--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘বাহুবলী’ ছবিৰে আৰম্ভ হৈছিল যাত্ৰা। তাৰ পিছত ‘পুষ্পা’, ‘কেজিএফ’ ; ‘আৰআৰআৰ’ৰ দৰে ছবিৰে বক্স অফিছত বলীউডক বাৰে বাৰে গ’ল দিছে দক্ষিণৰ ছবিয়ে। একশ্যন, কৌতুক বিভিন্ন দিশেৰে কৰা চৰিত্ৰায়নেৰে বাৰে বাৰে লাইমলাইটত আহিছে এই ছবিবোৰ। ভাষাগত কথাৰক যেন বুঢ়া আঙুলি দেখুৱাই এই ছবিবোৰ চাবলৈ অগণিত দৰ্শকেৰে ভৰি পৰিছে ছবিগৃহ।

মন কৰিবলগীয়া যে, দক্ষিণৰ ছবিবোৰ সাধাৰণতে নায়ক কেন্দ্ৰিক। পিছে নায়িকা অবিহনে নায়ক অসম্পূৰ্ণ, ম্লান পৰি ৰয় সমস্ত কাৰচাজি। দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত সেয়েহে নায়িকাৰ মূল্য কম নহয়। উপাৰ্জনৰ ক্ষেত্ৰতো দক্ষিণৰ শীৰ্ষস্থানীয় অভিনেত্ৰী সকলে বলীউডক চেৰ পেলাইছে। দক্ষিণৰ তেনে ১০ গৰাকী নায়িকাৰ বিষয়ে আজিৰ এই প্ৰতিবেদন।

নয়নতাৰাঃ দক্ষিণৰ চলচ্চিত্ৰ জগতৰ অন্যতম দামী অভিনেত্ৰী তেওঁ। তেলেগু, তামিল আৰু মালয়ালম ছবিত নয়নতাৰাৰ একচেটীয়া ৰাজত্ব। ২০১৬ চনত ফ’ৰ্বছৰ  ১০০গৰাকী ইণ্ডিয়ান চেলিব্ৰিটীৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা একমাত্ৰ ভাৰতীয় আছিল তেওঁ। নয়নতাৰাই প্ৰতিখন ছবিৰ বাবদ ২ৰ পৰা ৭ কোটি টকা লাভ কৰে।

সামান্থা ৰুথ প্ৰভুঃ দক্ষিণৰ এইগৰাকী অভিনেত্ৰী বলীউডৰো চিনাকি মুখ। ‘পুষ্পা’ ছবিত দিছিল অনন্য চমক।  সামন্থাৰ নৃত্য কাশ্মীৰৰ পৰা কন্যা কুমাৰীলৈ সমানে সমাদৃত। সামন্থাই প্ৰতিখন ছবিৰ বাবদ ৩ৰ পৰা ৮ কোটি টকা লাভ কৰে।

ৰশ্মিকা মান্ধানাঃ ৰশ্মিকা বলীউডৰো এক সুপৰিচিত মুখ। ‘পুষ্পা’ত আল্লু অৰ্জুনৰ সৈতে অভিনয় কৰা অভিনয়েৰে ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।দেশজুৰি জনপ্ৰিয়তা লাভ কৰিছে ৰশ্মিকাই। ৰশ্মিকাই প্ৰতিখন ছবিৰ বাবদ লাভ কৰে দুইৰ পৰা আঢ়ৈ কোটি টকা।

ইয়াৰ পাছতে তালিকাত আছে অনুষ্কা চেট্টী, তামান্না ভাটীয়া, ৰাকুল প্ৰীত সিং, ৰামিয়া কৃষ্ণাণ, কাজল আগৰৱাল, কীৰ্তিট সুৰেশ আৰু শ্ৰুতি হাছান।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ