--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ৰাখী সাৱন্তে নিজৰ বক্তব্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে।  এতিয়া পুনৰ এটা বক্তব্যৰ বাবে সংবাদ মাধ্যমৰ শিৰোনামত আছে ৰাখী সাৱন্ত।  তেওঁ ছলমান খানৰ নিৰাপত্তা সন্দৰ্ভত এই বক্তব্য দিছে।  আচলতে ছলমান খানৰ জীৱনৰ নিৰাপত্তাক লৈ ৰাখী সাৱন্ত ইমানেই চিন্তিত যে তেওঁ নিজেই আগবাঢ়ি আহি ডাবাং খানক ৰক্ষা কৰিবলৈ সাজু হৈছে।  আনকি ইয়াৰ বাবে ৰাখী ছলমান খানৰ বডীগাৰ্ড হিচাপে থাকিবলৈও সাজু হৈছে।  শেহতীয়াকৈ এক বাৰ্তালাপৰ সময়ত নিজেই এই কথা কৈছে ৰাখী সাৱন্তে।


ৰাখী সাৱন্তই ছলমান খানক নিজৰ ভাতৃ বুলি গণ্য কৰে।  ছলমান খানৰ লগত তেওঁৰ বহুত ভাল সম্পৰ্ক আছে।  বহু সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত ৰাখীয়ে এই কথা কৈছে।  শেহতীয়াকৈ ছলমান খানে বন্দুকৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।  ছলমান খানে মৃত্যুৰ ভাবুকি লাভ কৰাৰ পিছতে তেওঁক নিজৰ সুৰক্ষাৰ বাবে এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে।  ৰাখী সাৱন্তই এই সন্দৰ্ভত কয় যে ছলমান খানে বন্দুকৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ তেওঁ ভগৱানৰ ওচৰত দিনে-ৰাতিয়ে প্ৰাৰ্থনা কৰিছিল।  ৰাখীয়ে লগতে কয় যে প্ৰয়োজন হ’লে মই ছলমান খানৰ দেহৰক্ষী হ’ম।

 উল্লেখ্য যে যেতিয়াই ৰাখী সাৱন্তে সুযোগ পায় তেতিয়াই তেওঁ ছলমান খানক বহুত প্ৰশংসা কৰে।  ছালমান খানেও প্ৰয়োজনৰ সময়ত ৰাখী সাৱন্তক বহুখিনি সহায় কৰিছে।  আনকি ৰাখী সাৱন্তৰ মাতৃৰ চিকিৎসাৰ সময়তো ছলমানে তেওঁক বহুত সহায় কৰিছিল।  হয়তো এই কাৰণেই এতিয়া ৰাখী সাৱন্তে ছলমান খানৰ সকলো বিপদ নিজৰ ওপৰত ল’বলৈ সাজু হৈছে। 

 ছলমান খানে বন্দুকৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পাছতেই ৰাখীয়ে কয় যে, "এই কথাত মই বৰ সুখী।   মই হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰিছিলোঁ ছলমান ভায়ে বন্দুকৰ অনুজ্ঞাপত্ৰ পাবলৈ।  মই বহুত সুখী আৰু ক'ব খুজিছোঁ যে ছলমান ছাৰ, আপুনি টেনচন নল'ব, আপোনাৰ একো নহয়।  গোটেই দেশৰ প্ৰাৰ্থনা আপোনাৰ লগত আছে।  আপোনাৰ বাবে আমি দিনে-ৰাতিয়ে প্ৰাৰ্থনা কৰো।  ৰাখী সাৱন্তই লগতে কয়, "প্ৰয়োজন হ’লে মই ছলমান খানৰ বডীগাৰ্ড হ’বলৈ সাজু।  যদি মই শত্ৰুৰ সন্মুখৰে খোজ কাঢ়ি যাওঁ আৰু কোনোবাই যদি গুলীচালনা কৰে তেন্তে সেই গুলীয়ে মোৰ ছল্লু ভাইক নহয়, মোক আঘাত কৰিব।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ