--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ হাজাৰ বছৰীয়া পুৰণি পৰম্পৰাগত লোককলা আৰু আধুনিক সম-সাময়িক কলাৰ মাজত এক গভীৰ যোগসূত্র স্থাপন কৰাই হৈছে এই শিবিৰৰ মূল উদ্দেশ্য। এই ৰাষ্ট্ৰীয় মঞ্চত অসমৰ বাবে এক অত্যন্ত গৌৰৱ তথা উল্লেখনীয় বিষয় হৈছে মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পৰ সজীৱ প্ৰদৰ্শন।

ডিজিটেল ডেস্ক : ৰাজস্থানৰ জয়পুৰস্থিত ৰাজস্থান ইণ্টাৰনেশ্যনেল চেণ্টাৰত বৰ্তমান অনুষ্ঠিত হৈছে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যতিক্ৰমী কলা সংযোগ। উদয়পুৰৰ ৱেষ্ট জ'ন কালচাৰেল চেণ্টাৰ আৰু ৰাজস্থান ইণ্টাৰনেশ্যনেল চেণ্টাৰৰ যুটীয়া উদ্যোগত যোৱা ১ জুনৰ পৰা ৫ জুনলৈকে আয়োজিত এই পাঁচদিনীয়া 'লোক আৰু সমসাময়িক কলা শিবিৰ'ত (Folk and Contemporary Art Camp) দেশৰ ১৪খন ৰাজ্যৰ ২০গৰাকী বিশিষ্ট শিল্পীয়ে অংশগ্রহণ কৰিছে।


ভাৰতৰ হাজাৰ বছৰীয়া পুৰণি পৰম্পৰাগত লোককলা আৰু আধুনিক সম-সাময়িক কলাৰ মাজত এক গভীৰ যোগসূত্র স্থাপন কৰাই হৈছে এই শিবিৰৰ মূল উদ্দেশ্য। এই ৰাষ্ট্ৰীয় মঞ্চত অসমৰ বাবে এক অত্যন্ত গৌৰৱ তথা উল্লেখনীয় বিষয় হৈছে মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পৰ সজীৱ প্ৰদৰ্শন। মাজুলীৰ নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখা শিল্পী খগেন গোস্বামীয়ে এই শিবিৰত অসমক প্রতিনিধিত্ব কৰিছে। 


মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰসৃষ্টি এই মুখাশিল্পক তেওঁ দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা কলা অনুৰাগী আৰু শিল্পী সমাজৰ সন্মুখত কৰ্মশালাৰ জৰিয়তে দাঙি ধৰিছে। মুখাশিল্পী খগেন গোস্বামীয়ে জানিবলৈ দিয়ে যে মাজুলীৰ চামগুৰি সত্ৰৰ পৰা আহি জয়পুৰৰ এই বিশেষ অনুষ্ঠানত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ২০জন মহান শিল্পীক একেলগে লগ পাই আৰু বাৰ্তালাপ কৰি খুব ভাল লাগিছে। মই আমাৰ গুৰুজনা শ্রীমন্ত শংকৰদেৱৰ ঐতিহ্যমণ্ডিত মুখা শিল্পক লৈ ইয়াত উপস্থিত হৈছোঁ। অসমৰ হৈ এই ৰাষ্ট্ৰীয় মঞ্চত প্রতিনিধিত্ব কৰিবলৈ পাই মই পৰম সৌভাগ্য আনুভৱ কৰিছোঁ।


মোৰ গুৰু, পদ্মশ্রী হেমচন্দ্ৰ গোস্বামীৰ সান্নিধ্য আৰু নেতৃত্বতে মই এই শিক্ষা লাভ কৰিছিলোঁ। তেওঁ লগতে উল্লেখ কৰে যে অসমৰ শিলচৰৰ পৰা যোৱা আন এগৰাকী শিল্পী বাপন পালেও বাঁহ-বেতৰ পৰম্পৰাগত শিল্পৰ জৰিয়তে এই শিবিৰত অংশগ্ৰহণ কৰিছে। শিবিৰৰ বিশেষ আকৰ্ষণসমূহৰ ভিতৰত আছে-গুজৰাটৰ পিথোৰা কলাৰ বাবে পদ্মশ্রী পৰেশ ৰাথৱা, ৰাজস্থানৰ মোগল মিনিয়েচাৰ আৰ্টৰ বাবে শাকীৰ আলী আৰু বিহাৰৰ মধুবাণী কলাৰ বিশিষ্ট শিল্পী দুলাৰী দেৱী। একেদৰে সমসাময়িক আধুনিক কলাৰ শাখাত দেশৰ বহু নামকৰা ভাস্কৰ, চিত্রশিল্পী আৰু গৱেষকে অংশগ্ৰহণ কৰিছে। 


ইফালে অনুষ্ঠানৰ সন্দৰ্ভত ৰাজস্থান ইণ্টাৰনেশ্যনেল চেণ্টাৰৰ কিউৰেটৰ নিখাত আনচাৰীয়ে জানিবলৈ দিয়ে যে ৰাজস্থান ইণ্টাৰনেশ্যনেল চেণ্টাৰ আৰু বেষ্ট জ'ন কালচাৰেল চেণ্টাৰ, উদয়পুৰৰ উদ্যোগত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্ট কেম্পৰ আয়োজন কৰা হৈছে। ইয়াত ১০ গৰাকী সমসাময়িক শিল্পী আৰু ১০ গৰাকী লোকশিল্পীসহ মুঠ ২০গৰাকী শিল্পীয়ে অংশ লৈছে। ইয়াত আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ দুর্লভ কলাসমূহ প্ৰদৰ্শনৰ চেষ্টা কৰিছোঁ, য'ত গুজৰাটৰ পিথোৰা কলাৰ পৰা আৰম্ভ কৰি অসমৰ খগেন গোস্বামীৰ দ্বাৰা নির্মিত ঐতিহাসিক মুখাশিল্প আৰু বাঁহৰ বিশেষ শিল্পও অন্তর্ভুক্ত হৈছে। সঞ্চালক এন চি গোৱেলৰ দিকদর্শনত আয়োজিত এই শিবিৰত চলি থকা কৰ্মশালাই জয়পুৰৰ দৰ্শক আৰু কলা অনুৰাগীসকলক বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক