--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিডিটেল ডেস্কঃ কাৰ ভাগ্য কেতিয়া সলনি হয় সেই কথা কোনেও ক'ব নোৱাৰে। ভাগ্যৰ বলত ৰজাও ভিক্ষাৰী হয় আৰু ভিক্ষাৰীও ৰজা হয়। কেতিয়াবা ভাগ্য সলনি হ'বলৈ বেছি পৰ নালাগে। এজন ৬০ বছৰীয়া মজদুৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে। ৬০ বছৰ বয়সত সলনি হ'ল তেওঁৰ জীৱন। মাম্মিকা নামৰ ৬০ বছৰীয়া দিন-হাজিৰা কৰা মজদুৰজন বৰ্তমান এগৰাকী মডেল হৈ পৰিছে। কেৰালাৰ কোজিকোডৰ বাসিন্দা মাম্মিকাক সকলোৱে ফটা-ছিটা মলিয়ন কাপোৰতে দেখি আহিছে আৰু এই সাজ পৰিধান কৰাটো মজদুৰ বা শ্ৰমিক এজনৰ বাবে সাধাৰণ কথা। কিন্তু এতিয়া সলনি হৈছে মাম্মিকাৰ জীৱন। ছুপাৰ গ্লেম মেকঅ'ভাৰৰ সৈতে ছ'চিয়েল মিডিয়াত বৰ্তমান ধুমুহাৰ সৃষ্টি কৰিছে মাম্মিকাই। মাম্মিকাৰ মাজত মডেলিঙৰ প্ৰতিভা দেখিছিল ফটোগ্ৰাফাৰ শাৰিক ৱাইলিলে। এটা স্থানীয় প্ৰতিষ্ঠানৰ প্ৰচাৰৰ বাবে শাৰিক ৱাইলিলে মাম্মিকাক মডেল হিচাপে বাচনি কৰে। ছ্যুট পিন্ধি, ছানগ্লাছ চকুত লগাই, হাতত আইপেড লৈ এক আকৰ্ষণীয় লুকত মাম্মিকাৰ ফটোশ্বুট আৰু ভিডিঅ'শ্বুট কৰোৱা হয়। এই ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে ই ভাইৰেল হৈ পৰে। নিজৰ এই সাফল্যত সুখী হৈ পৰিছে মাম্মিকা। তেওঁ কয় যে শ্ৰমিকৰ সমানে সমানে যদি তেওঁলৈ মডেলিঙৰ প্ৰস্তাৱ আহে তেন্তে তেওঁ সেই কাম কৰি যাব। মাম্মিকাৰ এই পৰিৱৰ্তন আচৰিত হৈ পৰিছে তেওঁল লগৰ আন শ্ৰমিকসকল আৰু ওচৰ-চুবুৰীয়াও হতবাক হৈ পৰিছে। উল্লেখ্য যে ফটোগ্ৰাফাৰ শাৰিক ৱাইলিলে ইয়াৰ পূৰ্বেও ছ'চিয়েল মিডিয়াত মাম্মিকাৰ এখন ফটো পোষ্ট কৰিছিল, যি ফটো অভিনেতা বিনায়কনৰ সৈতে একে আছিল, তেতিয়াও এই ফটো ভাইৰেল হৈ পৰিছিল। বৰ্তমান মাম্মিকাৰ নিজা ইনষ্টাগ্ৰাম পেজ আছে য'ত তেওঁ সাধাৰণ কাপোৰৰ সৈতে মেকঅ'ভাৰত তেওঁৰ ফটো শ্বেয়াৰ কৰে। মাম্মিকা এতিয়া তেওঁৰ জন্মস্থান কোজিকোডৰ নায়ক হৈ পৰিছে। আৰু পঢ়কঃ বিয়াৰ ১৫ দিনৰ পাছত দৰাঘৰৰ পৰা টকা-অলংকাৰ লৈ পলাল কইনা!
FOLLOW US F
POPULAR
FEATURE
TRENDY
তেলেংগনাত ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং ; ‘টপ’ক প্ৰতিনিধিত্ব কৰি খেলিব দুই অসম কন্যা লাভলিনা-অংকুশিতাই
সফল অস্ত্ৰোপচাৰৰ পিছত অনুৰাগীলৈ বিশেষ বাৰ্তা সূৰ্যকুমাৰ যাদৱৰ
চি বি এছ ইত বছৰত দুবাৰ হ'ব দশম শ্ৰেণীৰ পৰীক্ষা
পাকিস্তানক 'পাৰমাণৱিক শত্রু' ঘোষণা কৰিব আমেৰিকাই
বিশ্বৰ ভিতৰত দক্ষিণ এছিয়াই আটাইতকৈ বেছি ভূগৰ্ভৰ জল ব্যৱহাৰ কৰে
প্ৰতিৰক্ষা ব্যয়ৰ বাবে কৰিব জি ডি পিৰ ৫% বাৰ্ষিক বিনিয়োগ
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
তৎকাল টিকট বুকিঙৰ নিয়ম সলনি: ১ জুলাইৰ পৰা IRCTC একাউণ্টৰ সৈতে আধাৰ লিংক কৰাটো বাধ্যতামূলক
ভাৰতত নিষিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ কিন্তু ভাৰতৰ বাহিৰত আম্বানী, আদানী, শ্বাহৰুখ খানৰ হৈ খেলি আছে এইসকল ক্ৰিকেটাৰে
প্ৰেমিকাক কোলাত বহুৱাই ৰাজপথত প্ৰেমিকৰ বাইক ষ্টাণ্ট! ৫৩,৫০০ টকাৰ জৰিমনা আৰক্ষীৰ
লামডিঙত ন'বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি উত্তাল প্ৰতিবাদ
পশ্চিম কাৰ্বিআংলঙত চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে
যোৰহাটৰ পুৰণা বাছ আস্থানত গেছৰ পাইপ ফটাত তীব্ৰ আতংক
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা