--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এতিয়া যেন চলি আছে বিয়াৰ বতৰ। শেহতীয়াকৈ ৰিচা চাদ্ধা আৰু আলী ফজলৰ বিবাহ হৈ গৈছে আৰু এতিয়া সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহৰ খবৰে সংবাদ শিৰোনাম দখল কৰিছে। অহা বহাগত বিবাহপাশত আৱদ্ধ হ’ব সিদ্ধাৰ্থ আৰু কিয়াৰা। এতিয়া খবৰ বিয়পি পৰিছে যে ৰাকুলপ্ৰীত সিং আৰু জেকী ভগনানীয়ে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে।

২০২৩ চনত দুয়ো সাত ফেৰে ল’ব বুলি জানিব পৰা গৈছে। ৰাকুলপ্ৰীত সিং আৰু জেকী ভগনানীক প্ৰায়ে একেলগে দেখা যায়। দুয়ো ভিন্ন স্থানলৈ একেলগে যায় আৰু একেলগে জন্মদিনো উদযাপন কৰে। দুয়োৰে সম্পৰ্কক কেতিয়া বিবাহৰ নাম দিব সেই বিষয়ে জানিবলৈ অনুৰাগীসকল আগ্ৰহী হৈ পৰিছে। বিবাহ সন্দৰ্ভত চৰ্চাৰ বজাৰ গৰম হোৱাৰ পাছতে অভিনেত্ৰীগৰাকীৰ ভাতৃয়ে কিছু কথা প্ৰকাশ কৰিছে।

ৰাকুলৰ ভাতৃ আমানে জনাইছে যে ''ৰাকুলে জেকীৰ সৈতে কিছুমান প্ৰজেক্টত কাম কৰিছে। দুয়োজনে ইজনে সিজনক বহুত ভাল পায় আৰু বিয়া পাতিব বিচাৰে। এই মুহূৰ্তত বিয়াৰ কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই যদিও এনেকুৱা কিবা এটা ঠিক হ’লে ৰাকুলে নিজেই সকলোকে ক’ব। বৰ্তমান জেকীৰ ডাঙৰ ডাঙৰ প্ৰজেক্ট কিছুমান আছে আৰু ৰাকুলো ব্যস্ত হৈ আছে, সেয়ে দুয়োজনে ভালদৰে বিবেচনা কৰি বিয়াৰ সিদ্ধান্ত ল’ব। ৰাকুলে নিজৰ এই সুখৰ খবৰ নিশ্চয় সকলোকে জনাব।''

ৰাকুলৰ ভাতৃয়ে এই প্ৰেমৰ সম্পৰ্কৰ নিশ্চয়তা দিয়াৰ পাছত এতিয়া দুয়োৰে বিয়াখন সোনকালে হওক বুলি বাট চাইছে অনুৰাগীসকলে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি