--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা দেখা যায় স্বামীৰ মৃত্যুৰ পাছত পত্নীগৰাকীক স্বামীৰ পৰিয়ালে সেই মৃত্যুৰ বাবে জগৰীয়া কৰে বা স্বামীৰ মৃত্যুৰ পাছত শহুৰৰ পৰিয়ালত নানা হাৰাশাস্তিৰ সন্মুখীন হয় বোৱাৰীগৰাকী। সকলোৰে ক্ষেত্ৰত এনেকুৱা নহয় যদিও মাজে-সময়ে বিধৱা বোৱাৰীৰ দুৰ্বিষহ কাহিনী শুনিবলৈ পোৱা যায়। এনে এক ঘটনা পোহৰলৈ আহিছে য'ত স্বামীৰ মৃত্যুৰ পাছত বোৱাৰীগৰাকীক মৰমেৰে আৱৰি ৰাখিছিল শহুৰৰ পৰিয়ালে। বোৱাৰীগৰাকীৰ উকা জীৱন পুনৰ ৰঙীন কৰি তুলিবলৈ প্ৰচেষ্টা হাতত ল'লে শাহু আৰু শহুৰে। বোৱাৰীগৰাকীৰ নাম বন্দনা সিং। বিবাহৰ কেইমাহ মানৰ পাছতেই কম বয়সত স্বামীক হেৰুৱাইছিল বন্দনাই। স্বামীৰ মৃত্যুৰ পাছত বন্দনা দুখত ভাগি পৰিছিল। পুত্ৰক হেৰুৱাই পিতৃ-মাতৃও শোক সাগৰত ডুবিছিল যদিও বোৱাৰীয়ে যাতে কোনো কাৰণত মনোকষ্ট নাপায় তাৰ প্ৰতিও তেওঁলোকে খেয়াল ৰাখিছিল। পিতৃ-মাতৃহালে নিজৰ সৰু পুত্ৰ শুভম সিঙৰ সৈতে বন্দনাৰ বিয়া পাতি দিয়াৰ কথা ভাবে। এটা সময়ত যাতে বোৱাৰীগৰাকী অকলশৰীয়া নহয় তাৰ বাবে তেওঁলোকে বোৱাৰীৰ পুনৰ বিবাহ হোৱাতো বিচাৰে। অৱশেষত সকলোৰে সন্মতিত বন্দনা আৰু শুভমৰ বিয়াখন ধুমধামেৰে অনুষ্ঠিত হৈ যায়। বোৱাৰীৰ বন্দনাই কয় যে, তেওঁৰ শহুৰৰ পৰিয়ালৰ প্ৰতিজন সদস্য অতি ভাল। ঘৰখনত সকলোৱে তেওঁক নিজৰ জীয়েকৰ দৰে বিবেচনা কৰে। এই ঘৰখনৰ পৰিৱেশ নিজৰ মাতৃগৃহতকৈও ভাল বুলি কয় বন্দনাই। তেওঁ লগতে কয় যে পুনৰ একেখন ঘৰকে শহুৰৰ পৰিয়াল হিচাপে পাই তেওঁ বহুত সুখী। দৰা শুভমে বিয়াখনৰ সন্দৰ্ভত কয় যে ''বন্দনাই মৰম আৰু সন্মানজনক আচৰণেৰে সকলোৰে হৃদয় জয় কৰিছিল। দাদাৰ মৃত্যুৰ পাছত তেওঁ বহুত দুখী আছিল যদিও পৰিয়ালৰ প্ৰতি তেওঁৰ দায়িত্ববোধ আৰু প্ৰেম হ্ৰাস হোৱা নাছিল। গতিকে পিতৃ-মাতৃৰ প্ৰস্তাৱক মানি লৈ মই বন্দনাক পত্নীৰ মৰ্যাদা প্ৰদান কৰিলোঁ।'' বন্দনা আৰু শুভমৰ বৈবাহিক জীৱন সুখৰ হ'বলৈ সকলো লোকই আশীৰ্বাদ দিছে আৰু শুভকামনা জ্ঞাপন কৰিছে। এই ঘটনা উত্তৰ প্ৰদেশৰ বান্দাৰ। আৰু পঢ়কঃ বলীউডৰ হিৰ’ৰো এনে ফিটনেছ নাই;যি ফিটনেছ আছে এই কেইগৰাকী আৰক্ষী বিষয়াৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি