--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়াৰ ছেহনাই বাজি উঠিছে বলীউডত। কেট সুন্দৰী,ভাট কন্যাৰ বিয়াৰ খবৰে সংবাদ শিৰোনাম দখল কৰাৰ সময়তে খবৰ আহিছে আৰু এখন বিয়াৰ। এইবাৰ বিবাহ পাশত আৱদ্ধ হবলৈ লৈছে ৰাজকুমাৰে। দিন কাল ঠিকে থাকিলে হোমৰ জুইক সাক্ষী কৰি চলিত বৰ্ষতে লক্ষিমী চপাব ৰাজকুমাৰে। প্ৰেয়সী পত্ৰলেখাৰ সৈতে জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছে দুই বলীউড তাৰকা। খবৰতো প্ৰকাশ পোৱাৰ পাছতে বলীউডত এতিয়া আনন্দৰ ৰোল উঠিছে।


জানিবলৈ পোৱা মতে, ৰাজকুমাৰ-পত্ৰলেখাৰ সম্পৰ্ক প্ৰায় এক দশক পুৰণি। কিমান আৰু প্ৰেমৰ ভাকুটকুট। এইবাৰ বিবাহৰ প্ৰস্তাৱ। বলীউডৰ আলোচনাতো এইহাল ৰোমিঅ’-জুলিয়েটৰ প্ৰেমৰ বিষয়ে প্ৰায়ে উত্থাপিত হৈ আহিছে। কেতিয়া বিবাহ পাশত আৱদ্ধ হ'ব সেই সম্পৰ্কেও দুয়োজনে একাধিক প্ৰশ্নবাণৰ সন্মুখীন হবলগীয়া হৈছে। ৰাজকুমাৰ-পত্ৰলেখাই সদৰী কৰা অনুসৰি তেওঁলোকৰ বিবাহ ১০-১২ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বলীউড ইণ্ডাষ্ট্ৰীৰ কেইবাজনো তাৰকাক এইবিষয়ে অৱগত কৰিছে ৰাজকুমাৰ-পত্ৰলেখাই।

অৱশ্যে, পূৰ্বে এক সাক্ষাৎকাৰত পত্ৰলেখাই অহা ছয়-সাত বছৰৰ ভিতৰত বিবাহ পাশত আৱদ্ধ নহয় বুলি সদৰী কৰিছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ তেওঁৰ পেছাদাৰী জীৱনৰ বিষয়ে ভাবিবলৈ অধিক ইচ্ছুক বুলিহে মন্তব্য কৰিছিল। কিন্তু হঠাতে নিজৰ পথ সলনি কৰিছে পত্ৰলেখাই। পত্ৰলেখাৰ ‘ৰাজকুমাৰে’ কি মোহনী বাণ মাৰিলে সেয়া ৰাজকুমাৰেহে জানিব…!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ