--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ৰাখী সাৱন্তে নিজৰ বক্তব্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে।  এতিয়া পুনৰ এটা বক্তব্যৰ বাবে সংবাদ মাধ্যমৰ শিৰোনামত আছে ৰাখী সাৱন্ত।  তেওঁ ছলমান খানৰ নিৰাপত্তা সন্দৰ্ভত এই বক্তব্য দিছে।  আচলতে ছলমান খানৰ জীৱনৰ নিৰাপত্তাক লৈ ৰাখী সাৱন্ত ইমানেই চিন্তিত যে তেওঁ নিজেই আগবাঢ়ি আহি ডাবাং খানক ৰক্ষা কৰিবলৈ সাজু হৈছে।  আনকি ইয়াৰ বাবে ৰাখী ছলমান খানৰ বডীগাৰ্ড হিচাপে থাকিবলৈও সাজু হৈছে।  শেহতীয়াকৈ এক বাৰ্তালাপৰ সময়ত নিজেই এই কথা কৈছে ৰাখী সাৱন্তে।


ৰাখী সাৱন্তই ছলমান খানক নিজৰ ভাতৃ বুলি গণ্য কৰে।  ছলমান খানৰ লগত তেওঁৰ বহুত ভাল সম্পৰ্ক আছে।  বহু সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত ৰাখীয়ে এই কথা কৈছে।  শেহতীয়াকৈ ছলমান খানে বন্দুকৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।  ছলমান খানে মৃত্যুৰ ভাবুকি লাভ কৰাৰ পিছতে তেওঁক নিজৰ সুৰক্ষাৰ বাবে এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে।  ৰাখী সাৱন্তই এই সন্দৰ্ভত কয় যে ছলমান খানে বন্দুকৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ তেওঁ ভগৱানৰ ওচৰত দিনে-ৰাতিয়ে প্ৰাৰ্থনা কৰিছিল।  ৰাখীয়ে লগতে কয় যে প্ৰয়োজন হ’লে মই ছলমান খানৰ দেহৰক্ষী হ’ম।

 উল্লেখ্য যে যেতিয়াই ৰাখী সাৱন্তে সুযোগ পায় তেতিয়াই তেওঁ ছলমান খানক বহুত প্ৰশংসা কৰে।  ছালমান খানেও প্ৰয়োজনৰ সময়ত ৰাখী সাৱন্তক বহুখিনি সহায় কৰিছে।  আনকি ৰাখী সাৱন্তৰ মাতৃৰ চিকিৎসাৰ সময়তো ছলমানে তেওঁক বহুত সহায় কৰিছিল।  হয়তো এই কাৰণেই এতিয়া ৰাখী সাৱন্তে ছলমান খানৰ সকলো বিপদ নিজৰ ওপৰত ল’বলৈ সাজু হৈছে। 

 ছলমান খানে বন্দুকৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পাছতেই ৰাখীয়ে কয় যে, "এই কথাত মই বৰ সুখী।   মই হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰিছিলোঁ ছলমান ভায়ে বন্দুকৰ অনুজ্ঞাপত্ৰ পাবলৈ।  মই বহুত সুখী আৰু ক'ব খুজিছোঁ যে ছলমান ছাৰ, আপুনি টেনচন নল'ব, আপোনাৰ একো নহয়।  গোটেই দেশৰ প্ৰাৰ্থনা আপোনাৰ লগত আছে।  আপোনাৰ বাবে আমি দিনে-ৰাতিয়ে প্ৰাৰ্থনা কৰো।  ৰাখী সাৱন্তই লগতে কয়, "প্ৰয়োজন হ’লে মই ছলমান খানৰ বডীগাৰ্ড হ’বলৈ সাজু।  যদি মই শত্ৰুৰ সন্মুখৰে খোজ কাঢ়ি যাওঁ আৰু কোনোবাই যদি গুলীচালনা কৰে তেন্তে সেই গুলীয়ে মোৰ ছল্লু ভাইক নহয়, মোক আঘাত কৰিব।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু