--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ঘোষণা কৰিলে সন্তানক আদৰাৰ সুখবৰ। ছ’চিয়েল মিডিয়াৰ জৰিয়তে আলিয়া ভাটে হাস্পতালৰ পৰা ছ’নোগ্ৰাফীৰ ফটো অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে। আলিয়া ভাটৰ এই পোষ্ট কেইমিনিট মানৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। আৰম্ভ হৈছে অভিনন্দন জ্ঞাপনৰ প্ৰক্ৰিয়া। সকলো অনুৰাগীৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু চেলিব্ৰিটিসকলে ৰণবীৰ-আলিয়াক আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছে। 

এনে অৱস্থাত ককাক হোৱাৰ আনন্দত আৱেগিক হৈ পৰিছে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ। আচলতে কৰণ জোহৰে আলিয়া ভাটক নিজৰ কন্যা আৰু ৰণবীৰ কাপুৰক জোঁৱাই বুলি গণ্য কৰে। আলিয়াই সুখবৰটো ঘোষণা কৰাৰ লগে লগে কৰণ জোহৰে কমেণ্ট ছেকচনত অভিনন্দন জনাই লিখিছে, ‘মোৰ বুকুৰ ঢপঢপনি বৃদ্ধি পাইছে।’ ইয়াৰ লগতে ৰণবীৰ-আলিয়াৰ বিয়াৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কৰণ জোহৰে লিখিছে, ‘‘এওঁলোকক বহুত ভালপাওঁ! মোৰ ছোৱালীজনী এতিয়া মাতৃ হ’বলৈ ওলাইছে! এই অনুভৱ মই প্ৰকাশ কৰিব নোৱাৰো... বহুত এক্সাইটেড হৈ আছোঁ। দুয়োকে বহুত মৰম।’’

উল্লেখ্য যে বিবাহৰ দুমাহৰ পাছত বলীউডৰ তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে অনুৰাগীসকলৰ সৈতে এই সুখবৰটো শ্বেয়াৰ কৰিছে। ছ'চিয়েল মিডিয়াত এটা বিশেষ পোষ্ট কৰি আগন্তুক সন্তানটিৰ কথা ঘোষণা কৰিছে আলিয়াই। আলিয়াই চিকিৎসালয়ৰ ভিতৰৰ পৰা দুখন ফটো শ্বেয়াৰ কৰি লিখিছে- 'Our baby….. coming soon'। ফটোখনত আলিয়াৰ সৈতে ৰণবীৰ কাপুৰকো দেখা গৈছে। দুয়োজনে ডিছপ্লেত নিজৰ আগন্তুক কেঁচুৱাটোৰ আভাস চাই আছে। এই সময়ত আলিয়াৰ মুখত এটা অতি মৰমলগা হাঁহি দেখিবলৈ পোৱা গৈছে।আনখন ফটোত দেখা গৈছে এহাল সিংহ-সিংহনী আৰু সিহঁতৰ এটা মৰমলগা পোৱালি।

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হৈছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। বিবাহৰ দুমাহৰ পাছতেই এটি দেৱশিশুক আদৰাৰ প্ৰস্তুতিত এতিয়া ব্যস্ত হৈ পৰিছে আলিয়া আৰু ৰণবীৰ। অহা ছেপ্তেম্বৰ মাহত ৰণবীৰ আৰু আলিয়াক একেলগে দেখিবলৈ পোৱা যাব বিগ বাজেটৰ ছবি 'ব্ৰহ্মাস্ত্ৰ'ত। দুয়ো একেলগে অভিনয় কৰা এইখনেই প্ৰথম ছবি। এই ছবিখনক লৈও ব্যগ্ৰ হৈ পৰিছে ৰণবীৰ-আলিয়াৰ লগতে তেওঁলোকৰ অনুৰাগীসকল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ