--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যান-বাহন আইন ভংগ কৰিছে নেকি? তেন্তে সাৱধান!  ট্ৰেফিক ছিগনেলত থিয় হৈ এইবাৰ আপোনাক সকীয়নি দিব বলীউড অভিনেত্ৰী কৰীণা কাপুৰ খানে। দেশৰ ৰাজধানী নতুন দিল্লীত এই দায়িেত্ব পালন কৰিব কৰীণাই। ৰাজধানীৰ ৰাজপথত ট্ৰেফিক ছিগনেলত ‘পু’ ৰূপে দেখা দিব বেবো। ছিগনেল অমান্য কৰি গাড়ী আগবাঢ়িনলেই নিজস্ব ভংগীমাৰে বাধা দিব কৰীণাই।

পথযাত্ৰী সকলে যাতে যান-বাহন আইন মানি চলে তাৰ বাবে প্ৰচেষ্টাত ক্ৰুটি ৰখা নাই দিল্লী আৰক্ষীয়ে। কিন্তু একো লাভ নহ’ল। গতিকে, এইবাৰ এক নতুন পন্থা গ্ৰহণ কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে এটা মিম ক্লিপ। য’ত দেখিবলৈ পোৱা গৈছে যে, ৰঙা সংকেত দিয়াৰ পাছতো গৈ আছে এখন গাড়ী। ঠিক তেতিয়াই কৰীণাই ‘কভী খুশী কভী গম’ৰ ‘পু’ হৈ ৰঙা সংকেতত ধৰা দিছে কৰীণাই। কৰীণাই কৈছে, 'কৌন হায় য়ে জিছনে পু কো দুবাৰা মূৰ কৰ নেহী দেখা।’ ভিডিঅ’টোৰ কেপচন দিয়া হৈছে, ‘এই যান-বাহন আইন উলংঘাকাৰীজন কোন? ‘পু’ৱে মনোযোগ বিচাৰিছে, গতিকে ট্ৰেফিক লাইট অনুসৰণ কৰক।’

কেৱল সেয়াই নহয়, শেহতীয়াকৈ নাছাই তৰাৰে ভৰা মহাকাশৰ এখন ছবি প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীয়ে এই ছবিখনো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। কেপচনত লিখিছে, ‘আকাশৰ নক্ষত্ৰ যদি চাব নিবিচাৰে তেনেহ’লে ছিটবেল্ট পৰিধান কৰক।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ