--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেট কিংবদন্তী শচীন তেণ্ডুলকাৰৰ জীয়ৰী চাৰাক প্ৰায়ে মাতৃৰ সৈতে গেলেৰীত বহি খেল উপভোগ কৰা দেখা গৈছিল। চেলিব্ৰিটি পিতৃ-মাতৃৰ সন্তান হোৱা বাবে প্ৰায়ে বাতৰিৰ শিৰোনামত আছিল চাৰা তেণ্ডুলকাৰৰ নাম। সময়ৰ গতিত চাৰা এতিয়া ডাঙৰ হ’ল, হ’ল পৰিপক্ক। অলপতে মডেলিঙতো শচীন কন্যাই নামভৰ্তি কৰা বুলি জানিবলৈ পোৱা গৈছিল। দেশৰ জনপ্ৰিয় সংবাদ মাধ্যমৰ প্ৰতিবেদনতো চাৰা তেণ্ডুলকাৰ ফেশ্বনৰ প্ৰতি আগ্ৰহী আছিল বুলি প্ৰকাশ কৰিছিল। অৱশেষত আহিল সেই প্ৰত্যাশিত খবৰ। মডেলিঙত আত্মপ্ৰকাশ চাৰা তেণ্ডুলকাৰৰ।

শেহতীয়াকৈ এটা জনপ্ৰিয় কাপোৰৰ ব্ৰেণ্ডৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে শচীন তনয়াই। চাৰাৰ লগতে আন দুজন ভাৰতীয় অভিনেত্ৰী বনিতা আৰু তানিয়া শ্ৰফেও একেটা প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ কৰিছে। তেওঁলোকৰ সৈতে কাপোৰৰ ব্ৰেণ্ডটোৰ হৈ মডেলিং কৰিব চাৰাই। তিনিওজনকে ব্ৰেণ্ডটোৰ প্ৰম’চনেল ভিডিঅ'তো দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত চাৰাই এই ছবি আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছে। অনুৰাগীৰ বিপুল প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছে চাৰা তেণ্ডুলকাৰে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ'টোত চাৰাক বনিতা আৰু তানিয়া শ্ৰফৰ দৰে পেছাদাৰী মডেলৰ সৈতে দেখা গৈছে। শচীন কন্যাৰ প্ৰতিখন ছবি আৰু ভিডিঅ’ অনুৰাগীৰ মন্তব্যৰে ভৰি পৰিছে। বহুতো অনুসৰণকাৰীয়ে প্ৰেমৰ ইম’জি দি প্ৰকাশ কৰিছে আনন্দ। অনুৰাগীৰ শুভেচ্ছাবাণীয়ে উতসাহিত কৰি তুলিছে মডেলিং চাৰাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু