট পিন্ধি, ছানগ্লাছ চকুত লগাই, হাতত আইপেড লৈ এক আকৰ্ষণীয় লুকত মাম্মিকাৰ ফটোশ্বুট আৰু ভিডিঅ'শ্বুট কৰোৱা হয়। এই ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে ই ভাইৰেল হৈ পৰে। নিজৰ এই সাফল্যত সুখী হৈ পৰিছে মাম্মিকা। তেওঁ কয় যে শ্ৰমিকৰ সমানে সমানে যদি তেওঁলৈ মডেলিঙৰ প্ৰস্তাৱ আহে তেন্তে তেওঁ সেই কাম কৰি যাব। মাম্মিকাৰ এই পৰিৱৰ্তন আচৰিত হৈ পৰিছে তেওঁল লগৰ আন শ্ৰমিকসকল আৰু ওচৰ-চুবুৰীয়াও হতবাক হৈ পৰিছে। উল্লেখ্য যে ফটোগ্ৰাফাৰ শাৰিক ৱাইলিলে ইয়াৰ পূৰ্বেও ছ'চিয়েল মিডিয়াত মাম্মিকাৰ এখন ফটো পোষ্ট কৰিছিল, যি ফটো অভিনেতা বিনায়কনৰ সৈতে একে আছিল, তেতিয়াও এই ফটো ভাইৰেল হৈ পৰিছিল। বৰ্তমান মাম্মিকাৰ নিজা ইনষ্টাগ্ৰাম পেজ আছে য'ত তেওঁ সাধাৰণ কাপোৰৰ সৈতে মেকঅ'ভাৰত তেওঁৰ ফটো শ্বেয়াৰ কৰে। মাম্মিকা এতিয়া তেওঁৰ জন্মস্থান কোজিকোডৰ নায়ক হৈ পৰিছে। আৰু পঢ়কঃ বিয়াৰ ১৫ দিনৰ পাছত দৰাঘৰৰ পৰা টকা-অলংকাৰ লৈ পলাল কইনা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন