--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ লগতে বিগত দুই-তিনিদিনত দিল্লীতো হ্ৰাস পাইছে ক'ভিডৰ প্ৰকোপ৷ বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য কৰিয়ে দিল্লীত সপ্তাহান্তিক লকডাউন উঠাই লোৱা হৈছে বুলি আজি ঘোষণা কৰে৷ লগতে যুগ্ম-অযুগ্ম সংখ্যাৰ বাধাসমূহ আতঁৰোৱাৰ লগতে ৰেষ্টুৰেণ্ট আৰু চিনেমা হলসমূহত ৫০শতাংশৰ অনুমতি প্ৰদান কৰে৷ ৰাজ্যখনত ক'ভিড সংক্ৰমণ পূৰ্বৰ তুলনাত হ্ৰাস পোৱাৰ বাবেই এই সিদ্ধান্ত চৰকাৰৰ৷ অৱশ্যে বিদ্যালয় পুনৰ আৰম্ভ হোৱাৰ ক্ষেত্ৰত লোৱা নাই কোনো সিদ্ধান্ত। দিল্লী চৰকাৰ আৰু ৰাজ্যখনৰ ৰাজ্যপাল অনিল বৈজালৰ মাজত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ৰাজ্যখনত দোকানবোৰ প্ৰতিদিনে খুলিবলৈ অনুমতি দিয়াৰ লগতে বিয়াত অতিথিৰ সংখ্যা ৫০ ৰ পৰা ২০০ লৈ বৃদ্ধি কৰা হৈছে। নৈশ সান্ধ্য আইন নিশা ১০ বজাৰ পৰা পুৱা ৫বজালৈ বাহাল থাকিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জাইনে কৈছে যে চহৰখনৰ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু ইতিবাচকতাৰ হাৰ ১০ শতাংশৰ তলত আছে। আজিৰ দিনটোত ৫,০০০ ক'ভিড পজিটিভ ধৰা পৰিছে দিল্লীত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি