--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডত এতিয়া উখল মাখল পৰিৱেশ। কেটৰিনা কাঈফ আৰু বিকি কৌশলৰ বিয়ালৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে সকলো। শুকুৰবাৰে ৰাজস্থানত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত বিয়াখনৰ সংগীতানুষ্ঠান। পিছে এই অনুষ্ঠানত এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে কইনা কেটৰিনাই। পিছে কি নিৰ্দেশ দিলে মোহময়ী কেটৰিনাই? বলীউডৰ ভিতৰ চৰাৰ পৰা অহা খবৰ অনুসৰি কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰৰ ছবিৰ সকলো গান নিষিদ্ধ কৰিছে সংগীতানুষ্ঠানত। এটা সময়ত ৰণবীৰ আৰু কেটৰিনাৰ মাজত আছিল হিয়া দিয়া নিয়া।

দীপিকা পাডুকণৰ সৈতে ব্ৰেকআপ হোৱাৰ পাছত কেটৰিনাৰ প্ৰেমত বন্দী হৈছিল চকলেট বয় ৰণবীৰ কাপুৰ। কিন্তু এই প্ৰেম দীৰ্ঘদিনীয়া নহ'ল। ছলমান খানৰ সৈতে বিচ্ছেদ হোৱাৰ পাছত ৰণবীৰ কাপুৰৰ মাজত কেটৰিনাই বিচাৰি পাইছিল প্ৰেমৰ ৰং, পিছে সেই প্ৰেমো ভাঙি যোৱাত কেটৰিনা দুখত ভাগি পৰিছিল।২০০৯ চনত ‘অজৱ প্ৰেম কি গজৱ কাহানী’ ছবিখনত ৰণবীৰ-কেটৰিনাই একেলগে অভিনয় কৰিছিল। তাতেই গঢ় লৈ উঠিছিল দুয়োৰে মাজত বন্ধুত্ব। এই বন্ধুত্বই কম দিনৰ ভিতৰতে প্ৰেমৰ ৰূপ লয়। ভিন্ন ডেটিং স্পটত দুয়োকে একেলগে দেখা গৈছিল। ৰণবীৰ-কেটৰিনাই একেলগে ‘ৰাজনীতি’, ‘জগ্গা জাছুছ’ৰ দৰে ছবিতো একেলগে অভিনয় কৰে। কিন্তু এই প্ৰেম ভংগ হোৱাৰ পাছত দুয়ো দুয়োৰে মুখো চাব নিবিচৰা হ'ল।

কোন কালৈ ৰৈ থাকে? আকৌ প্ৰেমত পৰিল দুয়ো। কেটৰিনা পৰিল বিকি কৌশলৰ প্ৰেমত আৰু ৰণবীৰ পৰিল আলিয়া ভাটৰ প্ৰেমত। এই প্ৰেম কিন্তু টিকিল। কেটৰিনা বিকি কৌশলৰ সৈতে বিবাহপাশত আৱদ্ধ হ'বলৈ গৈ আছে। ইফালে ৰণবীৰেও অতি সোনকালে ঘৰৰ লখিমী কৰি আদৰি নিব আলিয়া ভাটক। পুৰণা প্ৰেমৰ সেই স্মৃতি দূৰত ৰখাৰ উদ্দেশ্যেৰে কেটৰিনাই ৰণবীৰৰ গান নিষিদ্ধ কৰিছে নিজৰ বিয়াত। বিকি-কেটৰ বিয়াত নিমন্ত্ৰিত অতিথিৰ তালিকাতো নাই ৰণবীৰ কাপুৰ। উল্লেখ্য যে বিয়াখনত বিকি-কেটে কি কি গানত নৃত্য কৰিব সেয়াও ঠিক কৰা হৈছে। জনপ্ৰিয় গান 'কালা চশমা', 'তেৰী ঔৰ' আদি গীতৰ তালে তালে নাচিব বিকি-কেটে।

আৰু পঢ়কঃ ৰেগিঙৰ দুৰ্বিষহ জ্বালা! মৃত্যুমুখলৈ ঠেলিলে মেডিকেলৰ ছাত্ৰক


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ