--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডত এতিয়া উখল মাখল পৰিৱেশ। কেটৰিনা কাঈফ আৰু বিকি কৌশলৰ বিয়ালৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে সকলো। শুকুৰবাৰে ৰাজস্থানত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত বিয়াখনৰ সংগীতানুষ্ঠান। পিছে এই অনুষ্ঠানত এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে কইনা কেটৰিনাই। পিছে কি নিৰ্দেশ দিলে মোহময়ী কেটৰিনাই? বলীউডৰ ভিতৰ চৰাৰ পৰা অহা খবৰ অনুসৰি কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰৰ ছবিৰ সকলো গান নিষিদ্ধ কৰিছে সংগীতানুষ্ঠানত। এটা সময়ত ৰণবীৰ আৰু কেটৰিনাৰ মাজত আছিল হিয়া দিয়া নিয়া।

দীপিকা পাডুকণৰ সৈতে ব্ৰেকআপ হোৱাৰ পাছত কেটৰিনাৰ প্ৰেমত বন্দী হৈছিল চকলেট বয় ৰণবীৰ কাপুৰ। কিন্তু এই প্ৰেম দীৰ্ঘদিনীয়া নহ'ল। ছলমান খানৰ সৈতে বিচ্ছেদ হোৱাৰ পাছত ৰণবীৰ কাপুৰৰ মাজত কেটৰিনাই বিচাৰি পাইছিল প্ৰেমৰ ৰং, পিছে সেই প্ৰেমো ভাঙি যোৱাত কেটৰিনা দুখত ভাগি পৰিছিল।২০০৯ চনত ‘অজৱ প্ৰেম কি গজৱ কাহানী’ ছবিখনত ৰণবীৰ-কেটৰিনাই একেলগে অভিনয় কৰিছিল। তাতেই গঢ় লৈ উঠিছিল দুয়োৰে মাজত বন্ধুত্ব। এই বন্ধুত্বই কম দিনৰ ভিতৰতে প্ৰেমৰ ৰূপ লয়। ভিন্ন ডেটিং স্পটত দুয়োকে একেলগে দেখা গৈছিল। ৰণবীৰ-কেটৰিনাই একেলগে ‘ৰাজনীতি’, ‘জগ্গা জাছুছ’ৰ দৰে ছবিতো একেলগে অভিনয় কৰে। কিন্তু এই প্ৰেম ভংগ হোৱাৰ পাছত দুয়ো দুয়োৰে মুখো চাব নিবিচৰা হ'ল।

কোন কালৈ ৰৈ থাকে? আকৌ প্ৰেমত পৰিল দুয়ো। কেটৰিনা পৰিল বিকি কৌশলৰ প্ৰেমত আৰু ৰণবীৰ পৰিল আলিয়া ভাটৰ প্ৰেমত। এই প্ৰেম কিন্তু টিকিল। কেটৰিনা বিকি কৌশলৰ সৈতে বিবাহপাশত আৱদ্ধ হ'বলৈ গৈ আছে। ইফালে ৰণবীৰেও অতি সোনকালে ঘৰৰ লখিমী কৰি আদৰি নিব আলিয়া ভাটক। পুৰণা প্ৰেমৰ সেই স্মৃতি দূৰত ৰখাৰ উদ্দেশ্যেৰে কেটৰিনাই ৰণবীৰৰ গান নিষিদ্ধ কৰিছে নিজৰ বিয়াত। বিকি-কেটৰ বিয়াত নিমন্ত্ৰিত অতিথিৰ তালিকাতো নাই ৰণবীৰ কাপুৰ। উল্লেখ্য যে বিয়াখনত বিকি-কেটে কি কি গানত নৃত্য কৰিব সেয়াও ঠিক কৰা হৈছে। জনপ্ৰিয় গান 'কালা চশমা', 'তেৰী ঔৰ' আদি গীতৰ তালে তালে নাচিব বিকি-কেটে।

আৰু পঢ়কঃ ৰেগিঙৰ দুৰ্বিষহ জ্বালা! মৃত্যুমুখলৈ ঠেলিলে মেডিকেলৰ ছাত্ৰক


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু