--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ বাবে বহিষ্কাৰ কৰা ভাৰতীয় ক্ৰিকেট কৰ্মকৰ্তা ললিত মোদীৰ প্ৰেমত পৰিছে প্ৰাক্তন মিছ ৱৰ্ল্ড তথা বলীউডৰ তাৰকা অভিনেত্ৰী সুস্মিতা সেন। খবৰটো পোহৰলৈ অহাৰ পিছতে চৰম কটুক্তিৰ সন্মুখীন হ’বলগীয়া হয় সুস্মিতা সেনে। মোদীৰ সৈতে বঙ্গতনয়াৰ অন্তৰংগ মুহূৰ্তৰ ছবিবোৰে আক্ষৰিক অৰ্থত স্তম্ভিত কৰি তুলিছে নেটিজেনক! প্ৰাক্তন মিছ ইউনিভাৰ্ছে এই প্ৰেমক লৈ এতিয়ালৈকে এটা টু-শব্দও কৰা নাই। কিন্তু ছ’চিয়েল মিডিয়াত অব্যাহত আছে চৰ্চা।

ললিত মোদীয়ে বৃহস্পতিবাৰে টুইটযোগে সুস্মিতাৰ সৈতে ‘বিবাহ’ৰ কথা ঘোষণা কৰে। পিছ মুহূৰ্ততে ভুলটো শুধৰাই ক’লে যে বিয়া নহয়, আমি ডেটিঙহে দি আছো। সম্প্ৰতি প্ৰেমত পৰিছে দুয়ো। ললিত মোদীয়ে মালদ্বীপত কটোবা জীপাল সময়ৰ ছবিও ইতিমধ্যে ৰাজহুৱা কৰা দেখিবলৈ পোৱা গৈছে।

পিছে ললিত মোদীৰ সৈতে এই সম্পৰ্কক লৈ অত্যুত্‍সাহী বঙ্গতনয়াই শুনিব লগা হৈছে তিতা কথা, টুইটাৰ ভৰি পৰিছে মিমেৰে।

আইপিএলৰ কেলেংকাৰীত নাম সাঙোৰ খাই পৰা ললিত মোদীয়ে কি যাদুৰে সুস্মিতা সেনৰ হৃদয় জয় কৰিলে তাক লৈ সঘন চৰ্চা চলিছে। কিছুমানে স্পষ্ট কৰি দিছে, ‘টকা থাকিলে সকলো সম্ভৱ’। টকাৰ স্বাৰ্থত ললিত মোদীৰ প্ৰেমত পৰিছে নেকি বুলি প্ৰাক্তন মিছ ইউনিভাৰ্ছলৈ প্ৰশ্নও কৰিছে নেটিজেনে।

১৯৯০ চনৰ অক্টোবৰ মাহত ললিতে মিনাল মোদীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ললিত মোদী। ২০১৮ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল মিনালৰ। সুস্মিতাৰ লগতো মিনালৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। মিনাল আৰু ললিতৰ আছে তিনিটা সন্তান।

সুস্মিতা সেনে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে সদায় মুকলিকৈ কৈ আহিছে। প্ৰেমত পৰিলেও তেওঁ মুকলিকৈ স্বীকাৰ কৰে, সম্পৰ্কটো ভাঙিলেও তেওঁ অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰে। অৱশ্যে, ললিত মোদীৰ সৈতে সম্পৰ্ক সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতাই। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰেমিক ৰোমান শ্বেলৰ সৈতে তিনি বছৰীয়া সম্পৰ্কত ইতিৰেখা টানিছিল সুস্মিতা সেনে। সুস্মিতাতকৈ ৰোমান বহুত সৰু আছিল। আনহাতে, ললিতৰ সৈতে সুস্মিতাৰ বয়সৰ পাৰ্থক্য প্ৰায় ১০ বছৰ! অৱশ্যে, ললিতৰ সৈতে সুস্মিতাৰ গঢ় লোৱা সম্পৰ্কক সহজে মানি লৈছে প্ৰাক্তন প্ৰেমিকে।

সুস্মিতাৰ প্ৰাক্তন প্ৰেমিকে সংবাদ মাধ্যমৰ আগত কয়, ‘সিহঁত সুখী হওক। প্ৰেম ধুনীয়া। মই এইখিনিকেই জানো। যদি কোনোবাই কাৰোবাক পছন্দ কৰে তাৰ মানে সেয়া অমূল্য।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ