--°C
Loading...
Listen to Article
2 min read
80%

ৰাহুলক বিচনাত থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল, কিন্তু সময়মতে বিয়া পতাৰ সিদ্ধান্ত লোৱাৰ পাছত ৰাহুল কাটাৰিয়া এম্বুলেন্সেৰে বিবাহস্থলীত উপস্থিত হৈছিল।

ডিজিটেল ডেস্কঃ কোৱা হয় যে বিবাহৰ লিখন ওপৰৱালাই নিৰ্ণয় কৰি ৰাখে আৰু দুটি প্ৰাণৰ মিলন হোৱাত কোনোৱে তেওঁলোকক বাধা দিব নোৱাৰে। ৰাজস্থানৰ উদয়পুৰত সম্পন্ন হোৱা এখন বিয়াই সেই কথা যেন পুনৰ সঁচা প্ৰমাণিত কৰিলে।এই অনন্য বিয়াখন দেখি সকলো লোক আচৰিত হৈছিল। দৰাই কইনা আনিবলৈ গাড়ী, ঘোঁৰা বা হাতীত উঠি যায় কিন্তু কেতিয়াবা দৰাই কইনা আনিবলৈ এম্বুলেন্সেত যোৱা শুনিছেনে? আচৰিত যেন লাগিলেও এনেকুৱা এক ঘটনা সংঘটিত হৈছে। বিয়াৰ ৫ দিন পূৰ্বে এক দুৰ্ঘটনাত আহত হয় দৰা ৰাহুল কাটাৰিয়া। তেওঁৰ ভৰি ভাঙিছিল আৰু তাৰপাছত ভৰিত প্লাষ্টাৰ বান্ধি দিয়া হৈছিল। ৰাহুলৰ ভৰিত সুমুৱাই দিয়া হৈছিল এডাল ৰ'ড। এনে পৰিস্থিতিত কোনেও বিয়া পতাৰ কথা ভাবিব নোৱাৰে কিন্তু ৰাহুল কাটাৰিয়াই নিৰ্দিষ্ট তাৰিখতে বিয়া পতাৰ সিদ্ধান্ত ল'লে। ইমান সুন্দৰকৈ সকলো পৰিকল্পনা আৰু আয়োজন কৰাৰ পাছত তেওঁ বিয়া পিছুৱাই দিবলৈ বেয়া পালে। ৰাহুলৰ সিদ্ধান্তত দুয়োঘৰৰ পৰিয়ালে জনালে সমৰ্থন। কইনা ৰিতিকা নাথানীয়েও নিৰ্দিষ্ট তাৰিখতে বিয়া পাতিবলৈ সহমত প্ৰকাশ কৰিলে। ৰাহুলক বিচনাত থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল, কিন্তু সময়মতে বিয়া পতাৰ সিদ্ধান্ত লোৱাৰ পাছত ৰাহুল কাটাৰিয়া এম্বুলেন্সেৰে বিবাহস্থলীত উপস্থিত হৈছিল। তেওঁক বিয়াৰ মণ্ডপলৈ ষ্ট্ৰেচ্ছাৰত লৈ যোৱা হৈছিল। সকলো ৰীতি-নীতি অনুসৰি হোমৰ জুইক সাক্ষী কৰি চিৰজীৱনৰ বাবে এক হয় ৰাহুল আৰু ৰিতিকা। বিয়াথলীত ৰাহুলৰ সাহস আৰু মনোবল বৃদ্ধি কৰি আছিল কইনা ৰিতিকাই। এই ব্যতিক্ৰমী বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ৰাহুল আৰু ৰিতিকাৰ যুগ্ম জীৱন সুখৰ হ'বৰ বাবে সকলোৱে জনাইছে শুভকামনা। আৰু পঢ়কঃ যুদ্ধৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ ইউক্ৰেইনলৈ আহিল হলীউড ষ্টাৰ; সাহসক লৈ বিশ্বজুৰি চৰ্চা

FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক