--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এতিয়া যেন চলি আছে বিয়াৰ বতৰ। শেহতীয়াকৈ ৰিচা চাদ্ধা আৰু আলী ফজলৰ বিবাহ হৈ গৈছে আৰু এতিয়া সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহৰ খবৰে সংবাদ শিৰোনাম দখল কৰিছে। অহা বহাগত বিবাহপাশত আৱদ্ধ হ’ব সিদ্ধাৰ্থ আৰু কিয়াৰা। এতিয়া খবৰ বিয়পি পৰিছে যে ৰাকুলপ্ৰীত সিং আৰু জেকী ভগনানীয়ে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে।

২০২৩ চনত দুয়ো সাত ফেৰে ল’ব বুলি জানিব পৰা গৈছে। ৰাকুলপ্ৰীত সিং আৰু জেকী ভগনানীক প্ৰায়ে একেলগে দেখা যায়। দুয়ো ভিন্ন স্থানলৈ একেলগে যায় আৰু একেলগে জন্মদিনো উদযাপন কৰে। দুয়োৰে সম্পৰ্কক কেতিয়া বিবাহৰ নাম দিব সেই বিষয়ে জানিবলৈ অনুৰাগীসকল আগ্ৰহী হৈ পৰিছে। বিবাহ সন্দৰ্ভত চৰ্চাৰ বজাৰ গৰম হোৱাৰ পাছতে অভিনেত্ৰীগৰাকীৰ ভাতৃয়ে কিছু কথা প্ৰকাশ কৰিছে।

ৰাকুলৰ ভাতৃ আমানে জনাইছে যে ''ৰাকুলে জেকীৰ সৈতে কিছুমান প্ৰজেক্টত কাম কৰিছে। দুয়োজনে ইজনে সিজনক বহুত ভাল পায় আৰু বিয়া পাতিব বিচাৰে। এই মুহূৰ্তত বিয়াৰ কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই যদিও এনেকুৱা কিবা এটা ঠিক হ’লে ৰাকুলে নিজেই সকলোকে ক’ব। বৰ্তমান জেকীৰ ডাঙৰ ডাঙৰ প্ৰজেক্ট কিছুমান আছে আৰু ৰাকুলো ব্যস্ত হৈ আছে, সেয়ে দুয়োজনে ভালদৰে বিবেচনা কৰি বিয়াৰ সিদ্ধান্ত ল’ব। ৰাকুলে নিজৰ এই সুখৰ খবৰ নিশ্চয় সকলোকে জনাব।''

ৰাকুলৰ ভাতৃয়ে এই প্ৰেমৰ সম্পৰ্কৰ নিশ্চয়তা দিয়াৰ পাছত এতিয়া দুয়োৰে বিয়াখন সোনকালে হওক বুলি বাট চাইছে অনুৰাগীসকলে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?