--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ঘোষণা কৰিলে সন্তানক আদৰাৰ সুখবৰ। ছ’চিয়েল মিডিয়াৰ জৰিয়তে আলিয়া ভাটে হাস্পতালৰ পৰা ছ’নোগ্ৰাফীৰ ফটো অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে। আলিয়া ভাটৰ এই পোষ্ট কেইমিনিট মানৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। আৰম্ভ হৈছে অভিনন্দন জ্ঞাপনৰ প্ৰক্ৰিয়া। সকলো অনুৰাগীৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু চেলিব্ৰিটিসকলে ৰণবীৰ-আলিয়াক আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছে। 

এনে অৱস্থাত ককাক হোৱাৰ আনন্দত আৱেগিক হৈ পৰিছে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ। আচলতে কৰণ জোহৰে আলিয়া ভাটক নিজৰ কন্যা আৰু ৰণবীৰ কাপুৰক জোঁৱাই বুলি গণ্য কৰে। আলিয়াই সুখবৰটো ঘোষণা কৰাৰ লগে লগে কৰণ জোহৰে কমেণ্ট ছেকচনত অভিনন্দন জনাই লিখিছে, ‘মোৰ বুকুৰ ঢপঢপনি বৃদ্ধি পাইছে।’ ইয়াৰ লগতে ৰণবীৰ-আলিয়াৰ বিয়াৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কৰণ জোহৰে লিখিছে, ‘‘এওঁলোকক বহুত ভালপাওঁ! মোৰ ছোৱালীজনী এতিয়া মাতৃ হ’বলৈ ওলাইছে! এই অনুভৱ মই প্ৰকাশ কৰিব নোৱাৰো... বহুত এক্সাইটেড হৈ আছোঁ। দুয়োকে বহুত মৰম।’’

উল্লেখ্য যে বিবাহৰ দুমাহৰ পাছত বলীউডৰ তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে অনুৰাগীসকলৰ সৈতে এই সুখবৰটো শ্বেয়াৰ কৰিছে। ছ'চিয়েল মিডিয়াত এটা বিশেষ পোষ্ট কৰি আগন্তুক সন্তানটিৰ কথা ঘোষণা কৰিছে আলিয়াই। আলিয়াই চিকিৎসালয়ৰ ভিতৰৰ পৰা দুখন ফটো শ্বেয়াৰ কৰি লিখিছে- 'Our baby….. coming soon'। ফটোখনত আলিয়াৰ সৈতে ৰণবীৰ কাপুৰকো দেখা গৈছে। দুয়োজনে ডিছপ্লেত নিজৰ আগন্তুক কেঁচুৱাটোৰ আভাস চাই আছে। এই সময়ত আলিয়াৰ মুখত এটা অতি মৰমলগা হাঁহি দেখিবলৈ পোৱা গৈছে।আনখন ফটোত দেখা গৈছে এহাল সিংহ-সিংহনী আৰু সিহঁতৰ এটা মৰমলগা পোৱালি।

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হৈছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। বিবাহৰ দুমাহৰ পাছতেই এটি দেৱশিশুক আদৰাৰ প্ৰস্তুতিত এতিয়া ব্যস্ত হৈ পৰিছে আলিয়া আৰু ৰণবীৰ। অহা ছেপ্তেম্বৰ মাহত ৰণবীৰ আৰু আলিয়াক একেলগে দেখিবলৈ পোৱা যাব বিগ বাজেটৰ ছবি 'ব্ৰহ্মাস্ত্ৰ'ত। দুয়ো একেলগে অভিনয় কৰা এইখনেই প্ৰথম ছবি। এই ছবিখনক লৈও ব্যগ্ৰ হৈ পৰিছে ৰণবীৰ-আলিয়াৰ লগতে তেওঁলোকৰ অনুৰাগীসকল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু