--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ প্ৰেম, ভালপোৱা আৰু বিবাহেই যেন চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে বলীউডত। কেট-আলিয়াই লগাইছে খলকনি। বলীউডত এতিয়া প্ৰিয়জনৰে ঘৰ পতাৰ যেন চলিছে এক অ-ঘোষিত প্ৰতিযোগিতা। কিছুদিন পূৰ্বলৈকে কেটৰিনাৰ বিবাহৰ খবৰে আলোড়নৰ সৃষ্টি কৰিছিল বলীউডত। কেটৰিনাৰ বিবাহ অনুষ্ঠানত ‘চান্না মেৰীয়া’ গোৱাৰো কথা আছিল ছলমান খানৰ। এতিয়া পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে কেট সুন্দৰী আৰু ভাট কন্যাৰ প্ৰসংগই। দুয়োৰে মন মাজুলীত পছন্দৰ পুৰুষো এজনেই। পাছে দুয়োৰে ভাৰ বহন কৰিবলৈ অক্ষম হেণ্ডচাম বয় ৰণবীৰ কাপুৰ। কেটৰিনা আছিল ৰণবীৰ কাপুৰৰে প্ৰাক্তন প্ৰেমিকা। অংকতো নিমিলা যেন লগাত আলিয়াৰ কাষ চাপিছিল ৰণবীৰে।

এই প্ৰসংগক কেন্দ্ৰ কৰিয়েই বহুতো তিক্ত বিতৰ্কই চুই গৈছিলহি বলীউড এৰিনা। অৱশ্যে, বহু বাত-বিতণ্ডাৰ অন্তত কেটৰিনা-আলিয়াই বন্ধুত্বকে প্ৰশ্ৰয় দিছিল। বিতৰ্কক একাষৰীয়া কৰি বন্ধুত্বৰ দুখনি হাত আগবঢ়ালেও কিন্তু প্ৰিয়জনক নোপোৱাৰ আক্ষেপে আজিও উদ্বিগ্ন কৰি তোলে কেটৰিনা-আলিয়াক। শেহতীয়াকৈ, আলিয়াই কেটৰিনাৰ বিষয়ে কৰিছে এটা মন্তব্য।কেটৰিনাৰ এটা বেয়া স্বভাৱ একেবাৰে সহ্য কৰিব নোৱাৰে আলিয়াই।কেটৰিনাক কিয় বেয়া পায় আলিয়াই?তাকে লৈ যেন এতিয়া অন্তহীন কৌতুহল কিম্বা চৰ্চা। কেটৰিনাৰ উপস্থিতিতেই ভাট কন্যাই এটা সাক্ষাৎকাৰত এই বিষয়ে কয়,‘ মই কেটৰিনাৰ এটা স্বভাৱ একেবাৰে ভাল নাপাওঁ। তেওক মেছেজ কৰিলে বহু পলমকৈ উত্তৰ দিয়ে।’ প্ৰত্যুত্তৰত কেটৰিনাৰ ওলোটা খৰ। উভতি ধৰিলে আলিয়াক। আলিয়াই অনলাইন থাকিলেও মেছেজৰ উত্তৰ পলমকৈ দিয়ে বুলি মন্তব্য কৰে কেট সুন্দৰীয়ে। ইফালে সমাগত কেটৰিনা-ভিকিৰ বিবাহ। বলীউডত এতিয়া কেটৰিনাৰ বিবাহক লৈয়ো হৈছে অন্তহীন চৰ্চা। অৱশ্যে,বলীউডৰ এইখন বিবাহে কিমানজনৰ হৃদয় ভাঙে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু