--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়াৰ ছেহনাই বাজি উঠিছে বলীউডত। কেট সুন্দৰী,ভাট কন্যাৰ বিয়াৰ খবৰে সংবাদ শিৰোনাম দখল কৰাৰ সময়তে খবৰ আহিছে আৰু এখন বিয়াৰ। এইবাৰ বিবাহ পাশত আৱদ্ধ হবলৈ লৈছে ৰাজকুমাৰে। দিন কাল ঠিকে থাকিলে হোমৰ জুইক সাক্ষী কৰি চলিত বৰ্ষতে লক্ষিমী চপাব ৰাজকুমাৰে। প্ৰেয়সী পত্ৰলেখাৰ সৈতে জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছে দুই বলীউড তাৰকা। খবৰতো প্ৰকাশ পোৱাৰ পাছতে বলীউডত এতিয়া আনন্দৰ ৰোল উঠিছে।


জানিবলৈ পোৱা মতে, ৰাজকুমাৰ-পত্ৰলেখাৰ সম্পৰ্ক প্ৰায় এক দশক পুৰণি। কিমান আৰু প্ৰেমৰ ভাকুটকুট। এইবাৰ বিবাহৰ প্ৰস্তাৱ। বলীউডৰ আলোচনাতো এইহাল ৰোমিঅ’-জুলিয়েটৰ প্ৰেমৰ বিষয়ে প্ৰায়ে উত্থাপিত হৈ আহিছে। কেতিয়া বিবাহ পাশত আৱদ্ধ হ'ব সেই সম্পৰ্কেও দুয়োজনে একাধিক প্ৰশ্নবাণৰ সন্মুখীন হবলগীয়া হৈছে। ৰাজকুমাৰ-পত্ৰলেখাই সদৰী কৰা অনুসৰি তেওঁলোকৰ বিবাহ ১০-১২ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বলীউড ইণ্ডাষ্ট্ৰীৰ কেইবাজনো তাৰকাক এইবিষয়ে অৱগত কৰিছে ৰাজকুমাৰ-পত্ৰলেখাই।

অৱশ্যে, পূৰ্বে এক সাক্ষাৎকাৰত পত্ৰলেখাই অহা ছয়-সাত বছৰৰ ভিতৰত বিবাহ পাশত আৱদ্ধ নহয় বুলি সদৰী কৰিছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ তেওঁৰ পেছাদাৰী জীৱনৰ বিষয়ে ভাবিবলৈ অধিক ইচ্ছুক বুলিহে মন্তব্য কৰিছিল। কিন্তু হঠাতে নিজৰ পথ সলনি কৰিছে পত্ৰলেখাই। পত্ৰলেখাৰ ‘ৰাজকুমাৰে’ কি মোহনী বাণ মাৰিলে সেয়া ৰাজকুমাৰেহে জানিব…!


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু