--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আমাৰ দেশ ভাৰতে ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। এই উপলক্ষে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি সকলোৱে ২৬ জানুৱাৰীত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজপথত পেৰেডত অংশ ল'বলৈ অহা ভিভিআইপি লোকসকলক সুৰক্ষা দিবলৈ ২৭,০০০ আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে দেশত আইন-শৃংখলা ৰক্ষা কৰে আৰু অপৰাধমূলক কাৰ্যকলাপৰ ওপৰতো নজৰ ৰাখে। দেশৰ আৰক্ষী বিভাগত এনে কিছুমান সুঠাম শৰীৰৰ আৰক্ষী বিষয়া আছে যাক লৈ সকলোতে চলে চৰ্চা। এনে আৰক্ষীয়ে বডি বিল্ডাৰ আৰক্ষী বুলি পৰিচিতি লাভ কৰিছে। এনে পুলিচৰ শৰীৰৰ ফিটনেছ দেখিয়ে অপৰাধীৰ বুকু ভয়ত কঁপি উঠে। আৰক্ষী সেৱাৰ লগতে নিজৰ শৰীৰ চৰ্চাত কেইগৰাকীমান আৰক্ষীয়ে যথেষ্ট সুনাম অৰ্জন কৰিছে। গতিকে আহকচোন জানো ফিটনেছত গুৰুত্ব দিয়া দেশৰ কেইগৰাকীমান আৰক্ষীৰ বিষয়ে- [caption id="attachment_125772" align="aligncenter" width="300"] ইন্সপেক্টৰ বলদেৱ কুমাৰ, চণ্ডিগড় আৰক্ষী[/caption] ১)ইন্সপেক্টৰ বলদেৱ কুমাৰ, চণ্ডিগড় আৰক্ষীঃ ইন্সপেক্টৰ বলদেৱ কুমাৰৰ বয়স ৫৩ বছৰ আৰু তেওঁক দেশৰ আটাইতকৈ উপযুক্ত আৰক্ষীৰ ভিতৰত গণ্য কৰা হয়। তেওঁ হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ বাসিন্দা, কিন্তু বৰ্তমান চণ্ডিগড়ত নিযুক্তি লাভ কৰিছে। তেওঁ ১৯৯৫ চনত আৰক্ষীত যোগদান কৰিছিল, তাৰ পিছত ২০১৫ চনত তেওঁ এজন ইন্সপেক্টৰ হয়। ৪৫ বছৰ বয়সত বলদেৱ কুমাৰে শৰীৰ চৰ্চাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পিছত, তেওঁ কেইবাটাও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বডি বিল্ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু পদক লাভ কৰে। [caption id="attachment_125773" align="aligncenter" width="300"]আৰক্ষী জেইলাৰ দীপক শৰ্মা, তিহাৰ জে'ল[/caption] ২)জেইলাৰ দীপক শৰ্মা, তিহাৰ জে'লঃ দীপক শৰ্মাই বৰ্তমান দিল্লীৰ তিহাৰ জে'লৰ জেইলাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ২০০৯ চনত আৰক্ষী বিভাগত যোগদান কৰিছিল। ছলমান খানৰ দাবাং চিনেমাখন চোৱাৰ পাছত তেওঁ নিজকে ফিট কৰাৰ কথা ভাবে। ইয়াৰ পাছতেই শৰীৰ চৰ্চা কৰিবলৈ লয়। বৰ্তমান সময়ত তেওঁৰ বুকুৰ জোখ ৪৮ ইঞ্চি আৰু বাইচেপবোৰৰ জোখ ১৯ ইঞ্চি। তেওঁ বহুতো বডি বিল্ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিছে। [caption id="attachment_125775" align="aligncenter" width="300"] কনিষ্টবল কিশোৰ ডাংগে, মহাৰাষ্ট্ৰ আৰক্ষী[/caption] ৩)কনিষ্টবল কিশোৰ ডাংগে, মহাৰাষ্ট্ৰ আৰক্ষীঃ কিশোৰ ডাংগেই মহাৰাষ্ট্ৰ আৰক্ষীত কনিষ্টবল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক মহাৰাষ্ট্ৰ আৰক্ষীৰ 'আৰ্নল্ড' বুলি কোৱা হয়। তেওঁ এটা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল। আৰক্ষী হোৱাৰ সপোন তেওঁ সৰুৰে পৰা দেখিছিল। ইয়াৰ বাবে তেওঁ খুব কম সুবিধাত কঠোৰ পৰিশ্ৰম কৰিছিল আৰু আৰক্ষীত যোগদান কৰিবলৈ সক্ষম হৈছিল। আৰক্ষী হোৱাৰ পাছতেই কিশোৰ ডাংগেই বডি বিল্ডিঙত মন মেলে আৰু সেই ক্ষেত্ৰখনতো তেওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। [caption id="attachment_125776" align="aligncenter" width="300"] কনিষ্টবল মতিলাল দায়মা,মধ্য প্ৰদেশ আৰক্ষী[/caption] ৪)কনিষ্টবল মতিলাল দায়মা,মধ্য প্ৰদেশ আৰক্ষীঃ মতিলাল দায়মাই মধ্য প্ৰদেশ আৰক্ষীত কনিষ্টবল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ভূপালত নিযুক্তি লাভ কৰিছে। মতিলালে ভিৰ নিয়ন্ত্ৰণ কৰা আৰক্ষী বাহিনীকো প্ৰশিক্ষণ দিয়ে। বহুতো বডি বিল্ডিং প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰি সফলতা পাইছে। অলপতে মতিলাল দায়মা ৰ আঁঠুৰ অস্ত্ৰোপচাৰ হৈছিল, তেওঁ কয়যে কিছুদিনৰ পাছতেই তেওঁ পুনৰ নিজৰ কামলৈ উভতি আহিব। [caption id="attachment_125777" align="aligncenter" width="300"] কনিষ্টবল ৰুবল ধনকাৰ, দিল্লী আৰক্ষী[/caption] ৫)কনিষ্টবল ৰুবল ধনকাৰ, দিল্লী আৰক্ষীঃ ৰুবল ধনকাৰে কনিষ্টবল হিচাপে দিল্লী আৰক্ষীত সেৱা আগবঢ়াই আছে। তেওঁ ছচিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় আৰু তেওঁ এজন ইউটিউবাৰ হিচাপেও নিজৰ নাম জিলিকাই তুলিছে। তেওঁ সদায় মানুহক ফিটনেছৰ বাবে অনুপ্ৰাণিত কৰে আৰু নিজে বহুতো বডি বিল্ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ২০০৯ চনত তেওঁৰ মুখমণ্ডলৰ আধা অংশ পেৰালাইছিছ হৈছিল কিন্তু তেওঁ হাৰ নামানিলে। বহু কষ্ট কৰি বৰ্তমান এই স্থানত উপনীত হৈছেহি ৰুবল ধনকাৰ। আৰু পঢ়কঃ মৰমৰ বোৱাৰী! বৰ পুত্ৰৰ মৃত্যু ঘটাত সৰু পুত্ৰৰ সৈতে বোৱাৰীৰ বিয়া পাতিলে শহুৰৰ ঘৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি