--°C
Loading...
Listen to Article
2 min read
80%

ৰাহুলক বিচনাত থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল, কিন্তু সময়মতে বিয়া পতাৰ সিদ্ধান্ত লোৱাৰ পাছত ৰাহুল কাটাৰিয়া এম্বুলেন্সেৰে বিবাহস্থলীত উপস্থিত হৈছিল।

ডিজিটেল ডেস্কঃ কোৱা হয় যে বিবাহৰ লিখন ওপৰৱালাই নিৰ্ণয় কৰি ৰাখে আৰু দুটি প্ৰাণৰ মিলন হোৱাত কোনোৱে তেওঁলোকক বাধা দিব নোৱাৰে। ৰাজস্থানৰ উদয়পুৰত সম্পন্ন হোৱা এখন বিয়াই সেই কথা যেন পুনৰ সঁচা প্ৰমাণিত কৰিলে।এই অনন্য বিয়াখন দেখি সকলো লোক আচৰিত হৈছিল। দৰাই কইনা আনিবলৈ গাড়ী, ঘোঁৰা বা হাতীত উঠি যায় কিন্তু কেতিয়াবা দৰাই কইনা আনিবলৈ এম্বুলেন্সেত যোৱা শুনিছেনে? আচৰিত যেন লাগিলেও এনেকুৱা এক ঘটনা সংঘটিত হৈছে। বিয়াৰ ৫ দিন পূৰ্বে এক দুৰ্ঘটনাত আহত হয় দৰা ৰাহুল কাটাৰিয়া। তেওঁৰ ভৰি ভাঙিছিল আৰু তাৰপাছত ভৰিত প্লাষ্টাৰ বান্ধি দিয়া হৈছিল। ৰাহুলৰ ভৰিত সুমুৱাই দিয়া হৈছিল এডাল ৰ'ড। এনে পৰিস্থিতিত কোনেও বিয়া পতাৰ কথা ভাবিব নোৱাৰে কিন্তু ৰাহুল কাটাৰিয়াই নিৰ্দিষ্ট তাৰিখতে বিয়া পতাৰ সিদ্ধান্ত ল'লে। ইমান সুন্দৰকৈ সকলো পৰিকল্পনা আৰু আয়োজন কৰাৰ পাছত তেওঁ বিয়া পিছুৱাই দিবলৈ বেয়া পালে। ৰাহুলৰ সিদ্ধান্তত দুয়োঘৰৰ পৰিয়ালে জনালে সমৰ্থন। কইনা ৰিতিকা নাথানীয়েও নিৰ্দিষ্ট তাৰিখতে বিয়া পাতিবলৈ সহমত প্ৰকাশ কৰিলে। ৰাহুলক বিচনাত থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল, কিন্তু সময়মতে বিয়া পতাৰ সিদ্ধান্ত লোৱাৰ পাছত ৰাহুল কাটাৰিয়া এম্বুলেন্সেৰে বিবাহস্থলীত উপস্থিত হৈছিল। তেওঁক বিয়াৰ মণ্ডপলৈ ষ্ট্ৰেচ্ছাৰত লৈ যোৱা হৈছিল। সকলো ৰীতি-নীতি অনুসৰি হোমৰ জুইক সাক্ষী কৰি চিৰজীৱনৰ বাবে এক হয় ৰাহুল আৰু ৰিতিকা। বিয়াথলীত ৰাহুলৰ সাহস আৰু মনোবল বৃদ্ধি কৰি আছিল কইনা ৰিতিকাই। এই ব্যতিক্ৰমী বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ৰাহুল আৰু ৰিতিকাৰ যুগ্ম জীৱন সুখৰ হ'বৰ বাবে সকলোৱে জনাইছে শুভকামনা। আৰু পঢ়কঃ যুদ্ধৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ ইউক্ৰেইনলৈ আহিল হলীউড ষ্টাৰ; সাহসক লৈ বিশ্বজুৰি চৰ্চা

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন