--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইউৰিক এচিড বৃদ্ধি হোৱাটো এটা সাধাৰণ সমস্যা হৈ পৰিছে। ইয়াৰ ফলত বাতবিষৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। যেতিয়া আমাৰ শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থবোৰ আঁতৰাব নোৱাৰে তেতিয়া শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায় আৰু আমাৰ গাঁঠিবোৰত ক্ৰাষ্ট গঠন হ’বলৈ ধৰে যাক গাউট বোলা হয়। এনে অৱস্থাত আমি দৈনন্দিন খাদ্য তালিকাত এনে কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰাটো জৰুৰী, যিবোৰে উচ্চ ইউৰিক এচিড হ্ৰাস কৰাত সহায় কৰিব পাৰে।

 এইবোৰ খাদ্যই ইউৰিক এচিড হ্ৰাস কৰে-

১. বিলাহীঃ-বিলাহী এনেকুৱা এটা পাচলি যিটো আমি দৈনন্দিন খাদ্য ৰন্ধাত ব্যৱহাৰ কৰো। বিলাহীত ভিটামিন-চি প্ৰচুৰ পৰিমাণ থাকে আৰু ই ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।

২. কমলাঃ-কমলা এনেকুৱা এবিধ ফল যিটো ভিটামিন-চিৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়। যদি আপুনি দৈনিক ৫০০ মিলিগ্ৰাম ভিটামিন-চি খাদ্য গ্ৰহণ কৰে, তেন্তে শৰীৰত থকা ইউৰিক এচিডৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। কমলাৰ বাহিৰেও নেমুও ভিটামিন-চি প্ৰধান উৎস বুলি কোৱা হয়।

৩. আঁহভিত্তিক খাদ্যঃ-আমি প্ৰায়ে ওজন কমাবলৈ আঁহযুক্ত খাদ্য খাওঁ, কিন্তু আপুনি জানি আচৰিত হ’ব যে আঁহযুক্ত খাদ্যই ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। এনে খাদ্যৰ ভিতৰত গোটা শস্য, ওটছ, ব্ৰকলি, বিলাহী আৰু কুমলীয়া ডালিম আদি অন্যতম।

৪. চেৰীঃ-আপুনি নিশ্চয় চেৰী দেখিছে, যিমানেই সুস্বাদু নহওক কিয়, ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত ই ফলপ্ৰসূ। চেৰী বিষ নিবাৰণকাৰী গুণ আছে যি স্বাস্থ্যৰ বাবে অতি উপকাৰী।

৫. ডাৰ্ক চকলেটঃ-ডাৰ্ক চকলেটত পোৱা থিয়ব্ৰ’মিন এলকেল’ইডে উচ্চ ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায়ক। ডাৰ্ক চকলেটত চেনিৰ পৰিমাণ যাতে নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ’লে ই তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ