--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত বিয়পি পৰিছে এক সুখৰ বতৰা। পিতৃ-মাতৃ হ'বলৈ ওলাইছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। বিবাহৰ দুমাহৰ পাছত বলীউডৰ তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে অনুৰাগীসকলৰ সৈতে এই সুখবৰটো শ্বেয়াৰ কৰিছে। ছ'চিয়েল মিডিয়াত এটা বিশেষ পোষ্ট কৰি আগন্তুক সন্তানটিৰ কথা ঘোষণা কৰিছে আলিয়াই। কেইমিনিটমানৰ ভিতৰতে ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এই পোষ্ট।


আলিয়াই চিকিৎসালয়ৰ ভিতৰৰ পৰা দুখন ফটো শ্বেয়াৰ কৰি লিখিছে- Our baby….. coming soon। ফটোখনত আলিয়াৰ সৈতে ৰণবীৰ কাপুৰকো দেখা গৈছে। দুয়োজনে ডিছপ্লেত নিজৰ আগন্তুক কেঁচুৱাটোৰ আভাস চাই আছে। এই সময়ত আলিয়াৰ মুখত এটা অতি মৰমলগা হাঁহি দেখিবলৈ পোৱা গৈছে।আনখন ফটোত দেখা গৈছে এহাল সিংহ-সিংহ-সিংহনী আৰু সিহঁতৰ এটা মৰমলগা পোৱালি।

 আলিয়া ভাটে এই পোষ্ট দিয়াৰ লগে লগে অনুৰাগী, নেটিজেন আৰু সকলো চেলিব্ৰিটীয়ে কাপুৰ দম্পতীক শুভকামনা আৰু অভিনন্দন জনাইছে। উল্লেখ্য যে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হৈছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। বিবাহৰ দুমাহৰ পাছতেই এটি দেৱশিশুক আদৰাৰ প্ৰস্তুতিত এতিয়া ব্যস্ত হৈ পৰিছে আলিয়া আৰু ৰণবীৰ। অহা ছেপ্তেম্বৰ মাহত ৰণবীৰ আৰু আলিয়াক একেলগে দেখিবলৈ পোৱা যাব বিগ বাজেটৰ ছবি ব্ৰহ্মাস্ত্ৰত। দুয়ো একেলগে অভিনয় কৰা এইখনেই প্ৰথম ছবি। এই ছবিখনক লৈও ব্যগ্ৰ হৈ পৰিছে ৰণবীৰ-আলিয়াৰ লগতে তেওঁলোকৰ অনুৰাগীসকল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ