--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেট কিংবদন্তী শচীন তেণ্ডুলকাৰৰ জীয়ৰী চাৰাক প্ৰায়ে মাতৃৰ সৈতে গেলেৰীত বহি খেল উপভোগ কৰা দেখা গৈছিল। চেলিব্ৰিটি পিতৃ-মাতৃৰ সন্তান হোৱা বাবে প্ৰায়ে বাতৰিৰ শিৰোনামত আছিল চাৰা তেণ্ডুলকাৰৰ নাম। সময়ৰ গতিত চাৰা এতিয়া ডাঙৰ হ’ল, হ’ল পৰিপক্ক। অলপতে মডেলিঙতো শচীন কন্যাই নামভৰ্তি কৰা বুলি জানিবলৈ পোৱা গৈছিল। দেশৰ জনপ্ৰিয় সংবাদ মাধ্যমৰ প্ৰতিবেদনতো চাৰা তেণ্ডুলকাৰ ফেশ্বনৰ প্ৰতি আগ্ৰহী আছিল বুলি প্ৰকাশ কৰিছিল। অৱশেষত আহিল সেই প্ৰত্যাশিত খবৰ। মডেলিঙত আত্মপ্ৰকাশ চাৰা তেণ্ডুলকাৰৰ।

শেহতীয়াকৈ এটা জনপ্ৰিয় কাপোৰৰ ব্ৰেণ্ডৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে শচীন তনয়াই। চাৰাৰ লগতে আন দুজন ভাৰতীয় অভিনেত্ৰী বনিতা আৰু তানিয়া শ্ৰফেও একেটা প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ কৰিছে। তেওঁলোকৰ সৈতে কাপোৰৰ ব্ৰেণ্ডটোৰ হৈ মডেলিং কৰিব চাৰাই। তিনিওজনকে ব্ৰেণ্ডটোৰ প্ৰম’চনেল ভিডিঅ'তো দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত চাৰাই এই ছবি আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছে। অনুৰাগীৰ বিপুল প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছে চাৰা তেণ্ডুলকাৰে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ'টোত চাৰাক বনিতা আৰু তানিয়া শ্ৰফৰ দৰে পেছাদাৰী মডেলৰ সৈতে দেখা গৈছে। শচীন কন্যাৰ প্ৰতিখন ছবি আৰু ভিডিঅ’ অনুৰাগীৰ মন্তব্যৰে ভৰি পৰিছে। বহুতো অনুসৰণকাৰীয়ে প্ৰেমৰ ইম’জি দি প্ৰকাশ কৰিছে আনন্দ। অনুৰাগীৰ শুভেচ্ছাবাণীয়ে উতসাহিত কৰি তুলিছে মডেলিং চাৰাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ