--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউটিউব চাই চাই আজিকালি বহু মানুহে বহু কথা শিকে। ৰন্ধা-বঢ়া, চিলাই, হাতৰ যিকোনো কাম, গান, বাদ্য বজোৱাকে ধৰি নানা কাম মানুহে সহজতে ইউটিউবৰ পৰা শিকি বুজি লয়। এক অৰ্থত ইউটিউবে মানুহৰ জীৱনযাত্ৰাত বহুখিনি অৱদান আগবঢ়াই আহিছে। 

কিন্তু ইউটিউবৰ পৰা এক বিশেষ শিক্ষা লৈ এজন যুৱকে এনে এক কাণ্ড কৰিলে যি কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। 
এজন যুৱকে পেটৰ বিষত ভুগি থাকিব নোৱাৰা হল। তেওঁ ইউটিউব চাই নিজেই কৰিলে নিজৰ পেটৰ অপাৰেশ্যন। 

মথুৰাত ঘটিছে এই ঘটনা। যুৱকজনৰ এই কাণ্ডত চিকিৎসকসকলো আচৰিত হৈ পৰিল। অপাৰেচনৰ বাবে যুৱকজনে মেডিকেলৰ পৰা নম্বিং ইনজেকচন, ব্লেড আৰু অন্যান্য সামগ্ৰী লৈ আহিছিল। অপাৰেচনৰ অন্তত পেটটোত ১১টা চিলাই কৰে যুৱকজনে। 

ইয়াৰ পিছত যেতিয়া তেওঁৰ অৱস্থা বেয়া হ’ল, তেতিয়া তেওঁ বিষত চিঞৰিবলৈ ধৰিলে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰে যুৱকজনক।

জানিব পৰা অনুসৰি কানহাইয়া ঠাকুৰৰ পুত্ৰ ৰাজা বাবু (৩২) বহু দিন ধৰি পেটৰ বিষত ভুগি আছিল। কেইবাবাৰো চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা হৈছিল যদিও কোনো সকাহ নাপালে ৰাজা বাবুয়ে। ১৮ বছৰ পূৰ্বে তেওঁৰ এপেণ্ডিক্স অপাৰেচন কৰা হৈছিল, তাৰ পিছত তেওঁ সঘনাই পেটৰ বিষত ভুগিছিল। অহৰহ বিষত বিৰক্ত হৈ তেওঁ নিজেই অপাৰেচনটো কৰাৰ সিদ্ধান্ত ল’লে।

এটাত কোঠাত নিজকে আৱদ্ধ কৰি ডাক্তৰৰ দৰে বেজী দি ৰাজা বাবুৱে নিজকে প্ৰথমে অজ্ঞান কৰি পেলালে। ইয়াৰ পিছত তেওঁ অস্ত্ৰোপচাৰৰ ব্লেডেৰে পেটটো ফালি পেলালে। প্ৰথম অৱস্থাত তেওঁ কোনো বিষ অনুভৱ কৰা নাছিল যদিও ঔষধৰ প্ৰভাৱ শেষ হোৱাৰ লগে লগে তেওঁৰ কষ্ট হ’বলৈ ধৰিলে। এই সময়ছোৱাত তেওঁ পেটত ১১টা চিলাইয়ো কৰিছিল। বিষৰ পৰা কোনো সকাহ পোৱা নাছিল ৰাজা বাবুৱে। তেওঁ জোৰেৰে চিঞৰিবলৈ ধৰিলে। যুৱকজনৰ চিঞৰ শুনি পৰিয়ালৰ লোকে দৌৰি গৈ লগে লগে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়। সংকটজনক অৱস্থাত চিকিৎসকে যুৱকজনক ভৰ্তি কৰি চিকিৎসা অব্যাহত ৰাখিছে।

চিকিৎসকে কয় যে উপযুক্ত তথ্য অবিহনে এনে পদক্ষেপ লোৱাটো অতি মাৰাত্মক। বৰ্তমান ৰাজা বাবুৰ অৱস্থা সুস্থিৰ। তেওঁৰ চিকিৎসা চলি আছে।

এই ঘটনা চিকিৎসা বিশেষজ্ঞ আৰু সাধাৰণ জনতাৰ বাবে এক সতৰ্কবাণী যে কোনো ধৰণৰ পেছাদাৰী প্ৰশিক্ষণ অবিহনে নিজাববীয়াকৈ অস্ত্ৰোপচাৰ কৰাটো অতি ভয়ংকৰ বুলি প্ৰমাণিত হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ