--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্চভূতত বিলীন হ’ল ছুপাৰষ্টাৰ পুনীত ৰাজকুমাৰ। দেওবাৰে পুৱাই বেংগালুৰুৰ শ্ৰী কাণ্টীৰাৱা ষ্টুডিঅ’ত তাৰকাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে কৰা হ’ল শেষকৃত্য। পুনীতক হাজাৰ হাজাৰ অনুৰাগীয়ে অশ্ৰুসিক্ত নয়নেৰে জনালে শেষ বিদায়।শেষকৃত্যত উপস্থিত আছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই, প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পা তথা আন কেইবগৰাকীও মন্ত্ৰী।

প্ৰতিভাৰ অম্লান সুবাস বিলাই গুচি গ'ল পুনীত

উপস্থিত আছিল তাৰকা চিৰঞ্জীৱী, ভেংকটেশ ডাগ্গুৱাতী, শ্ৰীকান্ত আদিও।২৯ অক্টোবৰত মাত্ৰ ৪৬বছৰ বয়সকে আকস্মিক মৃত্যু হৈছিল পুনীত ৰাজকুমাৰৰ। ‘পাৱাৰ ষ্টাৰ’ পুনীতৰ অনুৰাগীৰ ভিৰে বেংগালুৰুৰ সৃষ্টি কৰিছে অভূতপূৰ্ব পৰিস্থিতিৰ। প্ৰিয় তাৰকা পুনীতক শেষবাৰৰ বাবে স্বচক্ষে চোৱাৰ বাবে উত্ৰাৱল হৈ পৰিছিল সকলো।

আৰু পঢ়কঃ বাইকেৰে গৈ আছিল যুৱক,হঠাৎ বুকুৰ মাজেৰে সৰকি গ’ল ৪০ ফুট দীঘল দুডাল লোহাৰ ৰড!

প্ৰিয় শিল্পীক হেৰুৱাই শোকস্তব্ধ অনুৰাগীসকল

এতিয়া তেওঁৰ কায়িক উপস্থিতি শূন্য হৈ পৰিল দেশৰ সাংস্কৃতিক জগতত।ৰৈ গ’ল অতুলনীয় কৰ্ম আৰু কৃতিত্বৰ অম্লান সুবাস।কিংবদন্তী অভিনেতা ডঃ ৰাজকুমাৰৰ সুযোগ্য পুত্ৰ আছিল পুনীত।

ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় পুনীত ৰাজকুমাৰক

মুখ্যমন্ত্ৰী বোম্মাইৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনায় ছুপাৰষ্টাৰ পুনীতক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ