--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ প্ৰেম, ভালপোৱা আৰু বিবাহেই যেন চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে বলীউডত। কেট-আলিয়াই লগাইছে খলকনি। বলীউডত এতিয়া প্ৰিয়জনৰে ঘৰ পতাৰ যেন চলিছে এক অ-ঘোষিত প্ৰতিযোগিতা। কিছুদিন পূৰ্বলৈকে কেটৰিনাৰ বিবাহৰ খবৰে আলোড়নৰ সৃষ্টি কৰিছিল বলীউডত। কেটৰিনাৰ বিবাহ অনুষ্ঠানত ‘চান্না মেৰীয়া’ গোৱাৰো কথা আছিল ছলমান খানৰ। এতিয়া পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে কেট সুন্দৰী আৰু ভাট কন্যাৰ প্ৰসংগই। দুয়োৰে মন মাজুলীত পছন্দৰ পুৰুষো এজনেই। পাছে দুয়োৰে ভাৰ বহন কৰিবলৈ অক্ষম হেণ্ডচাম বয় ৰণবীৰ কাপুৰ। কেটৰিনা আছিল ৰণবীৰ কাপুৰৰে প্ৰাক্তন প্ৰেমিকা। অংকতো নিমিলা যেন লগাত আলিয়াৰ কাষ চাপিছিল ৰণবীৰে।

এই প্ৰসংগক কেন্দ্ৰ কৰিয়েই বহুতো তিক্ত বিতৰ্কই চুই গৈছিলহি বলীউড এৰিনা। অৱশ্যে, বহু বাত-বিতণ্ডাৰ অন্তত কেটৰিনা-আলিয়াই বন্ধুত্বকে প্ৰশ্ৰয় দিছিল। বিতৰ্কক একাষৰীয়া কৰি বন্ধুত্বৰ দুখনি হাত আগবঢ়ালেও কিন্তু প্ৰিয়জনক নোপোৱাৰ আক্ষেপে আজিও উদ্বিগ্ন কৰি তোলে কেটৰিনা-আলিয়াক। শেহতীয়াকৈ, আলিয়াই কেটৰিনাৰ বিষয়ে কৰিছে এটা মন্তব্য।কেটৰিনাৰ এটা বেয়া স্বভাৱ একেবাৰে সহ্য কৰিব নোৱাৰে আলিয়াই।কেটৰিনাক কিয় বেয়া পায় আলিয়াই?তাকে লৈ যেন এতিয়া অন্তহীন কৌতুহল কিম্বা চৰ্চা। কেটৰিনাৰ উপস্থিতিতেই ভাট কন্যাই এটা সাক্ষাৎকাৰত এই বিষয়ে কয়,‘ মই কেটৰিনাৰ এটা স্বভাৱ একেবাৰে ভাল নাপাওঁ। তেওক মেছেজ কৰিলে বহু পলমকৈ উত্তৰ দিয়ে।’ প্ৰত্যুত্তৰত কেটৰিনাৰ ওলোটা খৰ। উভতি ধৰিলে আলিয়াক। আলিয়াই অনলাইন থাকিলেও মেছেজৰ উত্তৰ পলমকৈ দিয়ে বুলি মন্তব্য কৰে কেট সুন্দৰীয়ে। ইফালে সমাগত কেটৰিনা-ভিকিৰ বিবাহ। বলীউডত এতিয়া কেটৰিনাৰ বিবাহক লৈয়ো হৈছে অন্তহীন চৰ্চা। অৱশ্যে,বলীউডৰ এইখন বিবাহে কিমানজনৰ হৃদয় ভাঙে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ