--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘বাহুবলী’ ছবিৰে আৰম্ভ হৈছিল যাত্ৰা। তাৰ পিছত ‘পুষ্পা’, ‘কেজিএফ’ ; ‘আৰআৰআৰ’ৰ দৰে ছবিৰে বক্স অফিছত বলীউডক বাৰে বাৰে গ’ল দিছে দক্ষিণৰ ছবিয়ে। একশ্যন, কৌতুক বিভিন্ন দিশেৰে কৰা চৰিত্ৰায়নেৰে বাৰে বাৰে লাইমলাইটত আহিছে এই ছবিবোৰ। ভাষাগত কথাৰক যেন বুঢ়া আঙুলি দেখুৱাই এই ছবিবোৰ চাবলৈ অগণিত দৰ্শকেৰে ভৰি পৰিছে ছবিগৃহ।

মন কৰিবলগীয়া যে, দক্ষিণৰ ছবিবোৰ সাধাৰণতে নায়ক কেন্দ্ৰিক। পিছে নায়িকা অবিহনে নায়ক অসম্পূৰ্ণ, ম্লান পৰি ৰয় সমস্ত কাৰচাজি। দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত সেয়েহে নায়িকাৰ মূল্য কম নহয়। উপাৰ্জনৰ ক্ষেত্ৰতো দক্ষিণৰ শীৰ্ষস্থানীয় অভিনেত্ৰী সকলে বলীউডক চেৰ পেলাইছে। দক্ষিণৰ তেনে ১০ গৰাকী নায়িকাৰ বিষয়ে আজিৰ এই প্ৰতিবেদন।

নয়নতাৰাঃ দক্ষিণৰ চলচ্চিত্ৰ জগতৰ অন্যতম দামী অভিনেত্ৰী তেওঁ। তেলেগু, তামিল আৰু মালয়ালম ছবিত নয়নতাৰাৰ একচেটীয়া ৰাজত্ব। ২০১৬ চনত ফ’ৰ্বছৰ  ১০০গৰাকী ইণ্ডিয়ান চেলিব্ৰিটীৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা একমাত্ৰ ভাৰতীয় আছিল তেওঁ। নয়নতাৰাই প্ৰতিখন ছবিৰ বাবদ ২ৰ পৰা ৭ কোটি টকা লাভ কৰে।

সামান্থা ৰুথ প্ৰভুঃ দক্ষিণৰ এইগৰাকী অভিনেত্ৰী বলীউডৰো চিনাকি মুখ। ‘পুষ্পা’ ছবিত দিছিল অনন্য চমক।  সামন্থাৰ নৃত্য কাশ্মীৰৰ পৰা কন্যা কুমাৰীলৈ সমানে সমাদৃত। সামন্থাই প্ৰতিখন ছবিৰ বাবদ ৩ৰ পৰা ৮ কোটি টকা লাভ কৰে।

ৰশ্মিকা মান্ধানাঃ ৰশ্মিকা বলীউডৰো এক সুপৰিচিত মুখ। ‘পুষ্পা’ত আল্লু অৰ্জুনৰ সৈতে অভিনয় কৰা অভিনয়েৰে ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।দেশজুৰি জনপ্ৰিয়তা লাভ কৰিছে ৰশ্মিকাই। ৰশ্মিকাই প্ৰতিখন ছবিৰ বাবদ লাভ কৰে দুইৰ পৰা আঢ়ৈ কোটি টকা।

ইয়াৰ পাছতে তালিকাত আছে অনুষ্কা চেট্টী, তামান্না ভাটীয়া, ৰাকুল প্ৰীত সিং, ৰামিয়া কৃষ্ণাণ, কাজল আগৰৱাল, কীৰ্তিট সুৰেশ আৰু শ্ৰুতি হাছান।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু