--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত বিয়পি পৰিছে এক সুখৰ বতৰা। পিতৃ-মাতৃ হ'বলৈ ওলাইছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। বিবাহৰ দুমাহৰ পাছত বলীউডৰ তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে অনুৰাগীসকলৰ সৈতে এই সুখবৰটো শ্বেয়াৰ কৰিছে। ছ'চিয়েল মিডিয়াত এটা বিশেষ পোষ্ট কৰি আগন্তুক সন্তানটিৰ কথা ঘোষণা কৰিছে আলিয়াই। কেইমিনিটমানৰ ভিতৰতে ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এই পোষ্ট।


আলিয়াই চিকিৎসালয়ৰ ভিতৰৰ পৰা দুখন ফটো শ্বেয়াৰ কৰি লিখিছে- Our baby….. coming soon। ফটোখনত আলিয়াৰ সৈতে ৰণবীৰ কাপুৰকো দেখা গৈছে। দুয়োজনে ডিছপ্লেত নিজৰ আগন্তুক কেঁচুৱাটোৰ আভাস চাই আছে। এই সময়ত আলিয়াৰ মুখত এটা অতি মৰমলগা হাঁহি দেখিবলৈ পোৱা গৈছে।আনখন ফটোত দেখা গৈছে এহাল সিংহ-সিংহ-সিংহনী আৰু সিহঁতৰ এটা মৰমলগা পোৱালি।

 আলিয়া ভাটে এই পোষ্ট দিয়াৰ লগে লগে অনুৰাগী, নেটিজেন আৰু সকলো চেলিব্ৰিটীয়ে কাপুৰ দম্পতীক শুভকামনা আৰু অভিনন্দন জনাইছে। উল্লেখ্য যে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হৈছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। বিবাহৰ দুমাহৰ পাছতেই এটি দেৱশিশুক আদৰাৰ প্ৰস্তুতিত এতিয়া ব্যস্ত হৈ পৰিছে আলিয়া আৰু ৰণবীৰ। অহা ছেপ্তেম্বৰ মাহত ৰণবীৰ আৰু আলিয়াক একেলগে দেখিবলৈ পোৱা যাব বিগ বাজেটৰ ছবি ব্ৰহ্মাস্ত্ৰত। দুয়ো একেলগে অভিনয় কৰা এইখনেই প্ৰথম ছবি। এই ছবিখনক লৈও ব্যগ্ৰ হৈ পৰিছে ৰণবীৰ-আলিয়াৰ লগতে তেওঁলোকৰ অনুৰাগীসকল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু