--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়ালৈ নিমন্ত্ৰণ কৰোতে সাৱধান হওক, চিনাকি কোনোবা ৰৈ গৈছে নেকি বাৰে বাৰে ভাবক, নহ’লে হ’ব পাৰে লংকাকাণ্ড! বিয়াৰ নিমন্ত্ৰণক লৈয়ে এনে এক ঘটনা সংঘটিত হৈছে, যি ঘটনাৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। গাজিয়াবাদৰ ট্ৰনিকা চিটি থানা এলেকাত ঘটিছে এই চাঞ্চল্যকৰ কাণ্ড। 

বিয়ালৈ নিমন্ত্ৰণ নোপোৱাত ক্ষুব্ধ হৈ এজন যুৱকে হালদী অনুষ্ঠানৰ সময়ত দৰাৰ পিতৃক গুলীয়াই আহত কৰে। গুলীটোৱে দৰাৰ পিতৃৰ বাওঁহাতত খুন্দা মাৰে, তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

এই কাণ্ড সংঘটিত হৈছে ট্ৰনিকা চহৰৰ আছৰা এপাৰ্টমেণ্টত, য’ত দীপাংশু নামৰ যুৱকজনৰ ২২ মাৰ্চত বিবাহপাশত আবদ্ধ হ’বলগীয়া আছিল। বিয়াৰ আগতে হালদী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিয়ালৈ নিমন্ত্ৰণ নোপোৱাত খং উঠিল এপাৰ্টমেণ্টৰে নিৱাসী বংশ নামৰ যুৱকজনৰ। 

বন্ধু তৰুণৰ সৈতে বিয়াঘৰত উপস্থিত হ’ল বংশ। বংশই মদ্যপান কৰি নিমন্ত্ৰণ নোপোৱাৰ ক্ষোভ উজাৰে দৰা পৰিয়ালৰ আগত। তাত উপস্থিত হৈ তেওঁ গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰে।

বংশৰ এই কাণ্ডত পৰিবেশ বিনষ্ট হোৱাৰ বাবে দীপাংশুৰ পিতৃ সোণুৱে তেওঁক তাৰ পৰাই যাবলৈ ক’লে। এই কথাত ক্ষুব্ধ হৈ বংশই অবৈধ পিস্তল উলিয়াই গুলী চলায়, এই গুলী সোণুৰ বাওঁহাতত লাগিল। গুলীৰ শব্দ শুনাৰ লগে লগে বিয়াঘৰত হুৱাদুৱা লাগিল। লগে লগে পৰিয়ালে আহত সোণুক চিকিৎসালয়লৈ লৈ যায় আৰু আৰক্ষীক খবৰ দিয়ে।

ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী। এচিপি লনী সিদ্ধাৰ্থ গৌতমে কয় যে বংশ আৰু তেওঁৰ সংগী তৰুণৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। দুয়োকে গ্ৰেপ্তাৰ কৰা হ’ব।

এই ঘটনাত অঞ্চলটোত আতংক বিয়পি পৰিছে। বিয়াৰ সুখৰ মাজতে এই আকস্মিক আক্ৰমণত স্তম্ভিত হৈ পৰিছে পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলবাসী। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা