--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ভাইজান ছলমান খান। শেহতীয়াকৈ সঘনাই মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে ভাইোনে। তেওঁৰ ব্যক্তিগত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। তেওঁৰ ঘৰৰ সন্মুখত অনুৰাগীৰ সমাৱেশতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সকলোবোৰৰ মাজতে ছলমানৰ ঘৰটোক লৈ নতুন কৌতুহলৰ সৃষ্টি হৈছে। কাষ্টিং ডাইৰেক্টৰ মুকেশ ছাব্ৰাই শেহতীয়াকৈ প্ৰকাশ কৰিছে যে ছলমানৰ জীৱন কিমান সহজ আৰু সাধাৰণ।

অনুৰাগীয়ে জানে যে অভিনেতাগৰাকীয়ে বিলাসী এপাৰ্টমেণ্টত থাকে। কিন্তু তেওঁৰ সাধাৰণ জীৱনশৈলীৰ বিষয়ে বহুতে নাজানে। মুকেশে কয় যে ছলমানে এটা ৱান bhk এপাৰ্টমেণ্টত থাকে। মাত্ৰ এখন চোফা, মাত্ৰ এখন ডাইনিং টেবুল, আৰু সৰু চুকত বহিব পৰা ঠাই। মিনি জিম আৰু অভিনেতাৰ শোৱা কোঠা।

তেওঁ জনায়- ছলমানে অকাৰণতে দামী বস্তু কিনি ধন অপচয় নকৰে। খাদ্যৰ ক্ষেত্ৰতো অত্যধিক খৰচ নকৰে। মুকেশৰ ভাষাত ক'বলৈ গ'লে, "মই যোৱা পোন্ধৰ বছৰ ধৰি ছলমানক চিনি পাওঁ, আৰু মই কোনো পৰিৱৰ্তন লক্ষ্য কৰা নাই।"

মুকেশে অভিনেতাগৰাকীয়ে মানুহৰ সৈতে থিয় দিয়াৰ পদক্ষেপক প্ৰশংসা কৰে। মুকেশে অনুভৱ কৰে যে কেতিয়াবা তেওঁৰ সততাৰ ভুল ব্যাখ্যা কৰা হয়। মুকেশৰ ভাষাত "এইটোৱেই অসুবিধা। কোনোবাই যেতিয়া সঁচা কথা কয়, মানুহে সেইটো ভুল বুলি ব্যাখ্যা কৰে।''

ছলমানে বন্ধুৰ কাষত থিয় হোৱাৰ একাধিক দৃষ্টান্ত আছে। শ্বাহৰুখ খানৰ কঠিন সময়ৰ কাষত আছিল ছলমান। ছলমানে আন বহুতৰে কঠিন সময়ত তেওঁলোকৰ কাষত থিয় দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। বহু শিল্পীৰ আৰ্থিক সংকটৰ সময়ত ছলমানে কাষত থিয় দিছে।

কিন্তু শেহতীয়াকৈ অপৰাধ জগতৰ কেইবাজনো অপৰাধীৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰি সম্প্ৰতি আতংকিত হৈ পৰিছে অভিনেতাগৰাকী। বান্দ্ৰাস্থিত তেওঁৰ বাসগৃহৰ আশে-পাশে নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান