--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাই মানুহৰ স্বাস্থ্যৰ হানি কৰাৰ লগতে সামাজিক স্থিতিৰো অৱক্ষয় কৰে৷ সুৰাই মানুহক বৰ আহুকালতো পেলায়৷ এখন বিয়াত এনে এক ঘটনা সংঘটিত হ’ল যি ঘটনাৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। 

বৰেলীৰ এখন বিয়াঘৰত ঘটিছে এই ঘটনা। সুৰাসক্ত দৰাই কৰিলে এক আচৰিত কাণ্ড। নিচাৰ কোবত দৰাজনে কইনাৰ সলনি কইনাৰ বান্ধৱীক পিন্ধালে বৰমালা। এই ঘটনাত সকলো হতভম্ব হৈ পৰে। 

দৰাৰ এই কাৰ্যত ক্ষুব্ধ হৈ কইনাগৰাকীয়ে বিয়া কৰিবলৈ অস্বীকাৰ কৰে আৰু দৰাৰ গালত প্ৰচণ্ড চৰ মাৰে। ইয়াৰ পিছত দুয়োপক্ষৰ মাজত তীব্ৰ বিবাদৰ সৃষ্টি হয়। চকী দলিওৱাৰ লগতে খাদ্যও নিক্ষেপ কৰা হয়। 

বিষয়টো ইমানেই বেয়া হৈ গ’ল যে আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হ’ল আৰু দৰাঘৰীয়া খালী হাতেৰে উভতি আহিবলগীয়া হ’ল।

গাঁওবাসীয়ে জনোৱা মতে, বৰখেদা থানা এলেকাৰ এখন গাঁৱৰ পৰা আহিছিল বৰযাত্ৰীসকল। কইনাৰ ফালৰ মানুহবোৰ বিয়াৰ আলহীক সেৱা কৰাত ব্যস্ত হৈ পৰিছিল। অভিযোগ অনুসৰি বৰযাত্ৰীসকল বিয়াঘৰত উপস্থিত হোৱাৰ সময়ত দৰাই মদ্যপান কৰি আহিছিল আনকি কেইবাবাৰো মাটিত তেওঁ বাগৰিও পৰিছিল। 

বৰমালা পিন্ধোৱাৰ সময়ত যেতিয়া কইনাই দৰাক মালা পিন্ধাইছিল, তেতিয়া দৰাই কইনাৰ সলনি কইনাৰ বান্ধৱীক ডিঙিত বৰমালা পিন্ধাই দিয়ে।

খঙতে কইনাই দৰাক চৰ মাৰি দিয়াত কইনাঘৰীয়া আৰু দৰাঘৰীয়াৰ মাজত তীব্ৰ কাজিয়া হ’ল। এই সময়ছোৱাত বহু লোকো আহত হয়। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে দৰা আৰু তেওঁৰ কেইবাজনো বন্ধুক জিম্মাত লৈ যায়। দিনটো থানাৰ বাহিৰত পঞ্চায়ত চলি থাকিল। শান্তি বিঘ্নিত কৰাৰ বাবে দৰা আৰু তেওঁৰ বন্ধুক চালান জাৰি কৰে আৰক্ষীয়ে। লগতে কইনাৰ পক্ষই যৌতুক দাবীৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক এজাহাৰ দাখিল কৰিছে। এই বিষয়ত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, দৰাৰ বন্ধুসকলে চুবুৰীয়া গাঁৱৰ এজন মধ্যভোগীৰ পৰা অবৈধভাৱে সুৰা কিনি দৰাক পান কৰাইছিল। সুৰা বিক্ৰী কৰা এজন যুৱকৰ সন্ধানত আৰক্ষীয়ে গাঁওখনত অভিযান চলাই এজন যুৱকক গ্ৰেপ্তাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক