--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ভাইজান ছলমান খান। শেহতীয়াকৈ সঘনাই মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে ভাইোনে। তেওঁৰ ব্যক্তিগত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। তেওঁৰ ঘৰৰ সন্মুখত অনুৰাগীৰ সমাৱেশতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সকলোবোৰৰ মাজতে ছলমানৰ ঘৰটোক লৈ নতুন কৌতুহলৰ সৃষ্টি হৈছে। কাষ্টিং ডাইৰেক্টৰ মুকেশ ছাব্ৰাই শেহতীয়াকৈ প্ৰকাশ কৰিছে যে ছলমানৰ জীৱন কিমান সহজ আৰু সাধাৰণ।

অনুৰাগীয়ে জানে যে অভিনেতাগৰাকীয়ে বিলাসী এপাৰ্টমেণ্টত থাকে। কিন্তু তেওঁৰ সাধাৰণ জীৱনশৈলীৰ বিষয়ে বহুতে নাজানে। মুকেশে কয় যে ছলমানে এটা ৱান bhk এপাৰ্টমেণ্টত থাকে। মাত্ৰ এখন চোফা, মাত্ৰ এখন ডাইনিং টেবুল, আৰু সৰু চুকত বহিব পৰা ঠাই। মিনি জিম আৰু অভিনেতাৰ শোৱা কোঠা।

তেওঁ জনায়- ছলমানে অকাৰণতে দামী বস্তু কিনি ধন অপচয় নকৰে। খাদ্যৰ ক্ষেত্ৰতো অত্যধিক খৰচ নকৰে। মুকেশৰ ভাষাত ক'বলৈ গ'লে, "মই যোৱা পোন্ধৰ বছৰ ধৰি ছলমানক চিনি পাওঁ, আৰু মই কোনো পৰিৱৰ্তন লক্ষ্য কৰা নাই।"

মুকেশে অভিনেতাগৰাকীয়ে মানুহৰ সৈতে থিয় দিয়াৰ পদক্ষেপক প্ৰশংসা কৰে। মুকেশে অনুভৱ কৰে যে কেতিয়াবা তেওঁৰ সততাৰ ভুল ব্যাখ্যা কৰা হয়। মুকেশৰ ভাষাত "এইটোৱেই অসুবিধা। কোনোবাই যেতিয়া সঁচা কথা কয়, মানুহে সেইটো ভুল বুলি ব্যাখ্যা কৰে।''

ছলমানে বন্ধুৰ কাষত থিয় হোৱাৰ একাধিক দৃষ্টান্ত আছে। শ্বাহৰুখ খানৰ কঠিন সময়ৰ কাষত আছিল ছলমান। ছলমানে আন বহুতৰে কঠিন সময়ত তেওঁলোকৰ কাষত থিয় দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। বহু শিল্পীৰ আৰ্থিক সংকটৰ সময়ত ছলমানে কাষত থিয় দিছে।

কিন্তু শেহতীয়াকৈ অপৰাধ জগতৰ কেইবাজনো অপৰাধীৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰি সম্প্ৰতি আতংকিত হৈ পৰিছে অভিনেতাগৰাকী। বান্দ্ৰাস্থিত তেওঁৰ বাসগৃহৰ আশে-পাশে নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক