--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ পৃথিৱীত বিয়েৰ পান কৰাটো এটা চখৰ দৰে হৈ পৰিছে। সাধাৰণতে ইয়াত ৫-৬ শতাংশ এলকহল থাকে। বিয়েৰ খোৱাটো স্বাস্থ্যৰ পক্ষে কিছু উপকাৰিতা আছে যদিও আনফালে ইয়াৰ নিচা আপোনাৰ বাবে মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। বিশেষজ্ঞৰ মতে, বহুদিন বিয়েৰ সেৱন কৰিলে শৰীৰৰ বহু ক্ষতি হ’ব পাৰে। আনহাতে, যেতিয়া আপুনি অধিক পৰিমা্ণে মদ্যপান বা বিয়েৰ সেৱন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া শৰীৰে কিছুমান সংকেত দিব ধৰে। আজি আমি এনে কিছুমান লক্ষণৰ বিষয়ে জানিম, যিবোৰ দেখিলে তৎক্ষণাত বিয়েৰৰ পানৰ পৰা নিজকে আঁতৰাই ৰাখক নহ’লে ই আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। জানো আহক।

 এই ৪টা লক্ষণ দেখিলেই হওক সাৱধান-

১. উদ্বেগ আৰু হতাশাঃ-স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যদি আপুনি দীৰ্ঘদিন ধৰি অধিক বিয়েৰ বা মদ্যপান কৰি আছে, তেন্তে উদ্বেগ আৰু হতাশাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। এনে অৱস্থাত যদি বিয়েৰ পানৰ পাছত উদ্বিগ্নতা বা হতাশা অনুভৱ কৰে তেন্তে তৎক্ষণাত বীয়েৰ সেৱন বন্ধ কৰা উচিত নহ’লে আপোনাৰ সমস্যা দুগুণ বৃদ্ধি হ’ব পাৰে।

২. যকৃৎঃ-যদি আপোনাৰ হজম শক্তি বা পেটৰ লগত জড়িত কোনো ৰোগ আছে বা আপোনাৰ লিভাৰে সঠিকভাৱে কাম কৰা নাই, তেন্তে বিয়েৰ সেৱন পৰিহাৰ কৰক, কাৰণ ই এলকহলিক হেপাটাইটিছৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বিয়েৰৰ পৰা আঁতৰত থাকক বা অধিক বিয়েৰ খোৱাৰ ফলত চিৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি পায়।

৩. ওজন বৃদ্ধিঃ-চিকিৎসকৰ মতে বিয়েৰ খোৱাৰ ফলত মানুহৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে, কাৰণ ১ কেন বিয়েৰত প্ৰায় ১৫৩ কেলৰি থাকে। এনে অৱস্থাত যদি আপুনি ইয়াক অবিৰতভাৱে সেৱন কৰে, তেন্তে আপোনাৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে।

৪. উচ্চ ৰক্তচাপঃ-যদি আপুনি উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছে ​​আৰু বিয়েৰ সেৱন কৰে তেন্তে ই আপোনাৰ সমস্যাক আৰু অধিক গুৰুতৰ কৰি তুলিব পাৰে। চিকিৎসকৰ মতে ৰক্তচাপৰ ৰোগীয়ে কোনো ধৰণৰ সুৰাপান সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে। ইয়াক খালে ডিঙি, মুখৰ কৰ্কট ৰোগকে ধৰি বহু কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। একে সময়তে ডায়েবেটিছ ৰোগীয়েও বিয়েৰ পান কৰিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু