--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ পৃথিৱীত বিয়েৰ পান কৰাটো এটা চখৰ দৰে হৈ পৰিছে। সাধাৰণতে ইয়াত ৫-৬ শতাংশ এলকহল থাকে। বিয়েৰ খোৱাটো স্বাস্থ্যৰ পক্ষে কিছু উপকাৰিতা আছে যদিও আনফালে ইয়াৰ নিচা আপোনাৰ বাবে মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। বিশেষজ্ঞৰ মতে, বহুদিন বিয়েৰ সেৱন কৰিলে শৰীৰৰ বহু ক্ষতি হ’ব পাৰে। আনহাতে, যেতিয়া আপুনি অধিক পৰিমা্ণে মদ্যপান বা বিয়েৰ সেৱন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া শৰীৰে কিছুমান সংকেত দিব ধৰে। আজি আমি এনে কিছুমান লক্ষণৰ বিষয়ে জানিম, যিবোৰ দেখিলে তৎক্ষণাত বিয়েৰৰ পানৰ পৰা নিজকে আঁতৰাই ৰাখক নহ’লে ই আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। জানো আহক।

 এই ৪টা লক্ষণ দেখিলেই হওক সাৱধান-

১. উদ্বেগ আৰু হতাশাঃ-স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যদি আপুনি দীৰ্ঘদিন ধৰি অধিক বিয়েৰ বা মদ্যপান কৰি আছে, তেন্তে উদ্বেগ আৰু হতাশাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। এনে অৱস্থাত যদি বিয়েৰ পানৰ পাছত উদ্বিগ্নতা বা হতাশা অনুভৱ কৰে তেন্তে তৎক্ষণাত বীয়েৰ সেৱন বন্ধ কৰা উচিত নহ’লে আপোনাৰ সমস্যা দুগুণ বৃদ্ধি হ’ব পাৰে।

২. যকৃৎঃ-যদি আপোনাৰ হজম শক্তি বা পেটৰ লগত জড়িত কোনো ৰোগ আছে বা আপোনাৰ লিভাৰে সঠিকভাৱে কাম কৰা নাই, তেন্তে বিয়েৰ সেৱন পৰিহাৰ কৰক, কাৰণ ই এলকহলিক হেপাটাইটিছৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বিয়েৰৰ পৰা আঁতৰত থাকক বা অধিক বিয়েৰ খোৱাৰ ফলত চিৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি পায়।

৩. ওজন বৃদ্ধিঃ-চিকিৎসকৰ মতে বিয়েৰ খোৱাৰ ফলত মানুহৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে, কাৰণ ১ কেন বিয়েৰত প্ৰায় ১৫৩ কেলৰি থাকে। এনে অৱস্থাত যদি আপুনি ইয়াক অবিৰতভাৱে সেৱন কৰে, তেন্তে আপোনাৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে।

৪. উচ্চ ৰক্তচাপঃ-যদি আপুনি উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছে ​​আৰু বিয়েৰ সেৱন কৰে তেন্তে ই আপোনাৰ সমস্যাক আৰু অধিক গুৰুতৰ কৰি তুলিব পাৰে। চিকিৎসকৰ মতে ৰক্তচাপৰ ৰোগীয়ে কোনো ধৰণৰ সুৰাপান সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে। ইয়াক খালে ডিঙি, মুখৰ কৰ্কট ৰোগকে ধৰি বহু কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। একে সময়তে ডায়েবেটিছ ৰোগীয়েও বিয়েৰ পান কৰিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ