--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা দেখা যায় স্বামীৰ মৃত্যুৰ পাছত পত্নীগৰাকীক স্বামীৰ পৰিয়ালে সেই মৃত্যুৰ বাবে জগৰীয়া কৰে বা স্বামীৰ মৃত্যুৰ পাছত শহুৰৰ পৰিয়ালত নানা হাৰাশাস্তিৰ সন্মুখীন হয় বোৱাৰীগৰাকী। সকলোৰে ক্ষেত্ৰত এনেকুৱা নহয় যদিও মাজে-সময়ে বিধৱা বোৱাৰীৰ দুৰ্বিষহ কাহিনী শুনিবলৈ পোৱা যায়। এনে এক ঘটনা পোহৰলৈ আহিছে য'ত স্বামীৰ মৃত্যুৰ পাছত বোৱাৰীগৰাকীক মৰমেৰে আৱৰি ৰাখিছিল শহুৰৰ পৰিয়ালে। বোৱাৰীগৰাকীৰ উকা জীৱন পুনৰ ৰঙীন কৰি তুলিবলৈ প্ৰচেষ্টা হাতত ল'লে শাহু আৰু শহুৰে। বোৱাৰীগৰাকীৰ নাম বন্দনা সিং। বিবাহৰ কেইমাহ মানৰ পাছতেই কম বয়সত স্বামীক হেৰুৱাইছিল বন্দনাই। স্বামীৰ মৃত্যুৰ পাছত বন্দনা দুখত ভাগি পৰিছিল। পুত্ৰক হেৰুৱাই পিতৃ-মাতৃও শোক সাগৰত ডুবিছিল যদিও বোৱাৰীয়ে যাতে কোনো কাৰণত মনোকষ্ট নাপায় তাৰ প্ৰতিও তেওঁলোকে খেয়াল ৰাখিছিল। পিতৃ-মাতৃহালে নিজৰ সৰু পুত্ৰ শুভম সিঙৰ সৈতে বন্দনাৰ বিয়া পাতি দিয়াৰ কথা ভাবে। এটা সময়ত যাতে বোৱাৰীগৰাকী অকলশৰীয়া নহয় তাৰ বাবে তেওঁলোকে বোৱাৰীৰ পুনৰ বিবাহ হোৱাতো বিচাৰে। অৱশেষত সকলোৰে সন্মতিত বন্দনা আৰু শুভমৰ বিয়াখন ধুমধামেৰে অনুষ্ঠিত হৈ যায়। বোৱাৰীৰ বন্দনাই কয় যে, তেওঁৰ শহুৰৰ পৰিয়ালৰ প্ৰতিজন সদস্য অতি ভাল। ঘৰখনত সকলোৱে তেওঁক নিজৰ জীয়েকৰ দৰে বিবেচনা কৰে। এই ঘৰখনৰ পৰিৱেশ নিজৰ মাতৃগৃহতকৈও ভাল বুলি কয় বন্দনাই। তেওঁ লগতে কয় যে পুনৰ একেখন ঘৰকে শহুৰৰ পৰিয়াল হিচাপে পাই তেওঁ বহুত সুখী। দৰা শুভমে বিয়াখনৰ সন্দৰ্ভত কয় যে ''বন্দনাই মৰম আৰু সন্মানজনক আচৰণেৰে সকলোৰে হৃদয় জয় কৰিছিল। দাদাৰ মৃত্যুৰ পাছত তেওঁ বহুত দুখী আছিল যদিও পৰিয়ালৰ প্ৰতি তেওঁৰ দায়িত্ববোধ আৰু প্ৰেম হ্ৰাস হোৱা নাছিল। গতিকে পিতৃ-মাতৃৰ প্ৰস্তাৱক মানি লৈ মই বন্দনাক পত্নীৰ মৰ্যাদা প্ৰদান কৰিলোঁ।'' বন্দনা আৰু শুভমৰ বৈবাহিক জীৱন সুখৰ হ'বলৈ সকলো লোকই আশীৰ্বাদ দিছে আৰু শুভকামনা জ্ঞাপন কৰিছে। এই ঘটনা উত্তৰ প্ৰদেশৰ বান্দাৰ। আৰু পঢ়কঃ বলীউডৰ হিৰ’ৰো এনে ফিটনেছ নাই;যি ফিটনেছ আছে এই কেইগৰাকী আৰক্ষী বিষয়াৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক