--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ বলীউডত প্ৰথম খোজ দিলে । নেটফ্লিক্সৰ ছবি মহাৰাজত তেওঁক মুখ্য চৰিত্ৰত দেখা গৈছিল। এই ছবিখনক লৈ ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা হৈছিল। এতিয়া শেহতীয়াকৈ জুনেইদ খানে এই ছবিখনৰ বিষয়ে আৰু লগতে ইয়াৰ অডিচনৰ বিষয়ে সংবাদ মাধ্যমৰ সৈতে প্ৰকাশ কৰে ৷


এটি অনুষ্ঠানত জুনেইদ খানে লাল সিং চাদ্দাৰ অডিচন সন্দৰ্ভত কয়, ‘কেতিয়াবা কিছুমান ছবিত মই সুযোগ পালে কৰোঁ ৷এইটো সঁচা যে মহাৰাজৰ কিছুদিন পূৰ্বে মই অডিচন দিছিলোঁ। সেই সময়ত একো নহ’ল । দেউতাই লাল সিং চাদ্দাৰ অডিচনৰ কথা কৈছিল, গতিকে মই হ’ব বুলি কলো। মই যেতিয়া অডিচন দিলো তেতিয়া দেউতাই বহুত ভাল পাইছিল কিন্তু বিষয়টো আছিল বেলেগ ৷ প্ৰযোজকৰ মত আছিল যে নতুন অভিনেতাৰ সৈতে সেই ছবিখন বনাব নোৱাৰিব। সেইবাবেই সেই ছবিখন কৰাৰ সুযোগ নাপালোঁ। ,

তেওঁ কয়, ‘কিন্তু মই স্বীকাৰ কৰিম যে মই যদি আমিৰ খানৰ পুত্ৰ নহ’লোহেঁতেন তেন্তে মই হয়তো মহাৰাজ নাপালোঁহেঁতেন।’

মহাৰাজ ছবিখনৰ কথা ক’বলৈ গ’লে সিদ্ধাৰ্থ পি মালহোত্ৰাৰ পৰিচালনা আৰু ৱাইআৰএফ এণ্টাৰটেইনমেণ্টৰ প্ৰযোজক। জয়দীপ আহলাৱত, শালিনী পাণ্ডে আৰু শাৰৱৰী ৱাগে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ গীতৰ বিষয়েও বহু চৰ্চিত। ছবিখনকলৈও বহু বিতৰ্কৰ সৃষ্টি হৈছিল।

এতিয়া অভিনেত্ৰী ছাই পল্লৱীৰ সৈতে এখন নতুন ছবিত দেখা যাব জুনেইদক। ছবিখনৰ আংশিক শিৰোনাম হৈছে ‘এক দিন’। এই ছবিখন দুটা ছিজনত মুক্তি পাব। এপ্ৰিল মাহত ছবিখনৰ প্ৰথম খণ্ড সম্পূৰ্ণ হৈছে। জুনেইদ আৰু ছাইৰ ৰোমাঞ্চ ছবিখনত দেখা যাব। ছবিখনৰ আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু