--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়ালৈ নিমন্ত্ৰণ কৰোতে সাৱধান হওক, চিনাকি কোনোবা ৰৈ গৈছে নেকি বাৰে বাৰে ভাবক, নহ’লে হ’ব পাৰে লংকাকাণ্ড! বিয়াৰ নিমন্ত্ৰণক লৈয়ে এনে এক ঘটনা সংঘটিত হৈছে, যি ঘটনাৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। গাজিয়াবাদৰ ট্ৰনিকা চিটি থানা এলেকাত ঘটিছে এই চাঞ্চল্যকৰ কাণ্ড। 

বিয়ালৈ নিমন্ত্ৰণ নোপোৱাত ক্ষুব্ধ হৈ এজন যুৱকে হালদী অনুষ্ঠানৰ সময়ত দৰাৰ পিতৃক গুলীয়াই আহত কৰে। গুলীটোৱে দৰাৰ পিতৃৰ বাওঁহাতত খুন্দা মাৰে, তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

এই কাণ্ড সংঘটিত হৈছে ট্ৰনিকা চহৰৰ আছৰা এপাৰ্টমেণ্টত, য’ত দীপাংশু নামৰ যুৱকজনৰ ২২ মাৰ্চত বিবাহপাশত আবদ্ধ হ’বলগীয়া আছিল। বিয়াৰ আগতে হালদী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিয়ালৈ নিমন্ত্ৰণ নোপোৱাত খং উঠিল এপাৰ্টমেণ্টৰে নিৱাসী বংশ নামৰ যুৱকজনৰ। 

বন্ধু তৰুণৰ সৈতে বিয়াঘৰত উপস্থিত হ’ল বংশ। বংশই মদ্যপান কৰি নিমন্ত্ৰণ নোপোৱাৰ ক্ষোভ উজাৰে দৰা পৰিয়ালৰ আগত। তাত উপস্থিত হৈ তেওঁ গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰে।

বংশৰ এই কাণ্ডত পৰিবেশ বিনষ্ট হোৱাৰ বাবে দীপাংশুৰ পিতৃ সোণুৱে তেওঁক তাৰ পৰাই যাবলৈ ক’লে। এই কথাত ক্ষুব্ধ হৈ বংশই অবৈধ পিস্তল উলিয়াই গুলী চলায়, এই গুলী সোণুৰ বাওঁহাতত লাগিল। গুলীৰ শব্দ শুনাৰ লগে লগে বিয়াঘৰত হুৱাদুৱা লাগিল। লগে লগে পৰিয়ালে আহত সোণুক চিকিৎসালয়লৈ লৈ যায় আৰু আৰক্ষীক খবৰ দিয়ে।

ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী। এচিপি লনী সিদ্ধাৰ্থ গৌতমে কয় যে বংশ আৰু তেওঁৰ সংগী তৰুণৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। দুয়োকে গ্ৰেপ্তাৰ কৰা হ’ব।

এই ঘটনাত অঞ্চলটোত আতংক বিয়পি পৰিছে। বিয়াৰ সুখৰ মাজতে এই আকস্মিক আক্ৰমণত স্তম্ভিত হৈ পৰিছে পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলবাসী। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু