--°C
Loading...
Listen to Article
2 min read
80%

ৰুক্ষ কঠিন এখন মুখ। ভাঁজ লগা চুলি। ক্ষীণকায় কৃষ্ণ বৰ্ণৰ শৰীৰ। উজ্জ্বল দীপ্ত আভাৰে তিৰবিৰ এহালি চকু। বাহ্যিক ঢং-চঙৰ পৰা বহু দূৰৈত বলীউডৰ এজন অন্যতম বলিষ্ঠ সফল অভিনেতা। দৰ্শকৰ চকু-মুখ মেল খাই যোৱাকৈ কোনো একশ্যনত ভাগ লোৱা নায়ক নহয় তেওঁ অথবা কোনো সুন্দৰী নায়িকাৰ সৈতে ৰোমাণ্টিক গানত নৃত্য কৰা, নায়ক সুলভ ভংগিমাৰে নায়িকা প্রেমিকাৰ মন জয় কৰিবলৈ নানা অসাধ্য সাধন কৰা নায়কো নহয় তেওঁ। কিন্তু তেওঁ বলীউডৰ এনে এগৰাকী অভিনেতা যাৰ জনপ্রিয়তা এজন নায়কতকৈ কোনো গুণে কম নহয়। বৰং কিছু কিছু ক্ষেত্ৰত বেছিহে। তেওঁ ৰূপায়ণ কৰা প্ৰতিটো চৰিত্র ইমানেই নিখুঁত, ইমানেই সাৱলীল যে প্রতিজন লোকেই এই অভিনেতাগৰাকীৰ অভিনয় প্রতিভাক স্বীকাৰ কৰিবলৈ বাধ্য। সাম্প্রতিক সময়ত তেওঁৰ অভিনয় দক্ষতাৰ কথা দেশৰ চুক-কোণলৈকে সর্বত্রে চর্চিত। অভিনয় কৰাটো সহজ কিন্তু জীৱন্ত অভিনয় কৰাটো বৰ কঠিন। জীৱন্ত অভিনয়েৰে প্ৰতিজন দৰ্শকৰ বুকুত এখন আপোন ঘৰ সাজিছে অভিনেতাগৰাকীয়ে। কৈ আছেোঁ নৱাজুদ্দিন ছিদ্দিকীৰ কথা।


এতিয়া নৱাজুদ্দিন ছিদ্দিকী এক জনপ্ৰিয় লোক। আমি ক'ব বিচাৰিছোঁ নৱাজুদ্দিনক মানুহে চিনি পোৱাৰ আগৰ কথা কিছুমান। সংগ্রাম-সংঘৰ্ষৰ কঠিন পৰিক্ৰমা পাৰ হৈ আহি আজি তেওঁ মাটিত থিয় হৈ চুবলৈ সক্ষম হৈছে সফলতাৰ আকাশ। উত্তৰ প্ৰদেশৰ মুজাফ্ফৰ নগৰ জিলাৰ বুঢ়ানা নামৰ এখন অতি সৰু অনগ্রসৰ গাঁৱত জন্ম হৈছিল নৱাজৰ। ৯জন ভাতৃ-ভগ্নীৰ ভিতৰত সকলোতকৈ ডাঙৰ তেওঁ। বহুত মানুহে ভাবে যে নৱাজ আছিল এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান। পিছে সেই কথা ভুল। এটা জমিদাৰ পৰিয়ালৰ সন্তান তেওঁ। অভাৱ নাছিল একোৰে। কিন্তু নিজ কেৰিয়াৰ গঢ়াৰ সময়ত নৱাজে পৰিয়ালৰ পৰা লোৱা নাছিল একো আর্থিক সহায়। যাৰ বাবে তেওঁ দেখিছিল কঠিনৰো কঠিন সময়। যিয়ে তেওঁক জীৱন-যাত্ৰাত ভাঙি নপৰাকৈ কৰি তুলিছিল কঠিন। নৱাজুদ্দিনে হৰিদ্বাৰৰ গুৰুকুল কাংৰী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰি গুজৰাটৰ বৰোদৰাৰ কোম্পানী এটাত কেমিষ্ট হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। এদিন গুজৰাটী বন্ধু এজনে তেওঁক এখন নাটক চাবলৈ লগ ধৰে। কোনে জানিছিল সেই নাটক চাবলৈ যোৱাৰ বাবেই বলীউডে লাভ কৰিলে এজন সুদক্ষ অভিনেতাক। অপাৰ বিস্ময় বিমুগ্ধ হৈ তেওঁ সেইদিনা নাটক উপভোগ কৰিছিল। ইয়াৰ আগলৈকে নৱাজে কোনো নাটক চোৱা নাছিল। সেইদিনাই নৱাজুদ্দিন পৰিল নাটকৰ প্রেমত আৰু সেই প্রেমে তেওঁৰ বুকুত ৰোপণ কৰিলে এটি সপোন…অভিনেতা হোৱাৰ।


বন্ধুজনক নৱাজুদ্দিনে খুলি ক'লে মনৰ কথা।বন্ধুজনে পৰামর্শ দিলে ''সঁচাই যদি তই অভিনেতা হোৱাৰ কথা ভাবিছ তেন্তে তই গুজৰাট এৰ, দিল্লীক ধৰ।'' নৱাজে সেয়াই কৰিলে। চাকৰিটো এৰি সপোন খেদি তেওঁ ভৰি থ'লেহি দিল্লীত। তাত কিছুদিনৰ অন্তত নৱাজে সাক্ষী থিয়েটাৰ গ্রুপ নামৰ থিয়েটাৰ পার্টি এটাত মূৰ গুঁজি লয়। ইয়াৰ পাছত তেওঁ সৰু-সুৰা নাটক কিছুমান কৰিবলৈ ল'লে। য'ত তেওঁৰ এক টকাও উপার্জন নহয়। মনৰ ভোক মৰে, কিন্তু পেটৰ ভোক নমৰে। এদিনাখন নৱাজৰ চকুত পৰে এটি বিজ্ঞাপনৰ ওপৰত। এটা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দেৱালত এখন প'ষ্টাৰ লগাই থোৱা আছিল। তাত লিখা আছিল পুতলা ফেক্টৰী এটাৰ বাবে ছিকিউৰিটী গাৰ্ডৰ প্রয়োজন। দেৰি নকৰিলে তেওঁ। লগালগ গৈ নৱাজুদ্দিনে ছিকিউৰিটী গাৰ্ডৰ চাকৰিটো নিজৰ নামত কৰি আহিল। পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে তেওঁ তাত কাম কৰে আৰু তাৰ পৰা ওভতাৰ পাছত থিয়েটাৰ পাৰ্টিত শিকি থাকে অন্তৰেৰে ভালপোৱা অভিনয়ৰ কাম। অভিনয় শিকি-বুজি পৈণত হৈ উঠিছিল নৱাজুদ্দিন ছিদ্দিকী। তাৰ পাছতে তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (NSD) এডমিশ্যন লোৱাৰ সুযোগ পায়। সপোন লাহে লাহে দিঠকৰ পথলৈ আগবাঢ়িছিল। ১৯৯৬ চনত NSDৰ পৰা পাছ কৰি ওলাই আহি দিল্লীত তেওঁ বিভিন্ন নাটকত ভাগ লয়। কিন্তু ইয়াৰ পৰা তেওঁ কোনো উপার্জনৰ পথ মুকলি কৰিব পৰা নাছিল। এদিন নৱাজে থিৰাং কৰিলে যদি ভোকতেই মৰিব লাগে মুম্বাইতেই মৰোঁগৈ। বলীউডত চেষ্টা এটাতো কৰি চাব পাৰোঁ। পুনৰ এক সপোন বুকুত বান্ধি ২০০০ চনত নৱাজ আহিল মায়ানগৰী মুম্বাইলৈ।


তাত কিমান প্রডিউচাৰ, ডাইৰেক্টৰৰ অফিচলৈ অহা-যোৱা কৰিলে তাৰ হিচাপ নাই। উত্তৰ এটাই আহিল তেওঁৰ ওচৰলৈ, প্রত্যাখ্যান মাথোঁ প্রত্যাখ্যান। চেষ্টা নেৰিলে কিন্তু নৱাজে। অৱশেষত এদিন ভাগ্যৰ দুৱাৰখন অলপ খোল খালে। আমিৰ খান অভিনীত ‘ছৰফৰোছ’ ছবিখনত মাত্র ৪০ ছেকেণ্ডৰ বাবে এজন অপৰাধীৰ ভূমিকাত নৱাজুদ্দিন অৱতীৰ্ণ হয়। অভিনেতাগৰাকীৰ আশা আৰু অলপ বহল হ’ল। হয়তো তেওঁলৈ এদিন নহয় এদিন ডাঙৰ ডাঙৰ চৰিত্ৰ ৰূপায়ণৰ প্ৰস্তাৱ আহিব। নাই নাহে। তেওঁলৈ প্ৰস্তাৱ আহিল ক'ৰবাত যদি চোৰ, ক'ৰবাত ৱেইটাৰ আৰু আন ক'ৰবাত ভিক্ষাৰী ইত্যাদিৰ অভিনয় কৰাৰ। ইমানৰ পাছতো ভাঙি নপৰিল নৱাজুদ্দিন ছিদ্দিকী। নিজ গাঁৱৰ মানুহেও তেওঁক তিৎকাৰী মাৰিবলৈ নেৰিলে— এতিয়াতো টিভিত জীৱ-জন্তুৰ মুখকেইখনো দেখিবলৈ পাওঁ। তোৰহে চেহেৰা ক’তো দেখিবলৈ নাই। এইবোৰ ঠাট্টা-মস্কৰাই চুব পৰা নাছিল বলীউডত এতিয়া দপদপাই থকা অভিনেতাগৰাকীক।

২০১০ চনত মুক্তিপ্রাপ্ত বলিউডৰ ছবি ‘পিপলী লাইভ’ত এগৰাকী সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰি লাইম লাইটলৈ আহে নৱাজুদ্দিন ছিদ্দিকী। তাৰ পাছত বিদ্যা বালান অভিনীত কাহানী ছবিৰ জৰিয়তে তেওঁ খলকনি সৃষ্টি কৰে। ছবি মহলত আলোড়ন উঠিল কোন এই অভিনেতা? ইমানদিনে ক’ত সোমাই আছিল? সেই মানুহখিনিয়ে কল্পনাও কৰিব পৰা নাছিল যে এইজন অভিনেতাই নিজক অভিনেতা হিচাপে পৰিচয় দিয়াৰ বাবে ১৯৯৬ চনৰ পৰা ২০১০ চনলৈকে কিমান সংঘৰ্ষৰ কোব সহ্য কৰিব লগা হৈছিল। ইয়াৰ পাছৰ পৰা তেওঁ উপহাৰ দি গৈছিল ইখনৰ পাছত সিখন সফল চিনেমা।‘গেংছ অৱ ৱাছিপুৰ’, ‘তলাশ’, ‘লাঞ্চবক্স’, ‘কিক’, ‘বদলাপুৰ’, ‘কাহানী’, ‘বজৰংগী ভাইজান’,ঘূমকেতু, ‘মাঝী— দ্য মাউন্টেন মেন’ ইত্যাদি। চিনেমাৰ উপৰিও ৱেব ছিৰিজ 'Sacred Games'ত কৰা অভিনয় তেওঁৰ জীৱনৰ এক মাইলৰ খুঁটি হৈ ৰ'ল। নাম, টকা, যশস্যা, বঁটা-বাহনেৰে আলোকিত এতিয়া তেওঁৰ জীৱন।যিসকলে নৱাজুদ্দিন ছিদ্দিকীক দেখি ‘আপোনাক দেখাততো অভিনেতা যেন নালাগে’ বুলি প্রত্যাখ্যান কৰিছিল সেইসকলেই এতিয়া নৱাজুদ্দিনৰ ঘৰৰ দুৱাৰত টুকুৰিয়াই কয়-‘‘নৱাজ ছাৰ নতুন ছবি এখনৰ অ’ফাৰ লৈ আহিছোঁ,আপোনাৰ অলপ সময় পাম নেকি?’’

-কস্তুৰী বৰঠাকুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ